• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গোলাঘাটত পুনৰ গাড়ীৰ গ্লাছ ভাঙি দুৰ্বৃত্তই লুটিলে ৬ লক্ষাধিক টকা

ৰিতুপল্লৱ শইকীয়া by ৰিতুপল্লৱ শইকীয়া
February 16, 2019 8:26 am
1.2k
VIEWS
Share on FacebookShare on Twitter

গোলাঘাট নগৰত সম্প্ৰতি দ্ৰুতগতিত বৃদ্ধি পাইছে চুৰি ঘটনা। নগৰখনত আৰক্ষীৰ নিৰাপত্তাক ভেঙুচালি দেখুৱাই ১৫ ফেব্ৰুৱাৰিত দিনদুপৰতে নগৰৰ মাজমজিয়াৰ পৰা দুৰ্বৃত্তই লুটি নিয়ে ছয় লক্ষাধিক টকা। নগৰখনৰ সদা ব্যস্ত কলেজ তিনিআলিত অৱস্থিত ‘সোণালীকা ট্ৰেক্টৰছ’ৰ ডিলাৰৰ সন্মুখত এই ঘটনা সংঘটিত হয়।

ঘটনাৰ বিৱৰণী মতে উক্ত ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ গৰাকী পৰাগ শইকীয়াই দুপৰীয়া ব্যৱসায়িক লেনদেন সংক্ৰান্তত ব্যয়ৰ বাবে ৬ লাখ ৩৫ হাজাৰ টকা এটা বেগত লৈ ডিলাৰলৈ আহিছিল। টকাৰ বেগটো তেওঁৰ এ এছ ০৫ এফ ১১২২ নম্বৰৰ মেৰুণ ৰঙৰ এক্স ইউ ভি বাহনখনৰ আগছিটত ৰাখি গাড়ীখন তেওঁৰ ডিলাৰৰ সম্মুখত ৰাখি ডিলাৰৰ ভিতৰলৈ যায়।

উক্ত সময়তে এখন বাইকত অহা দুজন যুৱকে টকাখিনি লুট কৰি লৈ যায়। ইতিমধ্যে ডিলাৰটোৰ চি চি টি ভি কেমেৰাত বন্দী হোৱা দৃশ্যত বাইক চালকৰ লগত অহা যুৱক জনে গাড়ীৰ গ্লাছ ভাঙি টকাৰ বেগটো উলিয়াই অনা আৰু ইয়াৰ পিছতে দুয়ো দ্ৰুতবেগত পলায়ন কৰা স্পষ্টভাৱে দেখা গৈছে।

আনহাতে ঘটনা সন্দৰ্ভত গোলাঘাট আৰক্ষীক জনোৱাৰ পিছত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে যুৱক দুজনৰ কোনো সম্ভেদ পোৱা নাই। দিন দুপৰতে ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ সন্মুখৰ পৰাই চিনেমাৰ কায়দাৰে সংঘটিত উক্ত ধন লুটৰ ঘটনাই নগৰবাসীক সচকিত কৰি তুলিছে।

উল্লেখযোগ্য যে বিগত দুটা মাহত নগৰৰ বিভিন্ন স্থানৰ পৰা পঁচিশখনকৈ  বুলেট চুৰি ঘটনা আৰু আজিৰ পৰা প্ৰায় পোন্ধৰ দিনৰ পূৰ্বে এজন ব্যক্তিৰ গাড়ীৰ গ্লাছ ভাঙি  ৬০ হাজাৰ  টকা লুট কৰি নিয়াৰ পিছত আজি পুনৰ নগৰৰ মাজমজিয়াত উক্ত ধন লুটৰ ঘটনাই সমগ্ৰ নগৰখনত আৰক্ষীৰ চৰম বিফলতাৰ ছবিখন পুনৰ উদঙাই দিছে।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd