• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

থাইলেণ্ডত আৰম্ভ হ’ল নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল: উত্তৰ-পূবৰ বৰ্ণাঢ্য সংস্কৃতিৰে উদুলি-মুদুলি বেংকক চহৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 29, 2022 8:05 pm
North East Festival
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

থাইলেণ্ডৰ বেংকক চহৰত আজিৰ পৰা আৰম্ভ হৈছে নৰ্থ ইষ্ট ফেষ্টিভেল। পৰ্যটন-বাণিজ্য-উদ্যোগ-সংস্কৃতি বিনিময়ৰ থলীলৈ পৰিণত হোৱা নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ আজিৰ অনুষ্ঠানৰ আৰম্ভণি হয় পৰ্যটনৰ সম্ভাৱনা সম্বন্ধীয় এখন বিশেষ অধিৱেশন আৰু ক্ৰেতা-বিক্ৰেতা সন্মিলনৰ জৰিয়তে।

অনুষ্ঠানত ট্যুৰ অপাৰেটৰ তথা পৰ্যটনৰ শীৰ্ষ বিষয়াসকলে অসম, মেঘালয়, মণিপুৰ, নাগালেণ্ড, মিজোৰাম, অৰুণাচল ইত্যাদিৰ পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা ব্যক্ত কৰি নিজা মতামত উপস্থাপন কৰে।

Apply Now

তাৰ লগতে উত্তৰ-পূবৰ ট্যুৰ অপাৰেটৰসকলৰ লগত থাইলেণ্ডৰ ট্যুৰ অপাৰেটৰসকলৰ এখন ক্ৰেতা-বিক্ৰেতা সন্মিলন অনুষ্ঠিত হয়। আজিৰ পৰ্যটন সম্বন্ধীয় ক্ৰেতা-বিক্ৰেতা সন্মিলনখনত প্ৰায় ১৫০ জন ট্যুৰ অপাৰেটৰে অংশ লয়।

অসম তথা উত্তৰ-পূবৰ বিভিন্ন ৰাজ্যৰ পৰ্যটন বিভাগে নিজা উপস্থাপন আগবঢ়ায়। থাইলেণ্ড চৰকাৰৰ উচ্চ পদস্থ বিষয়াসকলেও নিজা পৰ্যটনৰ সম্ভাৱনাক উপস্থাপন কৰে। অসম তথা উত্তৰ পূবৰ বন্য জীৱনৰ পৰ্যটনক উপস্থাপনৰ প্ৰয়াস কৰা হ’ল।

এই প্ৰচেষ্টাই অভূতপূৰ্ব সঁহাৰি লাভ কৰে। অসমলৈ আহিবলৈ তথা নিজা মানুহ পথিয়াবলৈ থাইলেণ্ডৰ ট্যুৰ অপাৰেটৰসকলে প্ৰচুৰ আগ্ৰহ প্ৰকাশ কৰে বুলি নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক সকলে জানিবলৈ দিছে।

উদ্যোক্তা সকলে জানিবলৈ দিয়া মতে থাইলেণ্ডৰ ট্যুৰ অপাৰেটৰসকলে উত্তৰ-পূবৰ সৈতে পৰ্যটনৰ ক্ষেত্ৰত কিছু পদক্ষেপ ল’ব বুলি মন্তব্য আগবঢ়ায়। নাগালেণ্ড চৰকাৰে এটা ট্যুৰ অপাৰেটৰৰ দল থাইলেণ্ডৰ পৰা নিয়াৰ কথা ঘোষণা কৰে।

অসম পৰ্যটনৰ সম্ভাৱনা তথা ভৱিষ্যত সম্বন্ধীয় বিভিন্ন দিশ অনুষ্ঠানটোত আলোচনা কৰা হয়। এই আলোচনাই অসম তথা উত্তৰ পূবৰ পৰ্যটনলৈ সম্ভাৱনা কঢ়িয়াই আনিব বুলি আশা কৰিছে আয়োজক সকলে।

অসমৰ পৰ্যটনৰ সম্ভাৱনাক অনাগত দিনত অধিক শক্তিশালী ভাৱে উপস্থাপন কৰি ৰাজ্যখনলৈ পৰ্যটকৰ আগমণ সুচল হোৱাত এই আলোচনাই ইতিবাচক ভূমিকা ল’ব বুলি আয়োজক মণ্ডলী আশাবাদী।

কাইলৈ পুৱা ১০ বজাত বিশেষ আয়োজনেৰে ফেষ্টিভেলৰ প্ৰধান অনুষ্ঠানৰ আৰম্ভণি হ’ব। এই অনুষ্ঠানত উপস্থিত থাকিব থাইলেণ্ডৰ উপ প্ৰধানমন্ত্ৰী চুপাত্তানাপঙ্গ পানমিছাও।

অনুষ্ঠানত যোগ দিয়াৰ উদ্দেশ্যেৰে ইতিমধ্যে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা, নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফু ৰিঅ’, অৰুণাচলৰ উপ মুখ্যমন্ত্ৰী চৌউনা মীন, মিজোৰামৰ পৰ্যটন বিভাগৰ মন্ত্ৰী পি ইউ ৰবাৰ্ট, অসমৰ হস্তশিল্প আৰু বস্ত্ৰ উন্নয়ন মন্ত্ৰী উৰ্খাউ গৌড়া ব্ৰহ্ম, ৰাজহ ব্যৱস্থাপনা মন্ত্ৰী যোগেন মহন, বিধায়ক তৰংগ গগৈ, প্ৰশান্ত ফুকনকে ধৰি অৰুণাচলৰ বহু কেইজন মন্ত্ৰী-বিষয়া বেংককত উপস্থিত হৈছে।

ফেষ্টিভেলত আয়োজন কৰা বৃহৎ প্ৰদৰ্শনীখনত ৰাজ্যসমূহৰ উৎপাদনৰ সম্ভাৱনাক ক্ষুদ্ৰ উদ্যোগীসকলৰ প্ৰায় ৩০ খন বিপনীৰ জৰিয়তে প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। টাই খামতিৰ এক বৃহৎ দলে নিজা সাংস্কৃতিক ঐতিহ্য- বৈভৱৰ প্ৰদৰ্শন কৰিব।

তাৰ লগতে টাই আহোমৰ লাই লুখাম নৃত্য তথা টাই বিহু প্ৰদৰ্শন কৰা হ’ব। টাই বিহুগীত প্ৰদৰ্শন কৰিব জুতিমালা বৰগোঁহায়ে। আবেলিলৈ আয়োজন কৰা ক্ৰেতা-বিক্ৰেতা সন্মিলনখনত থাইলেণ্ডৰ প্ৰায় ১০০ জন বিশিষ্ট ক্ৰেতাই অংশ ল’ব।

থাই ক্ৰেতাই উত্তৰ পূবৰ ক্ৰেতাৰ সৈতে থলুৱা সামগ্ৰীৰ সম্ভাৱনা সন্দৰ্ভত আলাপ কৰিব। ইয়াৰ লগতে থাইলেণ্ড আৰু উত্তৰ-পূবৰ যৌথ প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে। বৃহৎ সাংস্কৃতিক অনুষ্ঠানত জুবিন গাৰ্গকে ধৰি উত্তৰ- পূবৰ বিভিন্নজন সাংস্কৃতিক কৰ্মী তথা দলে অংশ ল’ব।

পিপুল টু পিপুল এক্সেঞ্জ অনুষ্ঠানত ভাৰত আৰু দক্ষিণ-পূব এছিয়াৰ টাই ভাষাৰ বিশিষ্ট পণ্ডিতসকলে মত বিনিময় কৰিব। ফেশ্বন শ্ব’, আৰ্ট ইত্যাদিৰ সমাহাৰেৰে পূৰ্ণ নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ দ্বিতীয় সংস্কৰণে এক বৃহৎ আশাৰ বতৰা কঢ়িয়াই আনিব বুলি আশা কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd