NORTHEAST NOW (Assamese)

আই এছ এলৰ ছেমি : প্ৰথম লেগত খেলৰ অন্তিমটো শ্বটত জয় আনিলে নৰ্থ-ইষ্ট য়ুনাইটেডে

March 7, 2019 9:41 pm · এন ই নাও নিউজ
Updated: March 7, 2019 9:56 pm
খেলৰ এটা মুহূৰ্ত।

নৰ্থ-ইষ্ট য়ুনাইটেডে ২০১৮-১৯ বৰ্ষৰ আই এচ এলৰ স্বপ্নৰ দৌৰ অব্যাহত ৰাখিছে। গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা প্ৰথমখন লেগৰ ছেমিফাইনেলত তাৰকা সমৃদ্ধ বেংগালুৰু এফ চিক ২-১ গ’লত পৰাস্ত কৰে।

ষ্টেডিয়াম পূৰ্ণ হৈ থকা ঘৰুৱা দৰ্শকৰ উপস্থিতিত প্ৰথমৰে পৰা দমনীয় প্ৰদৰ্শন আগবঢ়াই প্ৰথমাৰ্ধতে ১-০ অগ্ৰগতি লাভ কৰে নৰ্থ-ইষ্ট য়ুনাইটেডে। খেলৰ ২০ মনিটতে অধিনায়ক, নাইজেৰিয়ান তাৰকা অগবেচৰ পৰা লাভ কৰা সুন্দৰ পাচেৰে বিপক্ষৰ গ’ল ৰক্ষকক পৰাভূত কৰি গ’ল দিয়ে তাৰকা খেলুৱৈ ৰীডীম ত্লাঙে।

প্ৰথম অৰ্ধত বেংগালুৰু এফ চিয়ে অশেষ চেষ্টা কৰিও নৰ্থ-ইষ্ট য়ুনাইটেডৰ ৰক্ষণ বিভাগ ভেদ কৰি গ’লটো পৰিশোধ কৰিব নোৱাৰে।।

অৱশ্যে দ্বিতীয়াৰ্ধত খেলৰ ৮২ মিনিটত বেংগালুৰু এফ চিয়ে চিচকো হাৰ্নেণ্ডেজৰ জৰিয়তে গ’লটো পৰিশোধ কৰে।

কিন্তু শেষ পৰ্য্যন্ত চেষ্টা অব্যাহত ৰখা নৰ্থ-ইষ্ট য়ুনাইটেডে অতিৰিক্ত সময়ৰ অন্তিমটো মুহূৰ্তত এটা সোণালী সুযোগ পায়, য’ত ফাইল খেলাৰ বাবে পেনাল্টি কিকৰ নিৰ্দেশ দিয়ে বেংগালুৰুৰ বিৰুদ্ধে।

নৰ্থ-ইষ্ট য়ুনাইটেডৰ জুৱান ক্ৰুজ মাৰ্চিয়াই এটা দৰ্শনীয় পেনাল্টি কিকেৰে গ’ল দি ব্যৱধান ২-১ কৰে আৰু সেইদৰে প্ৰথম লেগত শক্তিশালী প্ৰতিদ্বন্দ্বী দলটোৰ বিৰুদ্ধে অগ্ৰগতি লাভ কৰে। ছেমিৰ দ্বিতীয় লেগৰ খেল আছে ১১ মাৰ্চত।

Related News