• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

“১২ বছৰ ধৰি কোনেও আপোনাৰ ডিগ্ৰী দেখা নাপালে” : নিজৰ শিক্ষাগত অৰ্হতাক লৈ চলা বিতৰ্কৰ মাজতে প্ৰধানমন্ত্ৰী মোদীক মুকলি প্ৰত্যাহ্বান অভিজিৎ দিপকেৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 3, 2026 2:53 pm
28
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিজৰ শিক্ষাগত অৰ্হতাক লৈ প্ৰশ্ন উত্থাপন হোৱাৰ পাছতে এইবাৰ পোনপটীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰত্যাহ্বান জনালে ‘কক্ৰ’চ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ দিপকে। তেওঁৰ বষ্টন বিশ্ববিদ্যালয়ৰ শিক্ষাগত অৰ্হতাক লৈ সামাজিক মাধ্যমত চৰ্চা আৰম্ভ হোৱাৰ পাছত দিপকে কয় যে নিজৰ সকলো নথি, আনকি বৃত্তি লাভৰ চিঠিও ৰাজহুৱা কৰিবলৈ তেওঁ সাজু। কিন্তু তেওঁৰ প্ৰশ্ন–কেৱল তেওঁৰ ডিগ্ৰী কিয়, প্ৰধানমন্ত্ৰীয়েও নিজৰ শিক্ষাগত নথি ৰাজহুৱা কৰক।

দিপকেৰ মতে, তেওঁ আৰু প্ৰধানমন্ত্ৰীৰ শিক্ষাগত নথি একেলগে ৰাজহুৱা হ’লে বহুদিন ধৰি চলি থকা এই বিতৰ্কৰ অন্ত পৰিব। সামাজিক মাধ্যমত কৰা এক পোষ্টত তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পোনপটীয়াকৈ উল্লেখ কৰি দুয়োৰে ডিগ্ৰী ৰাজহুৱা কৰাৰ প্ৰস্তাৱ আগবঢ়ায়।

Apply Now

দিপকে পূৰ্বতে আম আদমী পাৰ্টীৰ কৌশলবিদ হিচাপে কাম কৰিছিল। ২০২৬ চনৰ মে’ মাহত তেওঁ ‘কক্ৰ’চ জনতা পাৰ্টী’ প্ৰতিষ্ঠা কৰে। পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল, নিবনুৱা সমস্যা আদি বিষয়ক কেন্দ্ৰ কৰি ছাত্ৰ আন্দোলনৰ পৰিৱেশৰ মাজতে এই ব্যংগাত্মক ৰাজনৈতিক প্ৰচেষ্টাৰ আৰম্ভণি হৈছিল।

শেহতীয়াকৈ দিপকেৰ বষ্টন বিশ্ববিদ্যালয়ৰ শিক্ষাগত অৰ্হতাক লৈ সামাজিক মাধ্যমত বিভিন্ন প্ৰশ্ন উত্থাপন হয়। ইয়াৰ উত্তৰত তেওঁ এক্সত কৰা পোষ্টত কয় যে নিজৰ শিক্ষাগত নথি প্ৰকাশ কৰাত তেওঁৰ কোনো আপত্তি নাই। একে সময়তে তেওঁ প্ৰধানমন্ত্ৰী মোদীৰ শিক্ষাগত নথিও প্ৰকাশ কৰিবলৈ আহ্বান জনায়।

দিপকে লগতে দাবী কৰে যে সাধাৰণ লোকে প্ৰায় ১২ বছৰ ধৰি প্ৰধানমন্ত্ৰীৰ শিক্ষাগত অৰ্হতাৰ নথি নিজ চকুৰে চোৱাৰ অপেক্ষাত আছে। ২০১৪ চনৰ পৰা নৰেন্দ্ৰ মোদী দেশৰ প্ৰধানমন্ত্ৰী হৈ থকাৰ কথাকে ভিত্তি কৰি তেওঁ ১২ বছৰৰ উল্লেখ কৰে।

প্ৰধানমন্ত্ৰী মোদীৰ শিক্ষাগত অৰ্হতাক লৈ দিপকে ইয়াৰ পূৰ্বেও প্ৰশ্ন তুলিছিল। তেওঁৰ দাবী আছিল যে দিল্লী বিশ্ববিদ্যালয়ে আন বহু প্ৰতিষ্ঠানৰ দৰে নৰেন্দ্ৰ মোদীক ৰাজহুৱাভাৱে প্ৰাক্তন ছাত্ৰ হিচাপে প্ৰচাৰ নকৰে। অৱশ্যে এই বিষয়টো বহুদিন ধৰি ৰাজনৈতিক বিতৰ্কৰ অংশ হৈ আহিছে।

প্ৰধানমন্ত্ৰীৰ ডিগ্ৰীক লৈ বিতৰ্ক অৱশ্যে নতুন নহয়। প্ৰায় এটা দশক পূৰ্বে তেতিয়াৰ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু আম আদমী পাৰ্টীয়ে তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত নৰেন্দ্ৰ মোদীৰ শিক্ষাগত নথি ৰাজহুৱা কৰাৰ দাবী তুলিছিল। তেওঁৰ স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰীত অসামঞ্জস্য থকাৰ অভিযোগো তেতিয়া উত্থাপন হৈছিল।

ইয়াৰ পাছত তেতিয়াৰ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ আৰু কেন্দ্ৰীয় মন্ত্ৰী অৰুণ জেটলীয়ে সংবাদমেল আয়োজন কৰি মোদীৰ ডিগ্ৰীৰ প্ৰতিলিপি প্ৰকাশ কৰিছিল। তেওঁলোকৰ দাবী অনুসৰি, মোদীয়ে ১৯৭৮ চনত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা বি এ আৰু ১৯৮৩ চনত গুজৰাট বিশ্ববিদ্যালয়ৰ পৰা এম এ সম্পূৰ্ণ কৰিছিল। একে সময়তে কেজৰিৱালক ভিত্তিহীন অভিযোগ উত্থাপনৰ বাবে ক্ষমা খুজিবলৈও দাবী জনোৱা হৈছিল।

পাছত এই বিষয়টো আদালতলৈ যায়। ২০২৫ চনৰ আগষ্ট মাহত দিল্লী উচ্চ ন্যায়ালয়ে কয় যে তথ্য জনাৰ অধিকাৰ আইনৰ গোপনীয়তা সম্পৰ্কীয় বিধান অনুসৰি শিক্ষাগত অৰ্হতা ব্যক্তিগত তথ্যৰ অন্তৰ্গত। সেয়ে দিল্লী বিশ্ববিদ্যালয়ে প্ৰধানমন্ত্ৰীৰ শিক্ষাগত নথি প্ৰকাশ কৰাটো বাধ্যতামূলক নহয় বুলি আদালতে মত প্ৰকাশ কৰে। এই ৰায়ৰ বিৰুদ্ধে বৰ্তমান খণ্ড বিচাৰপীঠত আবেদন দাখিল কৰা হৈছে আৰু পৰৱৰ্তী শুনানি এতিয়াও বাকী আছে।

ইফালে, অভিজিৎ দিপকেৰ এই নতুন প্ৰত্যাহ্বানক লৈ এতিয়ালৈকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় অথবা বিজেপিৰ ফালৰ পৰা কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ পোৱা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰসংগ CJPক হাৰাশাস্তি : চৰকাৰী পদক্ষেপেও বিৰোধীৰ মাজত বিভাজন অনাত সহায় কৰিব পাৰে!

প্ৰসংগ CJPক হাৰাশাস্তি : চৰকাৰী পদক্ষেপেও বিৰোধীৰ মাজত বিভাজন অনাত সহায় কৰিব পাৰে!

September 30, 2026 5:30 pm
নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

September 30, 2026 3:11 pm
শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

September 30, 2026 12:24 pm
চিজিপিৰ বিদ্যালয় পৰিদৰ্শনৰ পাছতেই তৎপৰ শিক্ষা বিভাগ: বিনা অনুমতিত ফটো-ভিডিঅ’ গ্ৰহণত নিষেধাজ্ঞা

চিজিপিৰ বিদ্যালয় পৰিদৰ্শনৰ পাছতেই তৎপৰ শিক্ষা বিভাগ: বিনা অনুমতিত ফটো-ভিডিঅ’ গ্ৰহণত নিষেধাজ্ঞা

September 30, 2026 10:23 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰসংগ CJPক হাৰাশাস্তি : চৰকাৰী পদক্ষেপেও বিৰোধীৰ মাজত বিভাজন অনাত সহায় কৰিব পাৰে!

প্ৰসংগ CJPক হাৰাশাস্তি : চৰকাৰী পদক্ষেপেও বিৰোধীৰ মাজত বিভাজন অনাত সহায় কৰিব পাৰে!

September 30, 2026 5:30 pm
নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

September 30, 2026 3:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd