• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ইউ এছ অ’পেনত অঘটন: অসুস্থতাৰ ওচৰত হাৰ মানি প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ন’ভাক জ’কভিচৰ

২০০৬ চনৰ অষ্ট্ৰেলিয়ান অ’পেনৰ পিছত এই প্ৰথমবাৰৰ বাবে জ’কভিচে গ্ৰেণ্ড শ্লেমৰ প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ল’লে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 31, 2026 11:45 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইউ এছ অ’পেনৰ প্ৰথম ৰাউণ্ডতেই ঘটিল অঘটন। আৰম্ভণিতে শেষ হ’ল ন’ভাক জ’কভিচৰ অভিযান। ২৫ সংখ্যক গ্ৰেণ্ড শ্লেম খিতাপ দখল কৰাৰ লক্ষ্য লৈ নমা ছাৰ্বিয়ান তাৰকাগৰাকীয়ে প্ৰথম ৰাউণ্ডত মাৰিয়ানো নাভোনৰ হাতত পৰাস্ত হয়।

খেলখনত জ’কভিচে কেইবাবাৰো শাৰীৰিক সমস্যাৰ সন্মুখীন হৈছিল। অসুস্থ হৈ তেওঁক বমি কৰাও দেখা গৈছিল। তথাপিও তেওঁ হাৰ মনা নাছিল। পিছ পৰি থকাৰ পিছতো যুঁজ দি দুৰ্দান্ত প্ৰত্যাৱৰ্তন কৰে। কিন্তু শেষ ৰক্ষা নহ’ল। ৪ ঘণ্টা ৩৬ মিনিটৰ যুঁজৰ অন্তত তেওঁ ইউ এছ অ’পেনৰ পৰা ৬-৭, ৭-৫, ৬-৪, ২-৬, ১-৬ ব্যৱধানত পৰাস্ত হৈ বিদায় লয়।

Apply Now

২০০৬ চনৰ অষ্ট্ৰেলিয়ান অ’পেনৰ পিছত এই প্ৰথমবাৰৰ বাবে জ’কভিচে গ্ৰেণ্ড শ্লেমৰ প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ল’লে।

আৰ্থাৰ এশ্ব ষ্টেডিয়ামত খেলখন আৰম্ভ হোৱাৰ পৰাই অস্বস্তিত আছিল ৩৯ বছৰীয়া জ’কভিচে। তীব্ৰ আৰ্দ্ৰতাৰ বাবে বাৰে বাৰে মূৰত বৰফৰ বেগ ব্যৱহাৰ কৰা দেখা গৈছিল। বেয়া বতৰৰ বাবে ছাদ বন্ধ হোৱাৰ আগৰে পৰাই সমস্যাত পৰিছিল ছাৰ্বিয়ান তাৰকাগৰাকী। পিছত তেওঁ ক’ৰ্টৰ এয়াৰ কণ্ডিচনাৰটো অন কৰিব পাৰি নেকি সেই সন্দৰ্ভত তত্বাৱধায়কৰ সৈতে কথা পাতে।

তৃতীয় ছেটত জ’কভিচৰ শাৰীৰিক সমস্যা আৰু অধিক বৃদ্ধি হৈ পৰে। ষষ্ঠ গেমত তেওঁ কেইবাবাৰো বমি কৰিছিল। টুৰ্ণামেণ্টৰ ফিজিঅ’ইও তেওঁক ঔষধ দিছিল। ক’ৰ্টৰ ফালে থকা জ’কভিচৰ চীমটোও সহায়ৰ বাবে আগবাঢ়ি আহে৷ অৱশ্যে এই সকলোবোৰ সমস্যাৰ মাজতো জ’কভিচে যুঁজ বন্ধ নকৰিলে।

প্ৰথম ছেটৰ টাইব্ৰেকাৰত কেইবাটাও ভুল কৰি পিছ পৰি ৰয় জ’কভিচ। কিন্তু দ্বিতীয় ছেটত তেওঁ এক ডাঙৰ প্ৰত্যাৱৰ্তন কৰি ৭-৫ ব্যৱধানত জয়লাভ কৰে। ইয়াৰ পিছতে তৃতীয় ছেটত ৬-৪ ব্যৱধানত জয়লাভ কৰি ড’কভিচে মেচখনত অগ্ৰগতি লাভ কৰে। কিন্তু নাভোনে হাৰ নামানিলে। চতুৰ্থ ছেটত তেওঁ মেচখনৰ গতি ঘূৰাই দিলে। আৰ্জেণ্টিনাৰ টেনিছ তাৰকাগৰাকীয়ে ৬-২ ব্যৱধানত জয়লাভ কৰি মেচখন সমতা স্থাপন কৰে।

পঞ্চম ছেটত খেলখনৰ সামৰণি পৰে। তাত জ’কভিচ ক্ৰমান্বয়ে ভাগৰুৱা হৈ পৰিল। নাভোনে ৪-১ ব্যৱধানত অগ্ৰগতি লাভ কৰাৰ পিছত ছাৰ্বিয়ান তাৰকাগৰাকীৰ শৰীৰৰ ভাষাই স্পষ্ট কৰি দিলে যে যুঁজখন অব্যাহত ৰখাটো তেওঁৰ বাবে কিমান কঠিন হৈ পৰিছে।

তাৰ পিছত আহিল মেচখনৰ আটাইতকৈ আৱেগিক মুহূৰ্তটো। এই চেট চলি থকাৰ সময়ত ক’ৰ্টতে কান্দি উঠে জ’কভিচে। ঘণ্টাৰ পিছত ঘণ্টা ধৰি গৰম, ডিহাইড্ৰেছন, অসুস্থতা আৰু নাভোনৰ সৈতে যুঁজৰ পিছত তেওঁৰ ভাঙি পৰে। শেষত নাভোনে পঞ্চম ছেটত ৬-১ ব্যৱধানত জয়লাভ কৰি জ’কভিচৰ বিদায় নিশ্চিত কৰে।

Novak Djokovic looks very emotional down 1-3 in the 5th set against Navone at the US Open.

Definitely in pain physically, but these also look like emotional tears.

4+ hours at 39 years old.

The New York crowd is trying to give him a push for another heroic comeback.

🥹 pic.twitter.com/QsZqF0Z04o

— The Tennis Letter (@TheTennisLetter) August 31, 2026

জ’কভিচৰ অবিশ্বাস্য প্ৰত্যাৱৰ্তন অসম্পূৰ্ণ হৈয়েই থাকিল। ৪ ঘণ্টা ৩৬ মিনিটৰ এই খেলখন গ্ৰেণ্ড শ্লেমত জ’কভিচৰ কেৰিয়াৰৰ প্ৰথম ৰাউণ্ডৰ আটাইতকৈ দীঘলীয়া মেচ হিচাপে পৰিগণিত হৈছিল। পুৰুষৰ একক গ্ৰেণ্ড শ্লেমৰ ইতিহাসৰ আটাইতকৈ সফল খেলুৱৈ হোৱাৰ পিছতো ইউ এছ অ’পেনৰ আৰম্ভণিতে তেওঁৰ ২৫ সংখ্যক খিতাপ জয়ৰ সপোন স্তব্ধ হৈ পৰিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউ এছ অ’পেনত অঘটন: অসুস্থতাৰ ওচৰত হাৰ মানি প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ন’ভাক জ’কভিচৰ

ইউ এছ অ’পেনত অঘটন: অসুস্থতাৰ ওচৰত হাৰ মানি প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ন’ভাক জ’কভিচৰ

August 31, 2026 11:45 am
উত্তৰাখণ্ডৰ ‘শুদ্ধিকৰণ’ কাণ্ডক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ : ‘জাতিবিদ্বেষী মন্তব্য’ৰ অভিযোগ

উত্তৰাখণ্ডৰ ‘শুদ্ধিকৰণ’ কাণ্ডক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ : ‘জাতিবিদ্বেষী মন্তব্য’ৰ অভিযোগ

August 31, 2026 11:17 am
‘মহাশক্তি’ নহয়, মানুহৰ সেৱাৰ জৰিয়তেহে ভাৰত ‘বিশ্বগুৰু’: টৰণ্টোৰ সভাত মোহন ভাগৱতৰ মন্তব্য

‘মহাশক্তি’ নহয়, মানুহৰ সেৱাৰ জৰিয়তেহে ভাৰত ‘বিশ্বগুৰু’: টৰণ্টোৰ সভাত মোহন ভাগৱতৰ মন্তব্য

August 31, 2026 11:03 am
Assam Governor launches 100-day TB elimination campaign on 7 december 2024

যক্ষ্মামুক্ত অসমৰ দাবী! কিন্তু ক’ত প্ৰকৃত তথ্য?

August 31, 2026 10:37 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউ এছ অ’পেনত অঘটন: অসুস্থতাৰ ওচৰত হাৰ মানি প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ন’ভাক জ’কভিচৰ

ইউ এছ অ’পেনত অঘটন: অসুস্থতাৰ ওচৰত হাৰ মানি প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ন’ভাক জ’কভিচৰ

August 31, 2026 11:45 am
উত্তৰাখণ্ডৰ ‘শুদ্ধিকৰণ’ কাণ্ডক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ : ‘জাতিবিদ্বেষী মন্তব্য’ৰ অভিযোগ

উত্তৰাখণ্ডৰ ‘শুদ্ধিকৰণ’ কাণ্ডক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ : ‘জাতিবিদ্বেষী মন্তব্য’ৰ অভিযোগ

August 31, 2026 11:17 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd