অসম উপত্যকা সাহিত্য বঁটা প্ৰাপক বিশিষ্ট কবি তথা সমীৰ তাঁতীয়ে নগাঁও চহৰৰ নেহেৰুবালিত ৩১ অক্টোবৰৰ পৰা চলি থকা উত্তৰ-পূব শিশু গ্ৰন্থমেলাৰ আজি ষষ্ঠ দিনা অসম কবি সন্মিলনৰ নগাঁও জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা কবি সন্মিলন উদ্বোধন কৰে।
কবি সন্মিলন উদ্ধোধন কৰি তেওঁ কয়, ‘কবিতাত শব্দৰ গুৰুত্ব আছে। যাক ভাৰতীয় সাহিত্যত কোৱা হয় শব্দ ব্ৰহ্ম। কবিতাৰ আৰম্ভণী হয় পোহৰৰ প্ৰাৰ্থনাৰে। প্ৰাৰ্থনাও আহিছে ধ্বনিৰ পৰা।’ তেওঁ আৰু কয়, ‘সম্প্ৰতি আমাৰ সমাজ ভাৰাক্ৰান্ত। গণতন্ত্ৰ আছে বুলি কও যদিও ভিতৰি ভিতৰি গণতান্ত্ৰিক ব্যৱস্থা বিধ্বস্ত হৈ পৰিছে।’
কবি লক্ষেশ্বৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত আৰু শিৱপ্ৰসাদ বৰাই আঁত ধৰা আজিৰ এই কবি সন্মিলনত প্ৰায় ডেৰ কুৰি কবিয়ে কবিতা পাঠ কৰাৰ উপৰি সুধাকণ্ঠৰ কেবাটাও কালজয়ী গীত পৰিবেশন কৰি তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
এই অনুষ্ঠানৰ পূৰ্বে পুৱা ১০ বজাৰ পৰা গ্ৰন্থমেলাত চি ভি ৰমণ কনিষ্ঠ মহাবিদ্যালয়ৰ উদ্যোগত হেমকান্ত হাজৰিকাৰ সঞ্চালনাত ‘ভূপেন হাজৰিকাৰ গীত আৰু সুৰ’ শীৰ্ষক আলোচনাচক্ৰ অনুষ্ঠিত হয়।
তদুপৰি বিয়লি নগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত ‘একাঁজলি শ্ৰদ্ধাঞ্জলি’ শীৰ্ষক এক বিশেষ অনুষ্ঠান অনুষ্ঠিত হয় য’ত সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি জনাই গীত, কবিতা আৰু নৃত্যৰে মুখৰিত কৰি তোলাৰ লগতে কেবাজনো বক্তৃাই ভূপেন হাজৰিকাৰ সৃষ্টি আৰু জীৱনৰ ওপৰত আলোকপাত কৰে।