• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ট্ৰাম্পৰ বিৰুদ্ধে ‘নো কিংছ’ প্ৰতিবাদত উত্তাল আমেৰিকা-ইউৰোপ; ৰাজপথত লাখ লাখ লোক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 11:50 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

62
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পশ্চিম এছিয়াৰ যুদ্ধ আৰু ড’নাল্ড ট্ৰাম্পৰ নীতিৰ বিৰুদ্ধে সমগ্ৰ আমেৰিকা আৰু ইউৰোপত প্ৰতিবাদৰ সৃষ্টি হৈছে। আয়োজকসকলে দাবী কৰিছে যে ‘নো কিংছ’ নামৰ এই আন্দোলনত লাখ লাখ লোক ৰাজপথলৈ ওলাই আহিছে।

আমেৰিকাৰ মিনেছ’টাকে ধৰি কেইবাখনো প্ৰদেশ এই প্ৰতিবাদৰ কেন্দ্ৰবিন্দু হিচাপে আত্মপ্ৰকাশ কৰিছে। ছেইণ্ট পল কেপিটেল বিল্ডিঙৰ সন্মুখত হাজাৰ হাজাৰ লোকৰ সমাগম ঘটে। বহুতে আমেৰিকাৰ পতাকাখন ওলোটাকৈ ধৰি ৰাখিছিল, যিটো বিপদৰ প্ৰতীক বুলি গণ্য কৰা হয়।

Apply Now

নিউয়ৰ্কৰ পৰা আইডাহ’লৈকে এই প্ৰতিবাদ প্ৰায় সকলোতে বিয়পি পৰিছে। আয়োজকসকলে দাবী কৰিছে যে মুঠ ৫০খন প্ৰদেশত ৩১০০ৰো অধিক কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। অংশগ্ৰহণকাৰীৰ সংখ্যা ৯০ লাখ অতিক্ৰম কৰাৰ সম্ভাৱনা আছে। প্ৰতিবাদত অংশগ্ৰহণ কৰা এজন প্ৰতিবাদকাৰীয়ে কয়, ‘এই প্ৰশাসনৰ বহু সিদ্ধান্তই আমাক ক্ষুব্ধ কৰি তুলিছে। কিন্তু মানুহে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ কৰিছে, যিয়ে আমাক আশাৰ সঞ্চাৰ কৰিছে।’

ৱাশ্বিংটনত লিংকন মেম’ৰিয়েলৰ পৰা নেশ্যনেল মললৈ শ শ লোকে সমদল উলিয়ায়। তেওঁলোকৰ হাতত আছিল ‘মুকুট খুলি লোৱা ক্লাউন’ আৰু ‘পৰিৱৰ্তন নিজৰ দেশতে আৰম্ভ হওক’ বুলি লিখা প্লেকাৰ্ড। আৰক্ষীয়ে জনোৱা মতে, ছান ডিয়েগোতো প্ৰায় ৪০ হাজাৰ লোকেও অংশগ্ৰহণ কৰে।

🔴 Entonando "El pueblo unido jamás será vencido" millones hacen frente a Trump.

🔴 No King Day en New York, millones se manifestaron en todo EE.UU, y en otras partes del planeta, en contra del autoritarismo y la vehemencia inhumana de Donald Trump. pic.twitter.com/wKnmIL4yT9

— Ciudadano Roberto Kiltro (@RobertoMerken) March 29, 2026

এই আন্দোলনে কেৱল আমেৰিকাতে নহয়, ইউৰোপৰ বিভিন্ন দেশতো প্ৰভাৱ পেলাইছে। ৰোমত হাজাৰ হাজাৰ লোকে সমদল উলিয়ায়। লণ্ডনত যুদ্ধ বিৰোধী শ্লোগান উত্থাপন হৈছে। আমেৰিকাৰ প্ৰবাসী আৰু মানৱ অধিকাৰ সংগঠনৰ আহ্বানত পেৰিছত শ শ লোক সমবেত হয়। পেৰিছৰ এজন আয়োজকে কয়, ‘আমি ট্ৰাম্পৰ যুদ্ধ নীতি আৰু অস্থিৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছো। আমি শান্তি বিচাৰো।’

“No Kings” protesters assembled to form a message reading “TRUMP MUST GO NOW!” at Ocean Beach in San Francisco, California today pic.twitter.com/4xq9PicSvh

— Brendan Gutenschwager (@BGOnTheScene) March 28, 2026

অৱশ্যে হোয়াইট হাউছে এই আন্দোলনক তীব্ৰ সমালোচনা কৰিছে। তেওঁলোকে দাবী কৰে যে ইয়াক বাওঁপন্থী সংগঠনৰ দ্বাৰা সৃষ্টি কৰা হৈছে। ইয়াত সাধাৰণ জনতাৰ প্ৰকৃত সমৰ্থন নাই। মুঠৰ ওপৰত বিশ্লেষকসকলৰ মতে পশ্চিম এছিয়াৰ সংঘাতৰ পৰিপ্ৰেক্ষিতত এই প্ৰতিবাদে ট্ৰাম্প প্ৰশাসনৰ বিৰুদ্ধে নতুন ৰাজনৈতিক চাপৰ সৃষ্টি কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

August 17, 2026 8:35 pm
কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

August 17, 2026 8:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd