• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কাইলৈ অসমত আনুষ্ঠানিক আত্মপ্ৰকাশ ঘটিব এন পি পিৰ

অসমত বৃদ্ধি পাইছে এন পি পিৰ গ্ৰহণযোগ্যতা; হ'ব পাৰে বহুতৰে ৰাজনৈতিক বিকল্প

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
March 5, 2019 9:12 pm
NPP-1
881
VIEWS
Share on FacebookShare on Twitter

যথেষ্ট সম্ভাৱনা থকা সত্ত্বেও অসমত শক্তিশালী আঞ্চলিকতাবাদৰ ধাৰা আগুৱাই নিয়াত অগপ ব্যৰ্থ হোৱাত এতিয়া আঞ্চলিকতাবাদত বিশ্বাসী ৰাজনৈতিক নেতাসকলৰ বাবে বিকল্প হোৱাৰ দৌৰত আছে কনৰাড চাংমা নেতৃত্বাধীন নেশ্যনেল পীপলছ পাৰ্টি। নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলনত উত্তৰ-পূবৰ ৰাইজৰ পক্ষত থাকি কনৰাড চাংমাই লোৱা সৱল স্থিতিৰ পাছত এতিয়া অসমত এন পি পিৰ গ্ৰহণযোগ্যতা বৃদ্ধি পোৱা দেখা গৈছে।

অগপই নিজৰ স্থিতিক লৈ দোধোৰ-মোধোৰত থকাৰ সময়তে কাইলৈ অৰ্থাৎ ৬ মাৰ্চত ৰাজ্যখনত আনুষ্ঠানিকভাৱে আত্মপ্ৰকাশ কৰিব এন পি পিয়ে।

উল্লেখযোগ্য যে যোৱা মেঘালয় বিধানসভা নিৰ্বাচনৰ পিছত ২০১৮ বৰ্ষৰ ৬ মাৰ্চতেই দলটোৱে মেঘালয়ত চৰকাৰ গঠন কৰিছিল আৰু কাইলৈ চৰকাৰখনৰো এটা বছৰ সম্পূৰ্ণ হ’ব। দলটোৱে নিজকে যদিও ৰাষ্ট্ৰীয় দল হিচাপে ঘোষণা কৰে, উত্তৰ-পূবৰ বাবে ই আঞ্চলিক চৰিত্ৰ বহন কৰা দল। মেঘালয়ত চৰকাৰ গঠন কৰাৰ উপৰি দলটোৰ বিধায়ক আছে মণিপুৰ, নাগালেণ্ড আৰু অৰুণাচলতো।

এই বৰ্ষপূৰ্তিৰ দিনটোতে মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাৰ উপস্থিতিত অসমত দলটোৱে আনুষ্ঠানিকভাৱে আত্মপ্ৰকাশ কৰিব। ইয়াৰ লগতে গুৱাহাটীৰ গণেশগুৰিৰ কাহিলিপাৰা পথত দলটোৰ অসম ৰাজ্যিক কাৰ্যালয়ো উদ্বোধন কৰা হ’ব বুলি দলৰ অসমৰ আহ্বায়ক দিলীপ বৰাই আমাক জানিবলৈ দিছে।

এই উপলক্ষে গণেশগুৰিৰে গণেশ উদ্যানত এখন ৰাজহুৱা সভাও অনুষ্ঠিত কৰিব দলটোৱে। সভাখনত কনৰাড চাংমাৰ উপৰি মেঘালয়ৰ উপ মুখ্য মন্ত্ৰী প্ৰেষ্টন টেংচং, মন্ত্ৰী জেমচ চাংমা, দলটোৰ অসমৰ দায়িত্বত থকা থমাছ এ চাংমাকে ধৰি কেইবাজনো শীৰ্ষনেতা উপস্থিত থাকিব।

উল্লেখযোগ্য যে, দলটোৱে ইতিমধ্যে অসমত সদস্যভৰ্তিৰ কাম চলাই আছে। যোৱা ২১ ফেব্ৰুৱাৰিত অগপৰ উপ-সভাপতি হিচাপে পদত্যাগ কৰা দিলীপ বৰাই ২৩ ফেব্ৰুৱাৰিত এন পি পিত যোগদান কৰে। তেওঁক নতুন দলটোৱে ৰাজ্যিক আহ্বায়কৰ দায়িত্ব দিছে।

ইপিনে, লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়ত আঞ্চলিক দল অগপই নিজৰ স্থিতি সুনিশ্চিত কৰিব পৰা নাই। দলটোৰ শীৰ্ষ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰি দিলীপ বৰাৰ পাছতেই আজি অগপ এৰিছে তথ্য আৰু প্ৰচাৰ সম্পাদক তথা ৰাজ্যিক মুখপাত্ৰ আৰু ইস্তাহাৰ সমিতিৰ সদস্যৰ দায়িত্বত থকা দিৱস ফুকনে। তেওঁ কাইলৈ কনৰাড চাংমাৰ উপস্থিতিতে এন পি পিত যোগ দিয়াৰ পূৰ্ণ সম্ভৱনা আছে।

একেদৰে, অগপৰ উপৰি এ আই য়ু ডি এফ আৰু কেইবাটাও জাতীয়-জনগোষ্ঠীয় সংগঠনৰ নেতায়ো এন পি পিক অসমত ৰাজনৈতিক বিকল্প হিচাপে লোৱাৰ সম্ভাৱনা আছে। আনকি ৰাষ্ট্ৰীয় দলৰ প্ৰাৰ্থিত্ব বঞ্চিত দুই এজন সৰু-বৰ নেতাই দলটোৰ মজিয়াত ৰাজনৈতিক আশ্ৰয় লোৱাটোও আচৰিত হ’ব লগীয়া নহ’ব।

Recent News

মৰ্মান্তিক! বিয়া কৰাবলৈ যোৱাৰ পথত দুৰ্ঘটনাত মৃত্যু দৰাসহ পৰিয়ালৰ আঠজন সদস্যৰ

মৰ্মান্তিক! বিয়া কৰাবলৈ যোৱাৰ পথত দুৰ্ঘটনাত মৃত্যু দৰাসহ পৰিয়ালৰ আঠজন সদস্যৰ

পাটনাত নৃশংস হত্যাকাণ্ড: ঘৰৰ সন্মুখতে বিশিষ্ট ব্যৱসায়ী তথা বিজেপি নেতাক গুলীয়াই হত্যা

পাটনাত নৃশংস হত্যাকাণ্ড: ঘৰৰ সন্মুখতে বিশিষ্ট ব্যৱসায়ী তথা বিজেপি নেতাক গুলীয়াই হত্যা

অসম, মহাৰাষ্ট্ৰ আৰু উত্তৰ-পূবত ফাৰ্মাচী কলেজৰ উৎকোচৰ গোচৰ; চিবিআইৰ জালত মণ্টু পেটেল

অসম, মহাৰাষ্ট্ৰ আৰু উত্তৰ-পূবত ফাৰ্মাচী কলেজৰ উৎকোচৰ গোচৰ; চিবিআইৰ জালত মণ্টু পেটেল

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd