এক গোপন সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত শনিবাৰে নিশা কোকৰাঝাৰ জিলা আৰক্ষী আৰু ২১০ নং কোব্ৰা ৰেজিমেণ্টে এক যুটীয়া অভিযান চলাই চাওতাল উগ্ৰপন্থী সংগঠনৰ এজন দুৰ্ধৰ্ষ কেডাৰক আটক কৰিবলৈ সক্ষম হয়।
উল্লেখযোগ্য যে যুটীয়া অভিযানকাৰী দলটোৱে নিশা প্ৰায় ৯.১৫ বজাত জিলাখনৰ গোসাঁইগাঁও আৰক্ষী থানাৰ অন্তৰ্গত মল্লিকাপুৰ গাঁৱৰ পৰা উগ্ৰপন্থী সদস্যজনক আটক কৰে।
যুটীয়া অভিযানকাৰী দলটোৱে আটক কৰা চাওতাল উগ্ৰপন্থী সংগঠনৰ দুৰ্ধৰ্ষ সদস্যজন গোসাঁইগাৱৰ মল্লিকাপাৰা গাঁৱৰে প্ৰয়াত আব্ৰহাম হাছদাৰ পুত্ৰ নৃপেন হাছদা ওৰফে লাৰা ওৰফে মুন্না(২৩) বুলি চিনাক্ত কৰিছে।
আটকাধীন উগ্ৰপন্থী সদস্যজনৰ পৰা এটা চীনত নিৰ্মিত হেণ্ড গ্ৰেণেড জব্দ কৰাৰ লগতে বহুতো আপত্তিজনক নথি-পত্ৰ লাভ কৰা বুলি অভিযানকাৰী দলটোৱে জানিবলৈ দিয়ে।
আনহাতে অভিযানকাৰী দলটোৰ প্ৰাথমিক অনুসন্ধানত উগ্ৰপন্থী সদস্যজনে নিজকে নিষিদ্ধ ঘোষিত চাওতাল উগ্ৰপন্থী সংগঠনটোৰ বিত্তীয় সম্পাদকৰ দায়িত্বত থকা বুলি জনায়। তদুপৰি ২০১০ চনতে গোসাঁইগাও আৰক্ষী থানাৰ অন্তৰ্গত সত্যপুৰ জংঘলত সদস্যজনে অস্ত্ৰ চালনাৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল।
উল্লেখ্য যে আৰক্ষীয়ে নিজাববীয়াকৈ গোসাঁইগাঁও আৰক্ষী থানাত উগ্ৰপন্থী সদস্যজনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰখা বুলি জানিব পৰা গৈছে।