• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অকলশৰীয়া নহয় অসম, বিধেয়ক বিৰোধী ৰণলৈ টঙালি সাতভনীৰ সন্তানৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
November 14, 2018 6:57 pm
Dr. Samujjal Kumar Bhattacharya NESO advisor along with NESO Chairman Samuel Jyrwa addressing media peoples regading Citizenship (Amendment) Bill 2016 in Guwahati on 14-11-18.pix by UB PHOTOS

গুৱাহাটীত বুধবাৰৰ নেচ’ৰ সংবাদমেল। ছবি- ইউ বি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপি চৰকাৰ উত্থাপিত নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তোলা অসমৰ খিলঞ্জীয়া ৰাইজ এতিয়া আৰু অকলশৰীয়া নহয়। কাৰণ বিধেয়কখনৰ বিৰুদ্ধে আন্দোলনৰ বাবে ওলাই আহিছে সাতভনীৰ সন্তান।

নেচ’-ৰ উদ্যোগত বিধেয়কবিৰোধী ৰণলৈ টঙালি বান্ধিছে উত্তৰ-পূবৰ প্ৰত্যেক ৰাজ্যৰে ছাত্ৰ সংগঠন। আৰু এই আন্দোলন আৰম্ভ হ’ব অহা ২০ নৱেম্বৰৰ পৰা।

Apply Now

বুধবাৰে গুৱাহাটীৰ চহিদ ন্যাসত সংবাদমেলযোগে এই কথা সদৰী কৰে নেচ’ৰ অধ্যক্ষ চেমুৱেল জাইৰৱা প্ৰমুখ্যে নেতৃবৰ্গই।

২০ নৱেম্বৰত গুৱাহাটীত আৰম্ভ হ’ব লগা এই প্ৰতিবাদী কাৰ্য্যসূচীয়ে পৰৱৰ্তী সময়ত সামৰি ল’ব সমগ্ৰ উত্তৰ-পূব। ৩০ নৱেম্বৰত উত্তৰ-পূৰ্বাঞ্চলৰ সাতোখন ৰাজ্যৰ ৰাজধানীত বিধেয়ক বাতিলৰ দাবীত প্ৰতিবাদ কৰিব নেচ’ই।

আনহাতে সংসদৰ শীতকালীন অধিৱেশন আৰম্ভ হোৱাৰ সময়ত নতুন দিল্লীত বিধেয়কবিৰোধী আন্দোলন কৰিব সংগঠনটোৱে।

আছুৱে ইতিমধ্যে অসমত আৰম্ভ কৰাৰ দৰে উত্তৰ-পূবৰ প্ৰতিজন মন্ত্ৰী, বিধায়ক আৰু সাংসদক লগ ধৰি বিধেয়ক বিৰোধিতাৰ অনুৰোধ জনাব বুলিও নেচ’ৰ নেতৃত্বই সংবাদমেলত জানিবলৈ দিয়ে। নেচ’ৰ অংশীদাৰী প্ৰত্যেক ছাত্ৰ সংগঠনে নিজ নিজ ৰাজ্যত গ্ৰহণ কৰিব এই কাৰ্য্যসূচী। উত্তৰ-পূবৰ সকলো সাংসদক লৈ বিধেয়ক বিৰোধিতাৰ বাবে এক বৈঠকো অনুষ্ঠিত কৰিব বুলিও সংবাদমেলত জানিবলৈ দিয়ে সংগঠনটোৱে।

সংবাদমেলত নেচ’ৰ অধ্যক্ষ চেমুৱেল জাইৰৱাই কয়, ‘আমি এই বিধেয়কৰ বিৰোধিতা কৰি ইতিমধ্যে কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিং আৰু গৃহ ৰাজ্য মন্ত্ৰী কিৰেন ৰিজিজুক সাক্ষাৎ কৰি আমাৰ কথা জনাইছো। কিন্তু কোনো ফল পোৱা নগ’ল। এই বিধেয়কখন আইনত পৰিণত হ’লে উত্তৰ-পূবৰ জনগাঁথনিয়েই সলনি হৈ যাব। আমি ত্ৰিপুৰাৰ খিলঞ্জীয়া মানুহৰ অস্তিত্বৰ সংকট দেখিছো। অসমতো বহুকেইখন জিলা ইতিমধ্যে অ-খিলঞ্জীয়া লোকৰ কবলত পৰিছে। গতিকে এই বিধেয়ক গৃহীত হ’লে আমাৰ প্ৰতি আৰু ভাবুকি আহিব।’

২০১৫ চনত কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা নাগৰিকত্বৰ জাননী, পাৰপত্ৰ জাননী আৰু দীৰ্ঘকালীন ভিজা প্ৰদানৰো বিৰোধিতা কৰিছে নেচ’ই।

সংবাদমেলত নেচ’ৰ উপদেষ্টা তথা সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্বল কুমাৰ ভট্টাচাৰ্য্যই কয়, ‘নাগৰিকত্ব সংশোধনী বিধেয়ক, নাগৰিকত্বৰ জাননী, পাৰপত্ৰ জাননী আৰু দীৰ্ঘকালীন ভিজা প্ৰৱৰ্তনেৰে কেন্দ্ৰীয় চৰকাৰে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা বাংলাদেশীসকলক সুৰক্ষা প্ৰদান কৰিব বিচাৰিছে। যাৰদ্বাৰা উত্তৰ-পূবৰ খিলঞ্জীয়া মানুহৰ অস্তিত্বৰ প্ৰতি সংকট নমাই আনিব। কিন্তু কেন্দ্ৰীয় চৰকাৰক আমি ক’ব বিচাৰিছো ক’লকাতাৰ পাছত দেশৰ এটা অংশ আছে, যিটো ‘উত্তৰ-পূব’ আৰু এই উত্তৰ-পূবক বিদেশীৰ ‘চৰনীয়া পথাৰ’ বুলি নাভাবিব।’

কেন্দ্ৰীয় চৰকাৰে এই বিধেয়ক আৰু জাননীসমূহৰ জৰিয়তে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াটোতে ব্যাঘাত জন্মাব বিচাৰিছে বুলিও তেওঁ লগতে অভিযোগ কৰে।

উত্তৰ-পূবৰ জন প্ৰতিনিধিসকলক খিলঞ্জীয়া ৰাইজৰ স্বাৰ্থ দলতকৈ আগত বুলি মনত ৰাখি আগবাঢ়িবলৈ ভট্টাচাৰ্য্যই আহ্বান জনায়।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd