• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নৰ্থ ইষ্ট নাওৰ বাতৰিৰ প্ৰভাৱ : অৱশেষত গা লৰিল কলিয়াবৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ, ৰাইজে পালে বিশুদ্ধ খোৱা পানী

NE NOW NEWS ৰিদিপ শর্মা
কলিয়াবৰ , August 23, 2018 9:56 pm

2 min read

পানী যোগান আঁচনি

নৰ্থইষ্ট নাওত বাতৰি প্ৰকাশৰ পিছতে পুনৰ কাৰ্যক্ষম হৈ উঠিল কলিয়াবৰৰ দেৱসত্ৰ পানী যোগান আঁচনি। ফটো : নৰ্থইষ্ট নাও

188
VIEWS
Share on FacebookShare on Twitter

বিগত কেইদিনমান আগতে আমাৰ এক প্ৰতিবেদনৰ যোগেদি আমি জখলাবন্ধাৰ দেৱসত্ৰ গাওঁৰ বিশুদ্ধ খোৱা পানী আঁচনিৰ এক বিধস্ত ৰূপ উদঙাই দেখুৱাইছিলো। বিশুদ্ধ খোৱা পানীৰ এই আঁচনিখন জখলাবন্ধা চিকিৎসালয়কে ধৰি দেৱসত্ৰ , বাণিপুৰ , সৰুভগীয়া, দয়াল চুক আদি গাওঁলৈ বিশুদ্ধ খোৱা পানীৰ যোগানৰ নামত বহু বছৰ ধৰি বিকল হৈ পৰি আছিল।

আনহাতে, পানী যোগানৰ আহিলা পাতি সমূহ মামৰে ধৰি পোত খাই থকাৰ বিপৰীতে পানী যোগানৰ কাৰ্যালয়টোও হাবিৰে আৱৰি এক ৰকম ভূত বাংলাত পৰিণত হৈছিল। এই সকলো বোৰ দেখি শুনিও বিভাগীয় কৰ্তৃপক্ষই চকুমুদা কুলিৰ ভাও জুৰি আছিল।

কলিয়াবৰ
নৰ্থইষ্ট নাওৰ বাতৰি প্ৰকাশৰ পূৰ্বে দেৱসত্ৰ পানী যোগান আঁচনিৰ অৱস্থা। ফাইল ফটো : নৰ্থইষ্ট নাও

ইপিনে আমি নৰ্থইষ্ট নাওৰ পৰা দেৱসত্ৰ গাওঁৰ ৰাইজৰ অভিযোগ পাই উক্ত স্থান পৰিদৰ্শন কৰি সকলো তথ্য আমাৰ বাতৰিৰ যোগেদি সবিস্তাৰে প্ৰচাৰ কৰিছিলো আৰু তাৰ কেইমাহমানৰ পিছতে চৰকাৰ অৰ্থাৎ কলিয়াবৰ জনস্বাস্থ্য বিভাগৰ গা লৰিল। আজি কিছু দিন আগতে বিভাগীয় কৰ্তৃপক্ষই উক্ত পানী যোগান কেন্দ্ৰটো পুনৰ ন- ৰূপত কাৰ্যক্ষম কৰি ৰাইজক বিশুদ্ধ খোৱা পানীৰ যোগান ধৰিলে।

কিন্তু কথা হ’ল কেৱল দেৱসত্ৰ গাওঁতে যে এনে বিশুদ্ধ খোৱা পানীৰ হাহাকাৰ হৈছিল তেনে নহয় কলিয়াবৰত এতিয়াও এনে কিছুমান গাওঁ আছে য’ত এতিয়াও এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে বহু লোকে হাহাকাৰ কৰি ৰৈছে। উদাহৰণস্বৰূপে কলিয়াবৰৰ শিলঘাটৰ মৰাপাট কলৰ পৰা ত্ৰিশূল ধাৰি সংযোগী লোকসকলে এতিয়াও এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰি থাকে। তাৎপৰ্যপূৰ্ণভাৱে উক্ত এলেকাতো মহাবাহু ব্ৰহ্মপুত্ৰ নৈৰ পাৰতে অথচ উপযুক্ত খোৱা পানীৰ সুবিধাৰ পৰা বঞ্চিত।

তদুপৰি বিগত বৰ্ষত হাতীমূৰা কুকুৰাকটা বান্ধ ছিঙি কলিয়াবৰত হোৱা ভয়াবহ বানপানীৰ ফলত পূবথৰীয়াস্থিত পানী যোগান আঁচনিৰ বৈদ্যুতিক সৰঞ্জামসমূহ বিকল হৈছিল। কিন্তু আজি এবছৰে মেৰামতিৰ অভাৱত তেনেকৈয়ে পৰি ৰৈছে উক্ত পানী যোগান আঁচনিখন। ইপিনে বিভাগীয় কৰ্তৃপক্ষৰ কোনো কাণসাৰ নাই।

আনহাতে, দেৱসত্ৰৰ ৰাইজে নৰ্থ ইষ্ট নাওক ধন্যবাদ জনাই অনাগত দিন বোৰতো এনেদৰে ৰাইজৰ বৃহৎ সমস্যাসমূহৰ বিষয়ে বাতৰি পৰিবেশনৰ এই ধাৰা অব্যাহত ৰখাৰ বাবে অনুৰোধ জনায়।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd