মজুৰি বৃদ্ধিৰ দাবীত উত্তপ্ত হৈ পৰিছে নয়ডাৰ ২নং ফেজ অঞ্চল। সোমবাৰে পুৱা এটা ব্যক্তিগত কোম্পানীৰ সন্মুখত কেইবাহাজাৰ শ্ৰমিকে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আৰম্ভ কৰে। পৰিস্থিতি সোনকালে নিয়ন্ত্ৰণৰ বাহিৰলৈ ওলাই যায়। আন্দোলনকাৰী শ্ৰমিকৰ এটা অংশই কাৰ্যালয় আৰু বাহন ভাঙি লণ্ডভণ্ড কৰে।
অভিযোগ অনুসৰি আৰক্ষীক শিলগুটি নিক্ষেপ কৰিবলৈ আৰম্ভ কৰে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে ছোৱা ছোৱাকৈ কন্দুৱা গেছৰ গোলা নিক্ষেপ কৰে। এই পৰ্যন্ত ৫০ জনতকৈ অধিক প্ৰতিবাদকাৰীক এই ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। শান্তি ঘূৰাই অনাৰ বাবে অঞ্চলটোত বৃহৎ আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে।
সূত্ৰ অনুসৰি যোৱা তিনিদিন ধৰি এটা ব্যক্তিগত কোম্পানীৰ কেইবাহাজাৰ কৰ্মীয়ে অঞ্চলটোত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। সোমবাৰে প্ৰতিবাদস্থলীয়ে ৰণক্ষেত্ৰৰ ৰূপ ল’লে। ব্যক্তিগত কোম্পানীটোৰ কৰ্মীসকলে মূলতঃ মজুৰি বৃদ্ধি আৰু অতিৰিক্ত সময় সম্পৰ্কীয় কেইবাটাও দাবীক লৈ প্ৰতিবাদ সাব্যস্ত কৰে।
এই প্ৰতিবাদৰ জুইকুৰা নয়ডাৰ বিভিন্ন প্ৰান্তলৈ বিয়পি পৰিছে। ১নং ফেজৰ ৮৪ নং ছেক্টৰত এই আন্দোলনে ভয়াৱহ ৰূপ ধাৰণ কৰে। তাত কমেও দুখন বাহনত অগ্নিসংযোগ কৰাৰ অভিযোগ উত্থাপন হৈছে। আনহাতে ৬২ নং ছেক্টৰতো কেইবাহাজাৰ কৰ্মী ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে।
অৱশ্যে কিছুদিন পূৰ্বে জিলা প্ৰশাসন আৰু উন্নয়ন কৰ্তৃপক্ষৰ বিষয়াসকলে শ্ৰমিকসকলৰ সৈতে এক বৈঠকত মিলিত হৈছিল। তাত তেওঁলোকক তেওঁলোকৰ দাবীসমূহ চাব বুলি আশ্বাস দিয়া হৈছিল। কিন্তু ইয়াৰ পিছতো আজি অৰ্থাৎ সোমবাৰেও শ্ৰমিকসকলে প্ৰতিবাদ অব্যাহত ৰাখিছে।
শ্ৰমিকৰ আন্দোলনৰ বাবে নয়ডা আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহ প্ৰায় স্তব্ধ হৈ পৰিছে। বিশেষকৈ ময়ুৰ বিহাৰৰ ক্রাউন প্লাজা উৰণীয়া সেতুৰ সমীপত ভয়াৱহ যান-জঁটৰ সৃষ্টি হৈছে৷ বহু নিয়মীয়া যাতায়তকাৰী ঘণ্টাৰ পিছত ঘণ্টা ধৰি পথত আবদ্ধ হৈ আছিল। পৰিস্থিতি চম্ভালিবলৈ আৰক্ষীয়ে কেইবাটাও স্থানত পথসমূহ ডাইভাৰ্ট কৰাৰ সিদ্ধান্ত লৈছে। ছেক্টৰ ৬২ গোলচক্কৰৰ পৰা এন আই বি আৰক্ষী চকীলৈকে সৰ্বসাধাৰণ ৰাইজৰ প্ৰৱেশৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। তদুপৰি এটা ট্ৰেফিক হেল্পলাইন নম্বৰ (৯৯৭১০০৯০০১) আৰক্ষীয়ে মুকলি কৰিছে।
পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে নয়ডা আৰক্ষীৰ বিষয়াসকলে অঞ্চলটোত টহল দি আছে। সাধাৰণ জনতাক উৰাবাতৰি প্ৰচাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। নতুন অশান্তি ৰোধ কৰিবলৈ নয়ডাৰ বিভিন্ন অঞ্চলত অতিৰিক্ত আৰক্ষী ঘটি স্থাপন কৰা হৈছে। অৱশ্যে আৰক্ষীৰ মতে যান-জঁটৰ সমস্যা সমাধানৰ বাবে এতিয়াও কিছু সময় লাগিব পাৰে।




