সুৰা নীতিত হোৱা নাই কোনো দুৰ্নীতি; ভাল কাম কৰাটো নিবিচাৰে মোদীয়ে! দাবী কেজৰিৱালৰ
দিল্লীৰ সুৰা নীতিৰ কেলেংকাৰীৰ গোচৰত দেওবাৰে কেন্দ্ৰীয় তদন্ত সংস্থা চিবিআই- এ উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াক গ্ৰেপ্তাৰ কৰাৰ পাছৰে পৰা আক্ৰমণ-প্ৰত্যাক্ৰমণেৰে উত্তাল হৈ আছে দেশৰ ৰাজনীতি। সতীৰ্থ নেতাগৰাকীৰ গ্ৰেপ্তাৰৰ প্ৰসঙ্গত পুনৰবাৰ সোচ্চাৰ হৈছে আপৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল।
বুধবাৰে এখন সংবাদমেলত ভাগ লৈ কেজৰিৱালে চিছ’দিয়া তথা আন এগৰাকী কাৰাবন্দী সতীৰ্থ সত্যেন্দ্ৰ জৈনক কেন্দ্ৰৰ বিজেপি চৰকাৰে ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰাৰ ইংগিত দিয়ে। কেজৰিৱালৰ মতে, দিল্লী চৰকাৰে কৰা ভাল কাম বন্ধ কৰিবলৈ কেবিনেটৰ প্ৰাক্তন মন্ত্ৰীদ্বয়ক কাৰাগাৰৰ ভিতৰত ৰখা হৈছে।
সংবাদমেলত কেজৰিৱালে দিল্লীৰ সুৰা নীতিত কোনো দুৰ্নীতি নাই বুলি দাবী কৰাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাল কাম কৰাটো নিবিচাৰে বুলিও অভিযোগ কৰে। অৱশ্যে তৎসত্বেও দিল্লী চৰকাৰৰ ভাল কাম বন্ধ নহ’ব বুলি দৃঢ়তাৰে কয় মুখ্যমন্ত্ৰীগৰাকীয়ে।
দুই কাৰাবন্দী দলীয় সতীৰ্থৰ সমৰ্থনত কেজৰিৱালে বিজেপি চৰকাৰলৈ অভিযোগৰ আঙুলি টোৱাই কয়, “তেওঁলোকৰ উদ্দেশ্য দুৰ্নীতি বন্ধ কৰা নহয়, দিল্লীত কৰা ভাল কাম বন্ধ কৰা।” চিবিআইৰ বিষয়াসকলে চিছ’দিয়াৰ বাসগৃহত ঘণ্টাজোৰা অভিযানৰ পিছতো ১০,০০০ টকাও উদ্ধাৰ কৰিব নোৱাৰিলে বুলি দোৱাৰে কেজৰিৱালে।
আনহাতে “যদি মনীষ চিছ’দিয়াই বিজেপিত যোগদান কৰে, তেন্তে তেওঁ কাইলৈৰ ভিতৰত মুক্ত নহ’বনে?” বুলি প্ৰশ্ন কৰি বিজেপিক কটাক্ষ কৰে কেজৰিৱালে। তেওঁ লগতে আম আদমী পাৰ্টিয়ে চিছ’দিয়াৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে ঘৰে ঘৰে অভিযান আৰম্ভ কৰিব বুলি জানিবলৈ দিছে।