• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হিন্দু বাংলাদেশীক আনিলে এনআৰচিখন ব্ৰহ্মপুত্রত দলিয়াই দিয়াৰ পৰামৰ্শ তৰুণ গগৈৰ

অগপই টকাৰ মোহত আৰু বিজেপিয়ে ক্ষমতাৰ লোভত মিত্ৰতা কৰিব : গগৈ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 6, 2019 6:58 pm
Tarun Gogoi Press Meet

দিচপুৰস্থিত চৰকাৰী বাসগৃহত সংবাদমেল সম্বোধন প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ। ফটো : য়ু বি।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে হিন্দু বাংলাদেশীক সংস্থাপন দিবলৈ অপ্ৰাণ চেষ্টা কৰা বিজেপি চৰকাৰৰ দিনত এন আৰ চিখনৰ গুৰুত্ব নাই। সেয়েহে গুৰুত্বহীন বিষয় এটা নথকাই ভাল বুলি মন্তব্য কৰে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে। আজি গগৈয়ে দিচপুৰস্থিত চৰকাৰী বাসগৃহত এখন সংবাদমেল সম্বোধন কৰিছিল।

“গতিকে এন আৰ চিখন ব্ৰহ্মপুত্রত দলিয়াই পেলাই দিয়াই ভাল”, সংবাদমেলত এইদৰে পৰামৰ্শ দিয়ে প্ৰাক্তন মুখ্য মন্ত্ৰীজনে।

Apply Now

আনহাতে, হিন্দু বাংলাদেশীপ্ৰেমী এই চৰকাৰ বিদেশী খেদাত নাই বুলি মন্তব্য কৰি গগৈয়ে লগতে কয়, “অমিত শ্বাহে খেদিম বুলি কোৱা ৪০ লাখ বিদেশী ক’ত আছে? খেদি নিদিয়ে কিয়?”

তদুপৰি মঙলবাৰে ৰাজনাথ সিঙে ধুবুৰীত ভাৰত-বাংলাদেশ সীমান্তৰ অত্যাধুনিক সীমান্ত বেৰা প্ৰকল্পৰ উদ্বোধন কৰাক লৈয়ো সমালোচনাত মুখৰ হৈ পৰে প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকী।

“এহাতে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰি বাংলাদেশী আনিব বিচাৰিছে, একে সময়তে সীমান্ত ছীল কৰি বাহ বাহ ল’ব বিচাৰিছে বিজেপিয়ে”, বিজেপিৰ কামক ‘স্ব-বিৰোধী’ আখ্যা দি গগৈয়ে কয়।

সংবাদমেলত গগৈয়ে একালৰ সতীৰ্থ হিমন্ত বিশ্ব শৰ্মাকো স্বভাৱসুলভভাৱে কটাক্ষ কৰে। কংগ্ৰেছত থকাৰে পৰা হিমন্ত বিশ্ব শৰ্মা আৰু আজমলৰ মধুৰ সম্পৰ্ক থকা বুলি গগৈয়ে সংবাদমেলত দাবী কৰে।

“হিমন্ত আৰু আজমলৰ সম্পৰ্ক আমাৰ লগত থকাৰে পৰা ভাল। তেতিয়াৰে পৰা হিমন্ত আৰু আজমলৰ মতলব আৰু উদ্দেশ্য একেটাই”, হিমন্ত-আজমলৰ মধুৰ সম্পৰ্কৰ বিষয়ে গগৈৰ মন্তব্য।

ইয়াৰোপৰি লোকসভা নিৰ্বাচনৰ পূৰ্বে হিমন্ত বিশ্বৰ লগত আজমলৰ বুজাবুজি ইতিমধ্যে হৈ গ’ল বুলি উল্লেখ কৰি গগৈয়ে কয়, “বিজেপিয়ে হিমন্ত বিশ্বৰ মতেই টিকেট দিব। বুজাবুজি হৈ আছে।”

আনহাতে, হিমন্ত বিশ্ব শৰ্মা কেন্দ্ৰীয় মন্ত্ৰী হ’ব পাৰিলেও মুখ্য মন্ত্ৰী কেতিয়াও হ’ব নোৱাৰে বুলি দাবী কৰে গগৈয়ে।

“হিমন্তৰ অতীতৰ ৰেকৰ্ড ইমান ভাল যে তেওঁ কেতিয়াও মুখ্য মন্ত্ৰী হব নোৱাৰে।” হিমন্তক ইতিকিং কৰি গগৈয়ে এইদৰে কয়।

ইয়াৰোপৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহক সন্তুষ্ট কৰাৰ বাবে মুখ্য মন্ত্ৰী সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা প্ৰতিযোগিতাত নামি পৰিছে বুলি সংবাদমেলত কয়।

তেওঁ কয়, “হিমন্ত-সোণোৱালৰ মাজত শীতল যুদ্ধ হৈ আছে। প্ৰতিযোগিতা চলিছে শ্বাহ মোদীক সন্তুষ্ট কৰাৰ কাৰণে। অমিত শ্বাহৰ ওচৰত দাম বঢ়াবলৈয়ে চলিছে এই যুদ্ধ। আৰু এই দুজনৰ শীতল যুদ্ধৰ কুফল ভুগিছে অসমৰ ৰাইজে।”

আনহাতে, মিত্ৰতাৰ ক্ষেত্ৰত অগপৰ অস্পষ্ট স্থিতিক সমালোচনা কৰে গগৈয়ে।  “যদি বিজেপিৰে মিত্ৰতালৈ পুনৰ যায়, তেন্তে অসমীয়া মানুহক ঠগন দিয়া দল হ’ব অগপ। ৯৯ শতাংশ বিশ্বাস আছে, অগপ মিত্ৰতালৈ যাবই”, গগৈয়ে কয়।

ইপিনে, অগপ-বিজেপিৰ মিত্ৰতাৰ উদ্দেশ্যও সংবাদমেল যোগে বাখ্যা কৰে গগৈয়ে, “অগপই টকাৰ মোহত বিজেপিৰ লগত মিত্ৰতা কৰিব। বিজেপিয়ে ক্ষমতাৰ লোভত মিত্ৰতা কৰিব।”

“অতুল বৰা আৰু কেশৱ মহন্তই টকাৰ লোভত মিত্ৰতা বিচাৰি আছে” বুলি কৈ গগৈয়ে কয়, “অৱশ্যে অগপৰ পদত্যাগী মন্ত্ৰী ফণীভূষণ চৌধুৰী এওঁলোক দুজনৰ নিচিনা নহয়”।

তাৎপৰ্য্যপূৰ্ণভাৱে গগৈয়ে কথা প্ৰসংগতে কয় যে অগপই মিত্ৰতাৰ প্ৰস্তাৱেৰে কংগ্ৰেছৰ পৰা কলিয়াবৰ আসনখন বিচাৰিছিল। “অগপৰ দাবীৰ কথা ৰকিবুল হুছেইনে জনাইছিল মোক। মই অৱশ্যে নাজানো”, সত্যতা প্ৰমাণৰ দায়িত্ব ৰকিবুলৰ কান্ধলৈ ঠেলি গগৈৰ মন্তব্য।

“ছিটিং ছীটটো বাৰু এৰি দিম নেকি আমি? যেই য’ত জিকি আছে, তেওঁ তাৰ পৰা টিকটটো বিচাৰিছে, সেইটো কেলৈ এৰি দিম? কলিয়াবৰত গৌৰৱ গগৈয়ে খেলিবই”, গগৈৰ খাৰাংখাচ কথা।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

August 30, 2026 7:50 pm
আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

August 30, 2026 6:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd