দেশৰ পৰিমৰা অৰ্থনীতিৰ অৱস্থাৰ মাজত জনসাধাৰণে ককবকাইছে। দেশখনৰ শাসকীয় ওৱাৰ্কাৰ্ছ পাৰ্টিৰ অনুষ্ঠানত নিজৰ ব্যৰ্থতাৰ কথাও স্বীকাৰ কৰিছে উত্তৰ কোৰিয়াৰ একনায়ক কিম জং উনে।
কৰ’না মহামাৰীৰ প্ৰভাৱতো দেশখনৰ পৰিস্থিতিৰ অধিক অৱনতি ঘটিছে। সম্ৰাটৰ স্বীকাৰোক্তিৰ পাছত স্বাভাৱিকতে চিন্তিত হৈ পৰা জনসাধাৰণক আচৰিত কৰি তুলি দেশখনৰ সামৰিক শক্তি বৃদ্ধিৰ কথা প্ৰকাশ কৰিছে কিমে।
নেতাগৰাকীয়ে ইতিমধ্যে সেনা বিষয়াসকলক এই সন্দৰ্ভত ব্যৱস্থা লোৱাৰ বাবে নিৰ্দেশো দিছে।
আন্তৰ্জাতিক সংবাদ মাধ্যমৰ বাতৰি অনুসৰি কিম জঙৰ এনে পদক্ষেপৰ কথা পোহৰলৈ অহাৰ পাছতে বিশ্ব ৰাজনীতিত পুনৰ নতুন উত্তেজনাৰ সৃষ্টি হৈছে।
বিগত কেইবছৰত ডোনাল্ড ট্ৰাম্প ৰাষ্ট্ৰপতি হৈ থকাৰ সময়ত আমেৰিকা আৰু উত্তৰ কোৰিয়া বহুখিনি কাষ চাপি আহিছিল। বাকযুদ্ধৰ মাজতে দুয়োপক্ষৰ ঘনিষ্ঠতাও বৃদ্ধি পাইছিলযদিও তাত একো ফল ধৰা নাছিল।
দুয়ো দেশৰ মাজত হোৱা আলোচনাত সফল নহ’লেও বা কোনো বুজাবুজিত উপনীত নহ’ল যদিও কোনো পক্ষই আন পক্ষৰ বিৰুদ্ধে কটুক্তি কৰা নাছিল।
পৰিস্থিতি বৰ্তমান সলনি হৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাৰ পথত জো বিডেন।
বিশেষজ্ঞসকলৰ মতে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে এখন বিতৰ্কিত সভাত ডেম’ক্ৰেট প্ৰাৰ্থী জো বিডেনে কিমক ‘গুণ্ডা’ বুলি উল্লেখ কৰিছিল। সেইদৰে, ইয়াৰ প্ৰত্যুত্তৰত পিয়ংইয়ঙে বিডেনক ‘পগলা কুকুৰ’ বুলি অভিহিত কৰে।
এতিয়া জো বিডেন আমেৰিকাৰ ৰাষ্ট্ৰপতি হ’বলৈ আগবঢ়াৰ সময়ত চিন্তিত হৈ পৰিছে কিম জং উন। সেয়েহে, সামৰিক শক্তি বৃদ্ধিৰ কথা কৈ হোৱাইট হাউছৰ ওপৰত চাপ সৃষ্টি কৰাৰ চেষ্টা চলাইছে।
অৱশ্যে, কিমে এইবাৰ পৰমানু শক্তি বৃদ্ধিৰ পৰিৱৰ্তে কেবল সামৰিক শ্কতি বৃদ্ধিৰ কথাহে কৈছে। বিশেষজ্ঞসকলৰ ধাৰণা ইয়াৰ দ্বাৰা কিমে বিডেনক ভয় কৰিছে বুলিয়েই অনুমান কৰিব পাৰি।