• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এন আৰ চি : ৮০০০ টকাত ‘ৰিলিফ ইলিজিবিলিটী চাৰ্টিফিকেট আৰু ১৫০০ টকাতে ভোটাৰ কাৰ্ড লৈ বিদেশী হৈছিল স্বদেশী

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 27, 2018 3:09 pm
Prateek-Hajela-570x320

এনআৰচিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলা। ফাইল ফটো : নৰ্থইষ্ট নাও

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ৪ অক্টোবৰৰ দিনা প্ৰতীক হাজেলাই উচ্চতম ন্যায়ালয়ত ৫ খন নথি অগ্ৰাহ্য কৰাৰ যুক্তি তুলি ধৰি দাখিল কৰা শপতনামাত পোহৰলৈ আহিছে বহু ভয়ংকৰ তথ্য। য’ত বিদেশীয়ে চলে বলে কৌশলে এন আৰ চিত নাম অন্তৰ্ভুক্ত কৰাৰ চেষ্টা চলোৱাৰ লগতে কিছুসংখ্যক ভুৱা সংগঠনে শৰণাৰ্থী প্ৰমাণ পত্ৰ যোগান ধৰাত সহযোগিতা কৰাৰ কথা স্পষ্টৰূপে উল্লেখ আছে।

তদুপৰি কিছুসংখ্যকে ভুৱা লিগেছি ডাটা ব্যৱহাৰ কৰি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নিজৰ নাম অন্তৰ্ভুক্ত কৰা বুলি উক্ত শপতনামাত উল্লেখ কৰিছে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই।

Apply Now

আনহাতে, ব্যাপক ৰূপত জালিয়াতি কৰি এন আৰ চি খচৰাত নাম সোমোৱাৰ উদাহৰণ উক্ত শপতনামাত উল্লেখ কৰিছে প্ৰতীক হাজেলাই। ইয়াৰ ভিতৰত কাছাৰত জালত পৰা নিখিল দাস (এ.আৰ.এন. নং : ০১৮৩১৬০২০৯৭১৯৭২০০১০০) নামৰ বিদেশীজনে ভুৱা নথি-পত্ৰ আবেদনৰ সৈতে সংলগ্ন কৰি দিয়া বুলি শপতনামাত হাজেলাই উল্লেখ কৰিছে।

উক্ত বাংলাদেশীজনৰ ঘৰ বাংলাদেশৰ চিলেট ডিভিজনৰ চুনমগঞ্জ জিলাৰ কচুৱা গাওঁ, (থানা ধেৰাই)। তেওঁৰ সমগ্ৰ পৰিয়াল বৰ্তমানো বাংলাদেশৰে বাসিন্দা।

তাৎপৰ্য্যপূৰ্ণ কথা যে, উক্ত বিদেশীজন ২০১১ চনৰ অক্টোবৰ মাহত ত্ৰিপুৰাৰ আগৰতলা হৈ অসমত প্ৰবেশ কৰিছিল বুলি এনআৰচিত স্বীকাৰোক্তি দিয়া বুলি শপতনামাত স্পষ্টকৈ উল্লেখ কৰে হাজেলাই। তাৰ ভিত্তিতে এনআৰচি কর্তৃপক্ষই উক্ত বিদেশীজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।

হাজেলাই শপতনামাত উল্লেখ কৰা অন্য এক তথ্যই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ২০১১ চনত তেওঁ অসমলৈ আহি কাছাৰৰ সম্বন্ধীয় লোকৰ ঘৰত থাকি এজন উকীলৰ পৰা ৮০০০ টকাৰ বিনিময়ত ভুৱা ‘ৰিলিফ ইলিজিবিলিটী চাৰ্টিফিকেট আৰু ১৫০০ টকা দি ভোটাৰ কাৰ্ড যোগাৰ কৰিছিল। লগতে তেওঁৰ পান কাৰ্ডো ভুৱা বুলি শপতনামাত উল্লেখ কৰা হৈছে।

লক্ষণীয় কথা যে এনআৰচি কৰ্তৃপক্ষৰ হাতত জমা হোৱা ‘শৰণাৰ্থী পঞ্জীয়ণ প্ৰমাণ পত্ৰ’ৰ ১,৪৩,৭১৪ ৰ ভিতৰত ১০,৫৮৫ খনৰহে সত্য-সত্যতা আছে। বাকী ১ লাখ ১ হাজাৰ ১৪২ খন নথি এতিয়াও সন্দেহৰ আৱৰ্তত থকা বুলি উল্লেখ কৰা হৈছে শপতনামাখনত। তদুপৰি, ‘নাগৰিকত্ব প্ৰমাণ পত্ৰ’ৰ ক্ষেত্ৰত ৬৬,৫৫৯ খনৰ ভিতৰত ৩৭৬ খন ইতিমধ্যে ভুৱা বুলি প্ৰমাণিত হোৱাৰ লগতে ৪৪,৪০২ খন এতিয়াও সন্দেহৰ অৱকাশ থকা বুলি শপতনামাত দাখিল কৰে হাজেলাই।

আনহাতে, চৰকাৰী চাকৰি প্ৰমাণ পত্ৰৰ ৭৫,৩৬৭ খনৰ ভিতৰত ২০,৭৮০ খনহে এনআৰচি কৰ্তৃপক্ষই সত্য-সত্যতা নিৰূপণ কৰিব পাৰিছে। মাটিৰ নথি-পত্ৰৰ ৩,১৯,৮৪৫ খনৰ ভিতৰত ১ লাখ ৩০ হাজাৰ ৪ শ ৫৪ খনেই সন্দেহৰ আৱৰ্তত আছে। ‘জন্মৰ প্ৰমাণ পত্ৰ ৯৪,৭৭,১৫২ খনৰ ভিতৰত ১,৭৮,৬০১ খনেই ভূৱা বুলি হাজেলাই দাখিল কৰা শপতনামাত উল্লেখ আছে।

মুঠৰ ওপৰত ভুৱা নথি-পত্ৰৰে বিদশীসকলে এনআৰচিত নাম অন্তৰ্ভুক্ত কৰিবৰ বাবে চেষ্টা চলোৱা বুলি শপতনামাত উল্লেখ কৰিছে হাজেলাই।

আনহাতে, কিছছুসংখ্যক ভুৱা বেচৰকাৰী সংগঠন যেনে গোৱালপাৰা জিলা শৰণার্থী ফেডাৰেশ্যন, ৰিফিউজী ৰিলিফ কমিটী ধুবুৰী, আছাম ৰিফিউজী এছ’চিয়েশ্যন, গুৱাহাটী, মহকুমা বাস্তুত্যাগী সমিতি, ৰামকৃষ্ণ মিশ্যন(বেলুৰ মঠ), ‘ইষ্ট পাকিস্তান ৰিফিউজি ৰিলিফ আদি সংগঠনে প্রদান কৰা শৰণার্থীৰ ভুৱা প্রমাণ-পত্র বিদেশীসকলে ব্যৱহাৰ কৰি নিজৰ নাম অন্তৰ্ভুক্ত কৰিছে বুলি শপতনামাত হাজেলাই স্পষ্টৰূপত দাঙি ধৰে।

তাৎপৰ্য্যপূৰ্ণ কথা যে, হাজেলাই দাখিল কৰা দ্বিতীয়খন শপতনামাই এইদৰেই পোহৰলৈ আনিছে বহু অকথিত কাহিনী ।
তদুপৰি, প্রতীক হাজেলাৰ শপতনামাৰ ওপৰত নিজৰ বক্তব্য ৰাখিবলৈ কেন্দ্রীয় চৰকাৰ, ৰাজ্য চৰকাৰ, সদৌ অসম ছাত্র সন্থা, এ পি ডব্লিউ সহ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱা সংগঠনসমূহক নির্দেশ দিছে উচচতম ন্যায়ালয়ে ৷

আনহাতে, অহা ৩১ অক্টোবৰৰ ভিতৰত সদৌ অসম ছাত্র সন্থাই নিজৰ মতামত উচচতম ন্যায়ালয়ক প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে আছুৰ উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই।

সংবাদ মাধ্যমৰ আগত তেওঁ কয় ‘’আমি আগৰ পৰাই কৈ আছো, অবৈধ বাংলাদেশীয়ে ভুৱা নথি-পত্ৰৰে ষড়যন্ত্ৰ কৰি নিজৰ নাম অন্তৰ্ভুক্ত কৰি আছে।‘’

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

October 6, 2026 10:34 am
নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

October 6, 2026 9:44 am
বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

October 6, 2026 8:49 am
মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

October 6, 2026 7:53 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

October 6, 2026 10:34 am
নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

October 6, 2026 9:44 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd