DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, January 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বোকাখাতত ক’ভিড নিয়ন্ত্ৰণৰ বাবে সেনাৰ ফ্লেগ মাৰ্চৰ ভুৱা প্ৰচাৰ : আৰক্ষীৰ কটকটীয়া তহলৰহে ব্যৱস্থা

উত্তম শইকীয়া by উত্তম শইকীয়া
July 10, 2021 6:36 pm
bok
312
VIEWS
Share on FacebookShare on Twitter

মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাদেৱৰ নির্দেশ মর্মে ক’ভিড পৰিস্থিতিৰ বুজ ল’বলৈ তিনিদিনীয়া ভ্রমণ সূচীৰে গোলাঘাট জিলালৈ অহা অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য তথা পৰিবহন আদি বিভাগৰ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে শনিবাৰে বোকাখাতত মহকুমাটোৰ ক’ভিড পৰিস্থিতি সন্দৰ্ভত এখনি পৰ্যালোচনা সভা অনুষ্ঠিত কৰে ।

এই সভাতে বোকাখাত মহকুমাত চি আৰ পি এফৰ সহযোগিতাত ‘ফ্লেগ মাৰ্চ’ কৰিবৰ বাবে আৰক্ষীক নিৰ্দেশ দিয়ে ৷
যাৰ তাৎক্ষনিক প্ৰতিক্ৰিয়া হিচাবে বোকাখাত আৰক্ষীৰ অধীক্ষকৰ নেতৃত্বত চি আৰ পি এফ আৰু আৰক্ষীৰ এটা দলে বোকাখাত নগৰত তহল দিয়ে ৷

মন্ত্ৰী গৰাকীয়ে সাংবাদিকক বোকাখাতত আজিৰে পৰা ‘ফ্লেগ মাৰ্চ’ কৰা হ’ব বুলি কৰা মন্তব্যক একাংশ সংবাদ মাধ্যমে ‘সেনাৰ ফ্লেগ মাৰ্চ’ বুলি অনৰ্থক প্ৰচাৰ কৰাত ৰাজ্যজুৰি যথেষ্ট প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে ৷

বোকাখাতৰ মহকুমাধিপতি কাৰ্য্যালয়ৰ সভাকক্ষত শনিবাৰে আয়োজিত এই পৰ্যালোচনা সভাত কৃষিমন্ত্রী তথা বোকাখাত বিধানসভা সমষ্টিৰ বিধায়ক অতুল বৰা, স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অনুৰাগ গোয়েল, গোলাঘাট জিলাৰ নৱনিযুক্ত উপায়ুক্ত মৃগেশ নাৰায়ন বৰুৱা, আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰ, মহকুমাধিপতি বিপুল দাস, মহকুমা আৰক্ষী বিষয়া অনিতা হাজৰিকাৰ লগতে মহকুমা প্ৰশাসন, স্বাস্থ্য বিভাগ, জনস্বাস্থ্য-কাৰিকৰী বিভাগ, খণ্ড-উন্নয়ন বিভাগ তথা পৰিবহন বিভাগৰ উচ্চ পদস্থ বিষয়া প্ৰমুখ্যে বিজেপি আৰু অগপ দলৰ বিষয়ববীয়া উপস্থিত থাকে ।

সভাত মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰীয়ে বোকাখাত মহকুমাৰ অসামৰিক চিকিৎসালয়ৰ লগতে মহকুমাটোৰ গ্রামাঞ্চল আৰু চাহ বাগিচা সমূহত স্থাপন কৰা ক’ভিড কেয়াৰ কেন্দ্ৰ সমূহত ভর্তি হৈ থকা ক’ভিড ৰোগীসকলৰ স্বাস্থ্যৰ বুজ লয় । লগতে মহকুমা চিকিৎসালয়ত অক্সিজেন পর্যাপ্ত পৰিমাণে আছে নে নাই সেই বিষয়েও বুজ লয় ।

মহকুমাটোৰ ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ব্যাপক হাৰত ক’ভিডৰ টেষ্ট কৰাৰ লগতে ক’ভিড প্রতিষেধক প্ৰদানৰ ওপৰত গুৰুত্ব দিবলৈ প্রশাসনক নির্দেশ দিয়ে ।

এই ক্ষেত্ৰত অগ্রাধিকাৰ ভিত্তিত বোকাখাত মহকুমাত পর্যাপ্ত পৰিমাণৰ টেষ্টিং কিট আৰু ভেকচিন যোগান ধৰিবলৈ স্বাস্থ্য বিভাগৰ প্ৰধান সচিবকো নির্দেশ দিয়ে ।

আগন্তুক ১০ দিনৰ বাবে প্ৰশাসন আৰু আৰক্ষী বিভাগক মহকুমাটোত ক’ভিডৰ নীতি-নির্দেশনা কঠোৰ ভাবে বলৱৎ কৰিবলৈও আহ্বান জনায় মন্ত্ৰী গৰাকীয়ে ।

আজিৰ সভাত মন্ত্ৰী পাটোৱাৰীয়ে মহকুমাটোত অবৈধ সুৰা তথা চুলাই মদৰ ঘাটিসমূহ সম্পূর্ণভাৱে উচ্ছেদ কৰিবলৈ আৰক্ষী বিভাগক নির্দেশ দিয়ে লগতে মহকুমাটোৰ গেলামালৰ দোকানসমূহৰ কৰ্মচাৰীক ক’ভিড টেষ্ট কৰোৱাৰ লগতে কোনো ব্যৱসায়িক প্রতিষ্ঠানে যদি ক’ভিড নির্দেশনা উলংঘা কৰে তেনে প্রতিষ্ঠান সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈকো প্ৰশাসনক মন্ত্ৰীগৰাকীয়ে নির্দেশ দিয়ে ।

গোলাঘাট জিলালৈ ১০ খন এম্বুলেঞ্চ কথা ঘোষনা কৰি তেওঁ বোকাখাতত পর্যাপ্ত পৰিমাণৰ অক্সিজেন উপলব্ধ কৰিবৰ বাবে যাৱতীয় ব্যৱস্থা লোৱা হব বুলিও উল্লেখ কৰে ।

ক’ভিডৰ সংক্ৰমণৰ সমান্তৰালকৈ জাপানীজ এনকেফেলাইটিচ আৰু মেলেৰিয়াৰ সন্দৰ্ভতো স্বাস্থ্য বিভাগক সচেতন হৈ থাকিবলৈ আহ্বান জনায় ।

সাম্ভাৱ্য এলেকা সমূহত সজাগতা সৃষ্টিৰ বাবে ব্যৱস্থা লবলৈ স্বাস্থ্য বিভাগক নির্দেশ দিয়ে ।

সভাত কৃষি মন্ত্ৰী অতুল বৰাই ক’ভিড-১৯ সন্দৰ্ভত ৰাইজক আৰু অধিক সজাগ হবলৈ আহ্বান জনোৱাৰ লগতে হ’ম আইচলেচনত থকা আৰু মাইক্ৰ কনটেইনমেণ্ট জ’নত থকা পৰিয়ালসমূহলৈ খাদ্য সামগ্ৰীৰ লগতে যাৱতীয় সামগ্ৰীৰ যোগান ধৰিবলৈ মহকুমা প্ৰশাসনক নির্দেশ দিয়ে ।

Recent News

African cheetahs to India

দেশত পুনৰ চিতাৰ বংশ বিস্তাৰৰ লক্ষ্য: ফেব্ৰুৱাৰীত দেশলৈ পুনৰ ১২ টা চিতা

india to overtake china in population

এছিয়াৰ ছুপাৰ পাৱাৰ ৰঙা চীনক পিছ পেলাব ভাৰতে! ২০২৩ বৰ্ষতে চীনক অতিক্ৰমি শীৰ্ষলৈ ভাৰত!

Accident

মুকালমুৱাত শোকাৱহ ঘটনা: বিদ্যুৎস্পৃষ্ট হৈ এগৰাকীৰ মৃত্যু

কুকুৰৰ মুখত উদ্ধাৰ নৱজাতকৰ মৃতদেহ

কুকুৰৰ মুখত উদ্ধাৰ নৱজাতকৰ মৃতদেহ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd