DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অধিকাৰ আৰু সুৰক্ষাৰ দাবীত বোকাজানত অজনজাতিৰ বিশাল প্ৰতিবাদ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 11, 2018 9:27 am
Non tribes dharna (3)

বোকাজানত অজনজাতীয় সংগঠনৰ যৌথ প্ৰতিবাদ। ফটো : নৰ্থইষ্ট নাও

161
VIEWS
Share on FacebookShare on Twitter

কাৰ্বি আংলঙত থকা জনজাতিসকলৰ অস্তিত্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি হোৱাৰ উদ্বিগ্নতা ব্যক্ত কৰি জিলাখনত নিজৰ অধিকাৰ সুৰক্ষিত কৰিবৰ বাবে কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ ভোটাৰ তালিকাৰ পৰা অজনজাতিসকলৰ নাম বাতিল কৰাৰ বাবে কাৰ্বি সংগঠনসমূহে দাবী জনাই অহাৰ বিপৰীতে জিলাখনৰ অজনজাতীয় সংগঠনসমূহেও অজনজাতীয়ৰ অধিকাৰ সুনিশ্চিত কৰিবৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাইছে৷

ইপিনে জিলাখনত স্বায়ত্ত পৰিষদৰ নিৰ্বাচনৰ বাবে স্বায়ত্ত পৰিষদে নীতি নিৰ্ধাৰণ সমিতি গঠন কৰাৰ পাছতেই জিলাখনত বসবাস কৰা অজনজাতিসকল বিশেষভাৱে শংকিত হৈ পৰিছে।

সেয়েহে শনিবাৰে বিভিন্ন অজনজাতীয় সংগঠনৰ যৌথ উদ্যোগত বোকাজানত এক বিশাল প্ৰতিবাদী সমদল উলিওৱা হয়। অমৰাজানৰ আদিবাসী ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সমুখৰ পৰা আৰম্ভ কৰা প্ৰতিবাদী সমদলে বিভিন্ন শ্ল’গানেৰে ৰাজপথ উত্তাল কৰাৰ পাছত শুকানজানত এক পথসভা অনুষ্ঠিত কৰে।

উক্ত পথসভাৰ পাছত বোকাজান মহকুমাৰ মহকুমাধিপতিৰ জৰিয়তে অসমৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীলৈ পৃথকে পৃথকে এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰে ৷

অজনজাতীয় সংগঠনসমূহে স্মাৰক-পত্ৰখনৰ জৰিয়তে অতি শীঘ্ৰে কাৰ্বি স্বায়ত্ত পৰিষদৰ নিৰ্বাচনৰ নীতি নিৰ্ধাৰণ সমিতি ভংগ কৰিবলৈ দাবী জনাইছে। তদুপৰি, জিলাখনৰ অজনজাতিসকলৰ বিকাশৰ বাবে অজনজাতি আঞ্চলিক উন্নয়ন পৰিষদ গঠন কৰাৰ লগতে অজনজাতিসকলক জিলাখনত অতি শীঘ্ৰে মাটিৰ পট্টা প্ৰদান কৰিবলৈ দাবী জনায়।

আনহাতে, সংগঠনসমূহে তেওঁলোকৰ স্মাৰক-পত্ৰৰ প্ৰতিলিপি প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি, যুটীয়া সংসদীয় সমিতিৰ অধ্যক্ষ তথা অসম মানৱ অধিকাৰ সুৰক্ষা সমিতিলৈকো প্ৰেৰণ কৰা বুলি জানিবলৈ দিয়ে৷

Recent News

Supreme Court on sex worker

উচ্চমত ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়: অবৈধ নহয় গণিকা বৃত্তি, আৰক্ষীয়ে যৌনকৰ্মীক কৰিব নোৱাৰিব হাৰাশাস্তি

ট্ৰেংকুলাইজ কৰা হৈছে মহানগৰীত সন্ত্ৰাসৰ সৃষ্টি কৰা পথভ্ৰষ্ট বনৰীয়া ম’হটো

ট্ৰেংকুলাইজ কৰা হৈছে মহানগৰীত সন্ত্ৰাসৰ সৃষ্টি কৰা পথভ্ৰষ্ট বনৰীয়া ম’হটো

AHSEC

পৰীক্ষা সম্পৰ্কীয় কিছু চিন্তা

Bhima Koregaon Case

ভীমা কোৰেগাঁও গোচৰ: হাৰাশাস্তিৰ অভিযোগত কাৰাগাৰৰ ভিতৰতে অনশনত বহিল গোৰাখে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd