• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ফুটুকাৰ ফেনত পৰিণত গুণোৎসৱ; প্ৰথম বৰ্ষৰ ফলাফলৰ ভিত্তিত নহ’ল ব্যৱস্থা; ফলাফল নাই দ্বিতীয় বৰ্ষৰ

২০১৮ বৰ্ষৰ বৃত্তি পৰীক্ষাও হৈ গ'ল; ২০১৭ চনৰে বৃত্তি পৰীক্ষাৰ ফলাফল দিব পৰা নাই ব্যৰ্থ শিক্ষা বিভাগে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 27, 2019 4:45 pm
gunotsab
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপি শাসনাধীন ৰাজ্য চৰকাৰে ৰাজ্যৰ বিভিন্ন বিভাগত সৰ্বতোপ্ৰকাৰৰ উন্নয়ন হোৱা বুলি ভাষণৰ ফুলজাৰি মাৰিলেও শিক্ষা বিভাগটোৱেই এই কথাৰ অন্তঃসাৰহীনতা প্ৰমাণ কৰি আছে।

যোৱা জানুৱাৰিত ২০১৮ বৰ্ষৰো বৃত্তি পৰীক্ষা হৈ গ’ল, অথচ বিভাগটোৱে ২০১৭ চনৰে বৃত্তি পৰীক্ষাৰ ফলাফল এতিয়ালৈকে দিব নোৱাৰিলে।

Apply Now

ইপিনে ‘চমক সৃষ্টিকাৰী’ গুণোৎসৱত ‘এ প্লাছ’ লাভ কৰা বিদ্যালয়সমূহক ২৫ হাজাৰ টকাকৈ সাহায্য দিয়াৰ কথা আছিল যদিও সেয়া সম্পূৰ্ণকৈ কাৰ্যকৰী নহ’ল। এজনীয়া শিক্ষকৰ বিদ্যালয় চিনাক্ত কৰি সেইমতে ব্যৱস্থা লোৱাৰ কথা আছিল যদিও সেয়াও কৰা নহ’ল। বৰং এজনীয়া শিক্ষকৰ বিদ্যালয় বৃদ্ধি পোৱাৰহে তথ্য পোৱা গৈছে।

যোৱা বৰ্ষৰ অক্টোবৰ-নৱেম্বৰ মাহত অনুষ্ঠিত দ্বিতীয় বৰ্ষৰ গুণোৎসৱৰ ফলাফল তিনিমাহ অতিক্ৰম কৰাৰ পাছতো আনুষ্ঠানিকভাৱে দিয়া নাই চৰকাৰে। বিভাগৰ যি ৱেবছাইট তাত প্ৰথম বৰ্ষৰ গুণৎসৱৰ ফলাফলহে ঘোষণা কৰা আছে। এই কথা জানিবলৈ দিয়ে প্ৰাথমিক শিক্ষক সন্মিলনী, অসমৰ সাধাৰণ সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে।

আনহাতে বিদ্যালয়বোৰ সংযুক্তকৰণ (amalgamation) ফলত সৃষ্টি হোৱা সমস্যা সমাধানতো বিভাগটো ব্যৰ্থ হৈছে। amalgamation ৰ ফলত বহুতো প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক উচিত প্ৰাপ্যৰ পৰা বঞ্চিত হ’ল।

শিক্ষাবিভাগৰ এনে কৰ্ম-কাণ্ড দেখি অতিষ্ঠ হৈ পৰিছে প্ৰাথমিক শিক্ষক সন্মিলনী অসম।

নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত প্ৰাথমিক শিক্ষক সন্মিলনী অসমৰ সাধাৰণ সম্পাদকগৰাকীয়ে কয়, “গুণোৎসৱৰ নামত এই চৰকাৰে কোনো ধন মোকলাই দিয়া নাই। শিক্ষা বিভাগৰ সমগ্ৰ বিষয়টো পৰিচালনা কৰাত ভুল হৈ আছে।“

ইপিনে, চৰকাৰে ততাতৈয়াকৈ সিদ্ধান্ত লোৱা বাবে শিক্ষা বিভাগটোৱে ঘোষণা কৰা প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ হোৱা বুলি তেওঁ মন্তব্য কৰে।

“চৰকাৰে পাতিব লাগে বাবেই ধুম-ধাম গুণোৎসৱ পাতি ল’লে। পূৰ্ণ প্ৰস্তুতি নোহোৱা বাবে এনেবোৰ ঘটনা হৈছে।“ গোস্বামীয়ে এইদৰে আমাৰ আগত কয়।

ইয়াৰোপৰি, দুটা বছৰে শিক্ষা বিভাগটোৱে পঞ্চম শ্ৰেণী আৰু অষ্টম শ্ৰেণীত বৃত্তি পৰীক্ষা অনুষ্ঠিত কৰি বৰ্তমানলৈকে ফলাফল দিব নোৱৰাটোৱে শিক্ষা মন্ত্ৰীৰ বিফলতা উদঙাই দিয়ে বুলি মন্তব্য কৰে গোস্বামীয়ে।

“শিক্ষা মন্ত্ৰী সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে, তেওঁ নিজৰ বিভাগটো সু-কলমে চলাব পৰা নাই। বৃত্তি পৰীক্ষাৰ ফলাফল, গুণোৎসৱকে ধৰি সকলোবোৰ সমস্যাক কেন্দ্ৰ কৰি ২০১৮ চনৰ ১৯ জুনত শিক্ষা মন্ত্ৰীৰ সৈতে আলোচনা হৈছিল। তেওঁ এই সমস্যাসমূহ সমাধান কৰিবৰ বাবে ৪৫ দিন সময় লৈছিল”, প্ৰাথমিক শিক্ষক সন্মিলনীৰ বিষয়ববীয়াজনে কয়।

তাৎপৰ্যপূৰ্ণভাৱে, ৪৫ দিন বাদেই, বছৰটোৰ অন্ত পৰাৰ পাছতো শিক্ষা মন্ত্ৰীয়ে এই সমস্যাসমূহ সমাধানৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰা বুলি গুৰুতৰ অভিযোগ তোলে।

ইফালে, শিক্ষা বিভাগৰ এই গুৰুত্বহীনতাৰ প্ৰতিবাদত ২৭ ফেব্ৰুৱাৰিৰ পৰা ৰাজ্যৰ সমূহ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলে সকলো কাৰ্য্যালয়কেন্দ্ৰিক কাম-কাজ অনিৰ্দিষ্টকাললৈ স্থগিত ৰাখিব বুলি তেওঁ আমাক জানিবলৈ দিয়ে।

আনহাতে, ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ এই দুটা গুৰুত্বপূৰ্ণ কথা সন্দৰ্ভত আমি কথা পাতিছিলো শিক্ষা বিভাগৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়াৰ সৈতে। কিন্তু তেওঁ এই সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰাৰ পৰা বিৰত থাকিল।

তেওঁ কয় ‘এই সন্দৰ্ভত মই একেষাৰে একো ক’ব নোৱাৰিম।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd