• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাইলৈ অসমত আনুষ্ঠানিক আত্মপ্ৰকাশ ঘটিব এন পি পিৰ

অসমত বৃদ্ধি পাইছে এন পি পিৰ গ্ৰহণযোগ্যতা; হ'ব পাৰে বহুতৰে ৰাজনৈতিক বিকল্প

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
March 5, 2019 9:12 pm
NPP-1
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যথেষ্ট সম্ভাৱনা থকা সত্ত্বেও অসমত শক্তিশালী আঞ্চলিকতাবাদৰ ধাৰা আগুৱাই নিয়াত অগপ ব্যৰ্থ হোৱাত এতিয়া আঞ্চলিকতাবাদত বিশ্বাসী ৰাজনৈতিক নেতাসকলৰ বাবে বিকল্প হোৱাৰ দৌৰত আছে কনৰাড চাংমা নেতৃত্বাধীন নেশ্যনেল পীপলছ পাৰ্টি। নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলনত উত্তৰ-পূবৰ ৰাইজৰ পক্ষত থাকি কনৰাড চাংমাই লোৱা সৱল স্থিতিৰ পাছত এতিয়া অসমত এন পি পিৰ গ্ৰহণযোগ্যতা বৃদ্ধি পোৱা দেখা গৈছে।

অগপই নিজৰ স্থিতিক লৈ দোধোৰ-মোধোৰত থকাৰ সময়তে কাইলৈ অৰ্থাৎ ৬ মাৰ্চত ৰাজ্যখনত আনুষ্ঠানিকভাৱে আত্মপ্ৰকাশ কৰিব এন পি পিয়ে।

Apply Now

উল্লেখযোগ্য যে যোৱা মেঘালয় বিধানসভা নিৰ্বাচনৰ পিছত ২০১৮ বৰ্ষৰ ৬ মাৰ্চতেই দলটোৱে মেঘালয়ত চৰকাৰ গঠন কৰিছিল আৰু কাইলৈ চৰকাৰখনৰো এটা বছৰ সম্পূৰ্ণ হ’ব। দলটোৱে নিজকে যদিও ৰাষ্ট্ৰীয় দল হিচাপে ঘোষণা কৰে, উত্তৰ-পূবৰ বাবে ই আঞ্চলিক চৰিত্ৰ বহন কৰা দল। মেঘালয়ত চৰকাৰ গঠন কৰাৰ উপৰি দলটোৰ বিধায়ক আছে মণিপুৰ, নাগালেণ্ড আৰু অৰুণাচলতো।

এই বৰ্ষপূৰ্তিৰ দিনটোতে মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাৰ উপস্থিতিত অসমত দলটোৱে আনুষ্ঠানিকভাৱে আত্মপ্ৰকাশ কৰিব। ইয়াৰ লগতে গুৱাহাটীৰ গণেশগুৰিৰ কাহিলিপাৰা পথত দলটোৰ অসম ৰাজ্যিক কাৰ্যালয়ো উদ্বোধন কৰা হ’ব বুলি দলৰ অসমৰ আহ্বায়ক দিলীপ বৰাই আমাক জানিবলৈ দিছে।

এই উপলক্ষে গণেশগুৰিৰে গণেশ উদ্যানত এখন ৰাজহুৱা সভাও অনুষ্ঠিত কৰিব দলটোৱে। সভাখনত কনৰাড চাংমাৰ উপৰি মেঘালয়ৰ উপ মুখ্য মন্ত্ৰী প্ৰেষ্টন টেংচং, মন্ত্ৰী জেমচ চাংমা, দলটোৰ অসমৰ দায়িত্বত থকা থমাছ এ চাংমাকে ধৰি কেইবাজনো শীৰ্ষনেতা উপস্থিত থাকিব।

উল্লেখযোগ্য যে, দলটোৱে ইতিমধ্যে অসমত সদস্যভৰ্তিৰ কাম চলাই আছে। যোৱা ২১ ফেব্ৰুৱাৰিত অগপৰ উপ-সভাপতি হিচাপে পদত্যাগ কৰা দিলীপ বৰাই ২৩ ফেব্ৰুৱাৰিত এন পি পিত যোগদান কৰে। তেওঁক নতুন দলটোৱে ৰাজ্যিক আহ্বায়কৰ দায়িত্ব দিছে।

ইপিনে, লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়ত আঞ্চলিক দল অগপই নিজৰ স্থিতি সুনিশ্চিত কৰিব পৰা নাই। দলটোৰ শীৰ্ষ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰি দিলীপ বৰাৰ পাছতেই আজি অগপ এৰিছে তথ্য আৰু প্ৰচাৰ সম্পাদক তথা ৰাজ্যিক মুখপাত্ৰ আৰু ইস্তাহাৰ সমিতিৰ সদস্যৰ দায়িত্বত থকা দিৱস ফুকনে। তেওঁ কাইলৈ কনৰাড চাংমাৰ উপস্থিতিতে এন পি পিত যোগ দিয়াৰ পূৰ্ণ সম্ভৱনা আছে।

একেদৰে, অগপৰ উপৰি এ আই য়ু ডি এফ আৰু কেইবাটাও জাতীয়-জনগোষ্ঠীয় সংগঠনৰ নেতায়ো এন পি পিক অসমত ৰাজনৈতিক বিকল্প হিচাপে লোৱাৰ সম্ভাৱনা আছে। আনকি ৰাষ্ট্ৰীয় দলৰ প্ৰাৰ্থিত্ব বঞ্চিত দুই এজন সৰু-বৰ নেতাই দলটোৰ মজিয়াত ৰাজনৈতিক আশ্ৰয় লোৱাটোও আচৰিত হ’ব লগীয়া নহ’ব।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

August 30, 2026 7:50 pm
আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

August 30, 2026 6:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd