• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বোকাখাতত ক’ভিড নিয়ন্ত্ৰণৰ বাবে সেনাৰ ফ্লেগ মাৰ্চৰ ভুৱা প্ৰচাৰ : আৰক্ষীৰ কটকটীয়া তহলৰহে ব্যৱস্থা

উত্তম শইকীয়া by উত্তম শইকীয়া
July 10, 2021 6:36 pm
bok
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাদেৱৰ নির্দেশ মর্মে ক’ভিড পৰিস্থিতিৰ বুজ ল’বলৈ তিনিদিনীয়া ভ্রমণ সূচীৰে গোলাঘাট জিলালৈ অহা অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য তথা পৰিবহন আদি বিভাগৰ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে শনিবাৰে বোকাখাতত মহকুমাটোৰ ক’ভিড পৰিস্থিতি সন্দৰ্ভত এখনি পৰ্যালোচনা সভা অনুষ্ঠিত কৰে ।

এই সভাতে বোকাখাত মহকুমাত চি আৰ পি এফৰ সহযোগিতাত ‘ফ্লেগ মাৰ্চ’ কৰিবৰ বাবে আৰক্ষীক নিৰ্দেশ দিয়ে ৷
যাৰ তাৎক্ষনিক প্ৰতিক্ৰিয়া হিচাবে বোকাখাত আৰক্ষীৰ অধীক্ষকৰ নেতৃত্বত চি আৰ পি এফ আৰু আৰক্ষীৰ এটা দলে বোকাখাত নগৰত তহল দিয়ে ৷

Apply Now

মন্ত্ৰী গৰাকীয়ে সাংবাদিকক বোকাখাতত আজিৰে পৰা ‘ফ্লেগ মাৰ্চ’ কৰা হ’ব বুলি কৰা মন্তব্যক একাংশ সংবাদ মাধ্যমে ‘সেনাৰ ফ্লেগ মাৰ্চ’ বুলি অনৰ্থক প্ৰচাৰ কৰাত ৰাজ্যজুৰি যথেষ্ট প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে ৷

বোকাখাতৰ মহকুমাধিপতি কাৰ্য্যালয়ৰ সভাকক্ষত শনিবাৰে আয়োজিত এই পৰ্যালোচনা সভাত কৃষিমন্ত্রী তথা বোকাখাত বিধানসভা সমষ্টিৰ বিধায়ক অতুল বৰা, স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অনুৰাগ গোয়েল, গোলাঘাট জিলাৰ নৱনিযুক্ত উপায়ুক্ত মৃগেশ নাৰায়ন বৰুৱা, আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰ, মহকুমাধিপতি বিপুল দাস, মহকুমা আৰক্ষী বিষয়া অনিতা হাজৰিকাৰ লগতে মহকুমা প্ৰশাসন, স্বাস্থ্য বিভাগ, জনস্বাস্থ্য-কাৰিকৰী বিভাগ, খণ্ড-উন্নয়ন বিভাগ তথা পৰিবহন বিভাগৰ উচ্চ পদস্থ বিষয়া প্ৰমুখ্যে বিজেপি আৰু অগপ দলৰ বিষয়ববীয়া উপস্থিত থাকে ।

সভাত মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰীয়ে বোকাখাত মহকুমাৰ অসামৰিক চিকিৎসালয়ৰ লগতে মহকুমাটোৰ গ্রামাঞ্চল আৰু চাহ বাগিচা সমূহত স্থাপন কৰা ক’ভিড কেয়াৰ কেন্দ্ৰ সমূহত ভর্তি হৈ থকা ক’ভিড ৰোগীসকলৰ স্বাস্থ্যৰ বুজ লয় । লগতে মহকুমা চিকিৎসালয়ত অক্সিজেন পর্যাপ্ত পৰিমাণে আছে নে নাই সেই বিষয়েও বুজ লয় ।

মহকুমাটোৰ ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ব্যাপক হাৰত ক’ভিডৰ টেষ্ট কৰাৰ লগতে ক’ভিড প্রতিষেধক প্ৰদানৰ ওপৰত গুৰুত্ব দিবলৈ প্রশাসনক নির্দেশ দিয়ে ।

এই ক্ষেত্ৰত অগ্রাধিকাৰ ভিত্তিত বোকাখাত মহকুমাত পর্যাপ্ত পৰিমাণৰ টেষ্টিং কিট আৰু ভেকচিন যোগান ধৰিবলৈ স্বাস্থ্য বিভাগৰ প্ৰধান সচিবকো নির্দেশ দিয়ে ।

আগন্তুক ১০ দিনৰ বাবে প্ৰশাসন আৰু আৰক্ষী বিভাগক মহকুমাটোত ক’ভিডৰ নীতি-নির্দেশনা কঠোৰ ভাবে বলৱৎ কৰিবলৈও আহ্বান জনায় মন্ত্ৰী গৰাকীয়ে ।

আজিৰ সভাত মন্ত্ৰী পাটোৱাৰীয়ে মহকুমাটোত অবৈধ সুৰা তথা চুলাই মদৰ ঘাটিসমূহ সম্পূর্ণভাৱে উচ্ছেদ কৰিবলৈ আৰক্ষী বিভাগক নির্দেশ দিয়ে লগতে মহকুমাটোৰ গেলামালৰ দোকানসমূহৰ কৰ্মচাৰীক ক’ভিড টেষ্ট কৰোৱাৰ লগতে কোনো ব্যৱসায়িক প্রতিষ্ঠানে যদি ক’ভিড নির্দেশনা উলংঘা কৰে তেনে প্রতিষ্ঠান সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈকো প্ৰশাসনক মন্ত্ৰীগৰাকীয়ে নির্দেশ দিয়ে ।

গোলাঘাট জিলালৈ ১০ খন এম্বুলেঞ্চ কথা ঘোষনা কৰি তেওঁ বোকাখাতত পর্যাপ্ত পৰিমাণৰ অক্সিজেন উপলব্ধ কৰিবৰ বাবে যাৱতীয় ব্যৱস্থা লোৱা হব বুলিও উল্লেখ কৰে ।

ক’ভিডৰ সংক্ৰমণৰ সমান্তৰালকৈ জাপানীজ এনকেফেলাইটিচ আৰু মেলেৰিয়াৰ সন্দৰ্ভতো স্বাস্থ্য বিভাগক সচেতন হৈ থাকিবলৈ আহ্বান জনায় ।

সাম্ভাৱ্য এলেকা সমূহত সজাগতা সৃষ্টিৰ বাবে ব্যৱস্থা লবলৈ স্বাস্থ্য বিভাগক নির্দেশ দিয়ে ।

সভাত কৃষি মন্ত্ৰী অতুল বৰাই ক’ভিড-১৯ সন্দৰ্ভত ৰাইজক আৰু অধিক সজাগ হবলৈ আহ্বান জনোৱাৰ লগতে হ’ম আইচলেচনত থকা আৰু মাইক্ৰ কনটেইনমেণ্ট জ’নত থকা পৰিয়ালসমূহলৈ খাদ্য সামগ্ৰীৰ লগতে যাৱতীয় সামগ্ৰীৰ যোগান ধৰিবলৈ মহকুমা প্ৰশাসনক নির্দেশ দিয়ে ।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd