DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 16, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

শিৱসাগৰত অনা-অসমীয়া ব্যৱসায়ীক ক্ষমা খোজাই জে’লত সোমাব লগীয়া হ’ল ৩জন

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
February 4, 2019 6:23 pm
Sivasagar
2.1k
VIEWS
Share on FacebookShare on Twitter

যোৱা ৩০ জানুৱাৰিত শিৱসাগৰৰ মাৰোৱাৰী পট্টীৰ আশাৰাম বাগৰী নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানত চিলাৰায় দিৱসৰ বাবে বৰঙনি বিচাৰি যোৱা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সদস্যক শাৰীৰিকভাৱে অপদস্থ কৰাৰ লগতে অসমীয়া জাতিক লৈ অপমান সুচক মন্তব্য কৰাক লৈ আজি পুনৰ নগৰখনত এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয়।

ঘটনা সন্দৰ্ভত আজি শিৱসাগৰ আৰক্ষীয়ে বীৰ লাচিত সেনাৰ শৃংখল চলিহা, আমছুৰ ইউনিচ তামুলী আৰু চিতু নামৰ তিনিগৰাকী যুৱকক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰাক কেন্দ্ৰ কৰি বহুকেইটা দল-সংগঠনৰ নেতা কৰ্মীয়ে আদালতৰ চৌহদত অৰ্ধ উলংগ হৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। সতীৰ্থক কাৰাগাৰলৈ প্ৰেৰণ কৰা কাৰ্য্যৰ প্ৰতিবাদত বীৰ লাচিত সেনাৰ নেতা কৰ্মীয়ে দ’লমুখ চাৰি আলিত অৱস্থান গ্ৰহণ কৰি পৰিৱেশ উত্তাল কৰি তোলে।

উল্লেখযোগ্য যে ৩০ জানুৱাৰিৰ ঘটনাৰ পিছতে ৰাইজৰ প্ৰতিবাদত আশাৰাম বাগৰীৰ স্বত্বাধিকাৰী পৱন বাগৰীক আৰক্ষীয়ে আটক কৰিছিল যদিও তেওঁ জামিনত মুক্তি লাভ কৰাৰ লগতে ঘটনা সন্দৰ্ভত শিৱসাগৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। ইয়াৰ পিছতে দেওবাৰে শিৱসাগৰ আৰক্ষীয়ে সোধপোচৰ বাবে বীৰ লাচিত সেনাৰ শৃংখল চলিহা, বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ বিষ্ণু শইকীয়া, আমছুৰ ইউনিচ তামুলী আৰু ঐক্য সেনাৰ মুনু আহমেদক থানালৈ লৈ আনে।

এই চাৰি নেতাক আটক কৰাৰ পিছতেই বিভিন্ন দল সংগঠনৰ কেইবা শতাধিক সদস্য ৰাজপথলৈ ওলাই আহি নগৰৰ সকলো দোকান পোহাৰ বন্ধ কৰি দিয়াৰ উপৰি সন্ধিয়ালৈ নগৰখনৰ বিভিন্ন দল-সংগঠনৰ সদস্য তথা সচেতন ব্যক্তিৰ উপস্থিতিত দুয়ো পক্ষৰ মাজত বিষয়টো মীমাংসা কৰোৱা হয়।

সংগঠনৰ নেতাসকলে বাগৰীক থানাৰ ভিতৰতে ৰাজহুৱা ভাৱে ক্ষমা খোজোৱাই আৰু বাগৰীয়েও ৰাজহুৱাভাৱে ক্ষমা খোজে। আনহাতে এই সমস্ত ঘটনাৰ কেইবাটাও ভিডিঅ’ চচিয়েল মিডিয়াত বিয়পি পৰাত আজি শিৱসাগৰ জিলা আৰক্ষীয়ে নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰি শৃংখল চলিহা, চিতু আৰু ইউনিচ তামুলীক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰায়। আদালতে তিনিওজনকে কাৰাগাৰলৈ প্ৰেৰণ কৰে।

Recent News

অঘটন! স্বাধীনতা দিৱসৰ দিনাই ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন এগৰাকী কিশোৰ

অঘটন! স্বাধীনতা দিৱসৰ দিনাই ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন এগৰাকী কিশোৰ

ITBP Bus Accident: কাশ্মীৰত খাৱৈত পৰিল ৩৯ জন জোৱান কঢ়িয়াই নিয়া আইটিবিপিৰ বাছ; নিহত কমেও ৭ জোৱান

ITBP Bus Accident: কাশ্মীৰত খাৱৈত পৰিল ৩৯ জন জোৱান কঢ়িয়াই নিয়া আইটিবিপিৰ বাছ; নিহত কমেও ৭ জোৱান

হাজোত যৌতুকৰ বাবে গৰ্ভৱতী পত্নীক হত্যা স্বামীৰ

হাজোত যৌতুকৰ বাবে গৰ্ভৱতী পত্নীক হত্যা স্বামীৰ

UN special envoy in Myanmar: গৃহযুদ্ধত জৰ্জৰিত ম্যানমাৰত ৰাষ্ট্ৰসংঘৰ বিশেষ প্ৰতিনিধি; চাপত ক্ষমতাশালী সামৰিক শাসক!

UN special envoy in Myanmar: গৃহযুদ্ধত জৰ্জৰিত ম্যানমাৰত ৰাষ্ট্ৰসংঘৰ বিশেষ প্ৰতিনিধি; চাপত ক্ষমতাশালী সামৰিক শাসক!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd