• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

‘যন্তৰ মন্তৰতে শেষ নহয়, আহি আছে ‘ছিজন ২’: ডাঙৰ আন্দোলনৰ প্ৰস্তুতি চিজেপিৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 13, 2026 9:13 am
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীৰ যন্তৰ মন্তৰত ছাত্ৰ আন্দোলনৰ পাছত পুনৰ বৃহৎ আন্দোলনৰ প্ৰস্তুতি আৰম্ভ কৰিছে ‘ককৰোচ জনতা পাৰ্টি’-এ। বুধবাৰে দলটোৰ প্ৰতিষ্ঠাপক অভিজিৎ দিপকে ঘোষণা কৰে যে অতি সোনকালেই আৰম্ভ হ’ব ‘যন্তৰ মন্তৰ ছিজন ২’। তেওঁ কয় যে এইবাৰ আন্দোলন কেৱল দিল্লীৰ যন্তৰ মন্তৰত সীমাবদ্ধ নাথাকিব।

যোৱা মাহত দিল্লীৰ যন্তৰ মন্তৰত প্ৰশ্নকাকত ফাদিল, তাৰ পাছত ছাত্ৰ-ছাত্ৰীৰ আত্মহত্যা আৰু শিক্ষাক্ষেত্ৰত সংস্কাৰৰ দাবীত এক বৃহৎ ছাত্ৰ আন্দোলন গঢ় লৈ উঠিছিল। আন্দোলনটোৱে দেশজুৰি ব্যাপক চৰ্চা লাভ কৰিছিল। আন্দোলন শেষ হোৱাৰ পাছত CJP-এ গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহক জবাবদিহিৰ আওতালৈ অনাৰ বাবে এক শক্তিশালী চাপ সৃষ্টিকাৰী সংগঠন হিচাপে কাম কৰি যোৱাৰ কথা প্ৰকাশ কৰিছিল।

Apply Now

এই আন্দোলনৰ কথা উল্লেখ কৰি অভিজিৎ দিপকে কয় যে ছ’চিয়েল মিডিয়াত বহুতে তেওঁক ‘যন্তৰ মন্তৰ ছিজন ২’ কেতিয়া আৰম্ভ হ’ব বুলি সুধি আহিছিল। তেওঁ কয় যে অতি সোনকালেই এই নতুন পৰ্যায়ৰ আন্দোলন আৰম্ভ হ’ব।

CJP-ৰ মুখ্য মুখপাত্ৰ সৌৰভ দাসে অৱশ্যে স্পষ্ট কৰি দিয়ে যে ‘যন্তৰ মন্তৰ ছিজন ২’ মানে কেৱল দিল্লীৰ কোনো এটা স্থানত প্ৰতিবাদ কৰা নহয়। তেওঁৰ মতে, এইবাৰ দেশৰ বিভিন্ন প্ৰান্তত চৰকাৰ আৰু প্ৰশাসনৰ বিৰুদ্ধে জনসাধাৰণৰ প্ৰতিবাদৰ কণ্ঠ শক্তিশালী কৰাৰ লক্ষ্য লোৱা হৈছে।

সৌৰভ দাসে কয় যে CJP-এ দেশজুৰি ‘লিছেনিং ট্যুৰ’ আৰম্ভ কৰিব। এই যাত্ৰাৰ জৰিয়তে সাধাৰণ মানুহৰ সমস্যা আৰু অভিযোগ শুনা হ’ব। তেওঁ লগতে কয় যে শিক্ষাক কেন্দ্ৰ কৰি এক বৃহৎ প্ৰচাৰ অভিযান আৰম্ভ কৰা হ’ব আৰু ১৫ আগষ্ট স্বাধীনতা দিৱসৰ পৰাই এই অভিযানৰ আৰম্ভণি হ’ব।

ইয়াৰ মাজতে অভিজিৎ দিপকে দিল্লীত দলীয় ভলান্টিয়াৰসকলৰ এখন সভা অনুষ্ঠিত কৰাক লৈ বাধা দিয়াৰ অভিযোগ উত্থাপন কৰিছে। তেওঁৰ দাবী অনুসৰি, সভাৰ বাবে হল বিচাৰি যাওঁতে কেইবাজনো হল মালিকে বুকিং দিবলৈ অস্বীকাৰ কৰিছিল। তেওঁলোকৰ ওপৰত ‘ওপৰৰ পৰা হেঁচা’ থকা বুলি জনোৱা হৈছিল বুলি দিপকে অভিযোগ কৰে।

দিপকে দাবী কৰে যে বহু চেষ্টা কৰাৰ পাছত এখন হল বুক কৰা হৈছিল আৰু তেওঁলোকৰ হাতত বুকিঙৰ ৰচিদো আছিল। কিন্তু সভাৰ দিনা পুৱা হলৰ মালিকসকলক ফোন কৰি ভাবুকি দিয়া হৈছিল বুলি তেওঁ অভিযোগ কৰে। CJP-ৰ প্ৰতিষ্ঠাপকগৰাকীৰ মতে, CJP-ৰ সভা অনুষ্ঠিত কৰিবলৈ দিলে মালিকসকলক ‘ওলোটাকৈ ওলোমাই দিয়া হ’ব’ বুলি ভাবুকি দিয়া হৈছিল। অৱশ্যে এই অভিযোগসমূহ স্বতন্ত্ৰভাৱে নিশ্চিত কৰিব পৰা হোৱা নাই।

এই ঘটনাৰ বাবে বিজেপিক দায়ী কৰি দিপকে কয় যে এনে ঘটনাই বিজেপিয়ে দেশৰ যুৱসমাজক কিমান ভয় কৰে সেয়া দেখুৱাইছে। তেওঁ লগতে কয় যে এনে ৰাজনীতিৰ জৰিয়তে CJP-ক ভয় খুৱাব নোৱাৰিব।

এসময়ত ডিজিটেল প্লেটফৰ্মত ব্যংগ আৰু ছেটায়াৰধৰ্মী ফ্ৰণ্ট হিচাপে আৰম্ভ হোৱা CJP-এ এতিয়া নিজৰ কামৰ পৰিসৰ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে। যন্তৰ মন্তৰৰ আন্দোলনৰ পাছত সংগঠনটোৱে শিক্ষাক কেন্দ্ৰ কৰি অধিক সক্ৰিয় হোৱাৰ সিদ্ধান্ত লৈছে।

অভিজিৎ দিপকে ঘোষণা কৰা অনুসৰি, ১৫ আগষ্ট স্বাধীনতা দিৱসৰ দিনা CJP-এ ‘স্কুল ঠিক কৰো’ অভিযান আৰম্ভ কৰিব। দেশৰ গাঁও অঞ্চলৰ চৰকাৰী বিদ্যালয়সমূহত খোৱাপানী, শৌচাগাৰ আৰু শ্ৰেণীকোঠাৰ দৰে মৌলিক সুবিধা নিশ্চিত কৰাই এই অভিযানৰ মূল লক্ষ্য।

এক্সত দিপকে লিখিছে যে স্বাধীনতাৰ ৮০ বছৰ পাছতো দেশৰ গাঁৱৰ শিশুসকলে বিদ্যালয়ৰ ন্যূনতম সুবিধাৰ বাবে সংগ্ৰাম কৰিবলগীয়া হোৱাটো গ্ৰহণযোগ্য নহয়। গ্ৰাম্য ভাৰতৰ শিশুসকলক দীৰ্ঘদিন ধৰি বঞ্চিত কৰা হৈছে বুলিও তেওঁ মন্তব্য কৰে।

CJP-ৰ মুখপাত্ৰ সৌৰভ দাসেও চৰকাৰৰ বিৰুদ্ধে বিদ্যালয়সমূহক অৱহেলা কৰাৰ অভিযোগ উত্থাপন কৰি ‘স্কুল ঠিক কৰো’ অভিযানৰ জৰিয়তে বিদ্যালয়সমূহৰ অৱস্থা উন্নত কৰাৰ আহ্বান জনাইছে।

জানিব পৰা মতে, মহাৰাষ্ট্ৰৰ হিংগোলি জিলাত অভিজিৎ দিপকেৰ নিজৰ গাঁৱৰ পৰাই এই অভিযান আৰম্ভ হ’ব। গাঁওখনৰ সৰপঞ্চ, অভিভাৱক আৰু স্থানীয় লোকসকলক একেলগে লৈ চৰকাৰী বিদ্যালয়ৰ অৱস্থা উন্নত কৰাৰ বাবে কাম কৰাৰ আহ্বান জনোৱা হ’ব।

ইয়াৰ পূৰ্বে চলিত সপ্তাহতে উত্তৰ প্ৰদেশৰ হামীৰপুৰত একাংশ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদলৈও CJP-এ সমৰ্থন আগবঢ়াইছিল। গাঁৱৰ ভাঙাচোৰা পথৰ বাবে বিদ্যালয়লৈ অহা-যোৱাত সমস্যাৰ সন্মুখীন হোৱা ছাত্ৰ-ছাত্ৰীসকলে কালেক্টৰেট কাৰ্যালয়লৈ সমদল উলিয়াই মূল গেট অৱৰোধ কৰি প্ৰতিবাদ কৰিছিল।

এই ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিবাদক সমৰ্থন জনাই অভিজিৎ দিপকে আৰু সৌৰভ দাসে তেওঁলোকৰ সাহসক প্ৰশংসা কৰে। দিপকে কয় যে বিদ্যালয়লৈ যাবলৈ এটা ভাল পথ বিচৰাটো কোনো ডাঙৰ দাবী নহয় আৰু স্বাধীনতাৰ ৮০ বছৰ পাছতো এনে মৌলিক সুবিধাৰ বাবে শিশুসকলে আন্দোলন কৰিবলগীয়া হোৱাটো দুখজনক।

এফালে দেশজুৰি সাধাৰণ মানুহৰ সমস্যা শুনিবলৈ ‘কেয়া বোলতি পাবলিক’ অভিযান আৰু আনফালে গ্ৰাম্য বিদ্যালয়ৰ পৰিস্থিতি উন্নত কৰিবলৈ ‘স্কুল ঠিক কৰো’ অভিযান। এই দুটা কাৰ্যসূচীৰ জৰিয়তে শিক্ষাক কেন্দ্ৰ কৰি দেশজুৰি নিজৰ আন্দোলনৰ পৰিসৰ বৃদ্ধি কৰাৰ লক্ষ্য লৈছে CJP-এ। যন্তৰ মন্তৰৰ আন্দোলনৰ পাছত এই নতুন কৌশলে সংগঠনটোক ৰাষ্ট্ৰীয় ৰাজনীতিত কিমান দূৰ আগুৱাই নিয়ে, সেয়া এতিয়া লক্ষ্যণীয় হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বলবম যাত্ৰা শেষ হোৱাৰ পাছতেই আবৰ্জনাৰ পাহাৰ, ঘাটে ঘাটে পৰিত্যক্ত প্লাষ্টিকৰ বটল; প্ৰদূষণৰ কবলত উত্তৰাখণ্ড

বলবম যাত্ৰা শেষ হোৱাৰ পাছতেই আবৰ্জনাৰ পাহাৰ, ঘাটে ঘাটে পৰিত্যক্ত প্লাষ্টিকৰ বটল; প্ৰদূষণৰ কবলত উত্তৰাখণ্ড

August 13, 2026 9:23 am
‘যন্তৰ মন্তৰতে শেষ নহয়, আহি আছে ‘ছিজন ২’: ডাঙৰ আন্দোলনৰ প্ৰস্তুতি চিজেপিৰ

‘যন্তৰ মন্তৰতে শেষ নহয়, আহি আছে ‘ছিজন ২’: ডাঙৰ আন্দোলনৰ প্ৰস্তুতি চিজেপিৰ

August 13, 2026 9:13 am
৫০০ টকাৰ ঘোচ লোৱাক লৈ কৰিছিল তীব্ৰ প্ৰতিবাদ : ১ বছৰ নহওতেই সেই আই পি এছ বিষয়াৰ বিৰুদ্ধে ১ কোটি টকাৰ ঘোচ লোৱাৰ অভিযোগ!

৫০০ টকাৰ ঘোচ লোৱাক লৈ কৰিছিল তীব্ৰ প্ৰতিবাদ : ১ বছৰ নহওতেই সেই আই পি এছ বিষয়াৰ বিৰুদ্ধে ১ কোটি টকাৰ ঘোচ লোৱাৰ অভিযোগ!

August 13, 2026 8:54 am
গুজৰাটত পুনৰ চান্দীপুৰা ভাইৰাছৰ সংক্ৰমণ: দুমাহৰ ভিতৰতে ২৫টি শিশুৰ মৃত্যু

গুজৰাটত পুনৰ চান্দীপুৰা ভাইৰাছৰ সংক্ৰমণ: দুমাহৰ ভিতৰতে ২৫টি শিশুৰ মৃত্যু

August 13, 2026 8:15 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বলবম যাত্ৰা শেষ হোৱাৰ পাছতেই আবৰ্জনাৰ পাহাৰ, ঘাটে ঘাটে পৰিত্যক্ত প্লাষ্টিকৰ বটল; প্ৰদূষণৰ কবলত উত্তৰাখণ্ড

বলবম যাত্ৰা শেষ হোৱাৰ পাছতেই আবৰ্জনাৰ পাহাৰ, ঘাটে ঘাটে পৰিত্যক্ত প্লাষ্টিকৰ বটল; প্ৰদূষণৰ কবলত উত্তৰাখণ্ড

August 13, 2026 9:23 am
‘যন্তৰ মন্তৰতে শেষ নহয়, আহি আছে ‘ছিজন ২’: ডাঙৰ আন্দোলনৰ প্ৰস্তুতি চিজেপিৰ

‘যন্তৰ মন্তৰতে শেষ নহয়, আহি আছে ‘ছিজন ২’: ডাঙৰ আন্দোলনৰ প্ৰস্তুতি চিজেপিৰ

August 13, 2026 9:13 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd