• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

২০২৪ চন পৰ্যন্ত পৰ্যাপ্ত পৰিমাণৰ ক’ৰ’ণাৰ ভেকচিন উপলব্ধ নহয় বিশ্বত! : ছেৰামৰ দাবীয়ে উদ্বিগ্ন কৰিছে বিশ্ববাসীক

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 15, 2020 4:00 pm

2 min read

index.jpg
311
VIEWS
Share on FacebookShare on Twitter

২০২৪ চন পৰ্যন্ত পৰ্যাপ্ত পৰিমাণৰ ক’ৰ’ণাৰ ভেকচিন উপলব্ধ নহয় বিশ্বত! এই দাবী কৰিছে অক্সফোৰ্ডৰ কোভিডশ্বীড ভেকচিনটোৰ প্ৰস্তুতকাৰী ভাৰতীয় প্ৰতিষ্ঠান ছেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই।

প্ৰতিষ্ঠানটোৰ অধ্যক্ষ আদৰ পুনাৱালাই সোমবাৰে এক ৰিপ’ৰ্টৰ পৰিসংখ্যা ব্যাখা কৰি কয় যে সমগ্ৰ বিশ্বত প্ৰায় ১৫ বিলিয়ন ড’জৰ প্ৰয়োজন হ’ব।

পুনাৱালৰ মতে এই বিপুল পৰিমাণৰ ভেকচিন তৈয়াৰ কৰিবলৈ অন্ততঃ পাঁচটা বছৰৰ প্ৰয়োজন হ’ব।

উল্লেখ্য যে, বিশ্বৰ বৃহত্তম ভেকচিন প্ৰস্তুতকাৰী প্ৰতিষ্ঠান হৈছে ভাৰতৰ এই ছেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া। ছেৰামে অক্সফোৰ্ডৰ কোভিডশ্বীড নামৰ ক’ৰ’ণাৰ এই ভেকচিনটো তৈয়াৰ কৰিবলৈ ছুইডিছ প্ৰতিষ্ঠান আষ্ট্ৰাজেনেকাৰৰ সৈতে চুক্তিৱদ্ধ হৈছে।

সেয়ে ছেৰামৰ মুৰব্বী আদৰ পুনাৱালাই এই দাবী কৰাৰ পিছত স্বাভাৱিকতে বিশ্ববাসীৰ উদ্বিগ্নতা বৃদ্ধি পাইছে।

ইফালে কালি ভাৰতৰ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনে জনাইছিল যে অহা বছৰৰ মাৰ্চ মাহত ক’ৰ’ণা ভাইৰাছৰ ভেকচিন ভাৰতীয় বজাৰত উপলব্ধ হ’ব। কিন্তু পুনৱালাৰ এই দাবীৰ পিছতে এতিয়া দেশবাসীৰ মাজত সন্দেহৰ ঘণীভূত হৈছে।

ইতিমধ্যে ভেকচিনটোৰ প্ৰথম পৰ্যায়ৰ ট্ৰায়েল সফলতাৰে সম্পন্ন হৈ গৈছে। দ্বিতীয় পৰ্যায়ৰ লগতে তৃতীয় পৰ্যায়ৰ ট্ৰায়েলো আৰম্ভ হৈছে।

দ্বিতীয় পৰ্যায়ৰ ফলাফল আহিবলৈ বাকী থাকিলেও বিশ্বৰ বিভিন্ন দেশত ভেকচিনটোৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ ট্ৰায়েল আৰম্ভ কৰা হৈছে।

ইফালে তৃতীয় পৰ্যায়ৰ ট্ৰায়েলত ব্ৰিটেইনৰ এগৰাকী স্বেচ্ছাসেৱকৰ শৰীৰত ভেকচিনটোৱে পাৰ্শ্বপ্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল বুলি আষ্ট্ৰাজেনেকাৰে কিছুদিন পূৰ্বে জনাবিলৈ দিছিল।

ইয়াৰ পিছতে ব্ৰিটেইনত ইয়াৰ ট্ৰায়েল সাময়িকভাৱে স্থগিত ৰখা হৈছে। কিন্তু ভাৰতত ইয়াৰ ট্ৰায়েল স্থগিত কৰা নহয় বুলি ঘোষণা কৰিছিল ছেৰামে।

ইয়াৰ পিছতে কালি ড্ৰাগছ কণ্ট্ৰ’লাৰ জেনেৰেল অৱ ইণ্ডিয়াই ভাৰতত ভেকচিনটোৰ ট্ৰায়েল কিয় স্থগিত ৰখা নহ’ব তাৰ কাৰণ বিচাৰি জাননী প্ৰেৰণ কৰিছে ছেৰামলৈ।

Recent News

Shraddha Kapoor

বলীউদৰ মোহময়ী অভিনেত্ৰী শ্ৰদ্ধা কাপুৰৰ বিয়া! দৰা হ’ব কোন?

a congress

বিজেপিতকৈয়ো চৰা বিৰোধী! গেৰুৱা বাহিনীৰ মিছন ১০০+ৰ পিছত কংগ্ৰেছেও ঘোষণা কৰিলে মিছন ১০১+

Social Media অধিক শক্তিশালী কৰি বিজেপিৰ IT চেলৰ বিৰুদ্ধে যুঁজিব প্ৰদেশ কংগ্ৰেছে

Social Media অধিক শক্তিশালী কৰি বিজেপিৰ IT চেলৰ বিৰুদ্ধে যুঁজিব প্ৰদেশ কংগ্ৰেছে

Gautam-Gambhir-Facts-in-Hin

এতিয়া স্পষ্ট হৈছে কেজৰিৱালে দিল্লী জ্বলাটো বিচাৰে : গৌতম গম্ভীৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd