• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

জানিব পৰা মতে, এই ঘটনাত উত্তৰ-পূবৰ একাংশ শিক্ষাৰ্থী আহত হয়। উত্তেজনাৰ সময়ত একাংশ শিক্ষাৰ্থীয়ে হোষ্টেলৰ ভিতৰতে আশ্ৰয় লয়।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 23, 2026 10:09 am
41
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অন্ধ্ৰ প্ৰদেশৰ কাকিনাডাৰ এখন নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক কেন্দ্ৰ কৰি দুটা গোটৰ শিক্ষাৰ্থীৰ মাজত সংঘৰ্ষৰ ঘটনাই ব্যাপক আলোড়নৰ সৃষ্টি কৰিছে। ২১ আগষ্টৰ এই ঘটনাত উত্তৰ-পূবৰ শিক্ষাৰ্থী জড়িত আছিল। ইয়াৰে অধিকাংশই আছিল মণিপুৰৰ। স্থানীয় তেলেগুভাষী শিক্ষাৰ্থীৰ সৈতে তেওঁলোকৰ বাক্-বিতণ্ডা সংঘৰ্ষলৈ পৰিণত হয়। অৱশেষত জিলা প্ৰশাসন আৰু আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে হস্তক্ষেপ কৰিবলগীয়া হয়।

কাকিনাডাৰ এছ কে কলেজ অৱ নাৰ্চিঙৰ হোষ্টেলত সংঘটিত হৈছে এই ঘটনা। জানিব পৰা মতে যোৱা ২১ আগষ্টত উত্তৰ-পূৰ্বাঞ্চলৰ এজন শিক্ষাৰ্থীয়ে নিজৰ মোবাইল ফোন বিচাৰি পোৱা নাছিল। সেই ফোনটো হেৰুৱাক লৈয়ে আৰম্ভ হ’ল তৰ্ক-বিতৰ্ক। পিছত ই উত্তেজনা আৰু দুয়োপক্ষৰ মাজত সংঘৰ্ষলৈ পৰিণত হয়।

Apply Now

জানিব পৰা মতে, এই ঘটনাত উত্তৰ-পূবৰ একাংশ শিক্ষাৰ্থী আহত হয়। উত্তেজনাৰ সময়ত একাংশ শিক্ষাৰ্থীয়ে হোষ্টেলৰ ভিতৰতে আশ্ৰয় লয়।

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কাকিনাডা জিলা দণ্ডাধীশ আৰু আৰক্ষী অধীক্ষকে হোষ্টেলত গৈ হস্তক্ষেপ কৰে। অধিক সংঘৰ্ষ ৰোধ কৰিবলৈ উত্তৰ-পূৰ্বাঞ্চলৰ শিক্ষাৰ্থীসকলক পৃথকে ৰখাৰ ব্যৱস্থা কৰা হয়। তদুপৰি সতৰ্কতামূলক ব্যৱস্থা হিচাপে অন্য ৰাজ্যৰ ৩১ গৰাকী শিক্ষাৰ্থীকো তেওঁলোকৰ সন্মতি সাপেক্ষে পৃথক হোষ্টেললৈ স্থানান্তৰ কৰা হয়। তেওঁলোকৰ সুৰক্ষাৰ বাবে প্ৰশাসন আৰু আৰক্ষীয়ে প্ৰয়োজনীয় ব্যৱস্থা কৰিছে।

ঘটনাটো অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৰ কাৰ্যালয়ৰো দৃষ্টিগোচৰ হয়। বিষয়টো পুনৰীক্ষণ কৰি মুখ্যমন্ত্রীয়ে বিষয়টো শীঘ্রে স্বাভাৱিক কৰি তুলিবলৈ বিষয়াসকলক নির্দেশ দিয়ে৷ তেওঁৰ নিৰ্দেশ অনুসৰি জিলা দণ্ডাধীশ আৰু আৰক্ষী অধীক্ষকে ছাত্ৰ-ছাত্ৰীসকলৰ সুৰক্ষা আৰু থকাৰ ব্যৱস্থা সুনিশ্চিত কৰে। মুখ্যমন্ত্রীৰ কার্যালয়ৰ দাবী, পাছত পৰিস্থিতি নিয়ন্ত্রণ কৰি বিষয়টো সমাধান কৰা হয়৷

ঘটনাৰ পিছতে মণিপুৰৰ শিক্ষাৰ্থীসকলে প্ৰশাসনৰ হস্তক্ষেপৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে। সুকীয়াকৈ থকাৰ ব্যৱস্থা আৰু নিৰাপত্তা লাভ কৰি তেওঁলোক সুৰক্ষিত বুলি জানিবলৈ দিয়ে। মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এন বীৰেণ সিঙেও অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰে। পিছত তেওঁ কয় যে ছাত্ৰ-ছাত্ৰীসকলক আন এটা অট্টালিকালৈ স্থানান্তৰ কৰা হৈছে আৰু নিশা তেওঁলোকৰ নিৰাপত্তাৰ বাবে তাত এগৰাকী মহিলা উপ-পৰিদৰ্শক ৰখা হৈছে। লগতে নাইডুক তেওঁৰ ক্ষীপ্ৰ পদক্ষেপৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

BREAKING ⚡

🚨NORTHEAST STUDENTS ATTACKED BY MOB AT SK COLLEGE OF NURSING, ANDHRA PRADESH @AndhraPradeshCM

22 August 2026
📍Valasapakala, Kakinada

—A scuffle reportedly broke out between Northeast and local girl students following allegations of stolen mobile phones… pic.twitter.com/HN8X6ZfRsW

— 📍SHANGH CHE🚭 (@JosephNaga1986) August 22, 2026

বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণত থকা বুলি প্ৰশাসনে অৱগত কৰিছে। উত্তৰ-পূর্বাঞ্চলৰ শিক্ষাৰ্থীসকলো প্রশাসনৰ ব্যৱস্থাত সন্তুষ্ট৷ কিন্তু এটা মোবাইল ফোন হেৰুৱাক লৈ দুয়োটা গোটৰ মাজত ইমান উত্তেজনা কেনেকৈ উদ্ভৱ হ’ল সেই লৈ প্ৰশ্ন উত্থাপন হৈছে। ভৱিষ্যতে যাতে পুনৰ এনে ঘটনা সংঘটিত নহয় তাৰ বাবেও দৃষ্টি ৰখা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতত চলি আছে ‘কৃত্ৰিম সূৰ্য্য’ নিৰ্মাণৰ কাম; ইতিহাস ৰচনা কৰাৰ পথত দেশ

ভাৰতত চলি আছে ‘কৃত্ৰিম সূৰ্য্য’ নিৰ্মাণৰ কাম; ইতিহাস ৰচনা কৰাৰ পথত দেশ

September 15, 2026 8:42 am
সন্মান ৰক্ষাৰ যুঁজত কংগ্ৰেছ! নগাঁৱত দেৱাশিস শৰ্মাৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰা!

সন্মান ৰক্ষাৰ যুঁজত কংগ্ৰেছ! নগাঁৱত দেৱাশিস শৰ্মাৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰা!

September 15, 2026 7:35 am
অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতত চলি আছে ‘কৃত্ৰিম সূৰ্য্য’ নিৰ্মাণৰ কাম; ইতিহাস ৰচনা কৰাৰ পথত দেশ

ভাৰতত চলি আছে ‘কৃত্ৰিম সূৰ্য্য’ নিৰ্মাণৰ কাম; ইতিহাস ৰচনা কৰাৰ পথত দেশ

September 15, 2026 8:42 am
সন্মান ৰক্ষাৰ যুঁজত কংগ্ৰেছ! নগাঁৱত দেৱাশিস শৰ্মাৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰা!

সন্মান ৰক্ষাৰ যুঁজত কংগ্ৰেছ! নগাঁৱত দেৱাশিস শৰ্মাৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰা!

September 15, 2026 7:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd