• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

৩ টা বিষয়ৰ ইউজিচি NET পৰীক্ষা বাতিল! প্ৰশ্নকাকতত এসোপা ভুল, পুনৰ কেতিয়া হ’ব পৰীক্ষা?

এই তিনিটা বিষয়ৰ পুনৰ পৰীক্ষাৰ ফলত বাকী ৮৪টা বিষয়ৰ ফলাফল ঘোষণাত কোনো ধৰণৰ প্ৰভাৱ নপৰে বা পলম নহ’ব বুলি এন টি এয়ে আশ্বাস দিছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 17, 2026 7:45 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উচ্চ শিক্ষাৰ খেলিমেলি যেন শেষেই নহয়। NEET বিতৰ্কৰ পিছত এইবাৰ UGC NET জুনৰ পৰীক্ষাত চৰম বিশৃংখলতা! প্ৰশ্নকাকতত পোৱা একাধিক ভুল আৰু গুৰুতৰ বিসংগতিৰ বাবে তিনিটা বিষয় ইংৰাজী, বাণিজ্য আৰু সমাজবিজ্ঞানৰ পৰীক্ষা বাতিল কৰা হৈছে বুলি ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই (NTA) ঘোষণা কৰিছে। প্ৰাৰ্থীসকলৰ নিৰপেক্ষ আৰু সঠিক মূল্যায়নৰ স্বাৰ্থত এই তিনিটা বিষয়ৰ পুনৰ পৰীক্ষা ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ’ব বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে সংস্থাটোৱে।

পৰীক্ষা শেষ হোৱাৰ পিছৰে পৰাই ইংৰাজী, কমাৰ্চ আৰু ছচিয়লজিৰ প্ৰশ্নকাকতক লৈ অভিযোগৰ পিছত অভিযোগ আহিবলৈ ধৰে। বিতৰ্ক বাঢ়ি অহাৰ লগে লগে এনটিএই সমগ্ৰ বিষয়টোৰ পুংখানুপুংখ তদন্তৰ বাবে এখন বিশেষ বিশেষজ্ঞ সমিতি গঠন কৰে।

Apply Now

প্ৰশ্নকাকতত পোৱা ভুলবোৰ ঠিক কি আছিল?

কমিটীৰ প্ৰতিবেদনত স্পষ্টকৈ উল্লেখ আছে যে প্ৰশ্নকাকত প্ৰস্তুত কৰাৰ ক্ষেত্ৰত চৰম গাফিলতি আৰু দায়িত্বহীনতাৰ প্ৰমাণ পোৱা গৈছে। তাত পোৱা ভুলৰ প্ৰকাৰসমূহ হ’ল:

  • বিখ্যাত গৱেষক আৰু বিশেষজ্ঞসকলৰ বানানৰ গুৰুতৰ ভুল।
  • বিখ্যাত কিতাপৰ শিৰোনামৰ বানান ভুল আৰু অস্পষ্ট।
  • মূল প্ৰশ্নৰ গঠনত ভুল, ব্যাকৰণগত বিভ্ৰান্তি আৰু লিংগ আৰু বচনৰ ব্যৱহাৰৰ বিসংগতি।
  • সুপ্ৰতিষ্ঠিত ধাৰণা বা তত্ত্ব প্ৰকাশৰ বাবে মনেসজা শব্দৰ ব্যৱহাৰ আৰু বিৰাম চিহ্নৰ যথেষ্ট ভুল ব্যৱহাৰ ।
  • কেৱল সেয়াই নহয়, আগৰ বছৰবোৰৰ প্ৰশ্নকাকতৰ পৰা হুবহু বহু প্ৰশ্ন ৰিপিট বা পুনৰাবৃত্তি কৰা হৈছিল।

এনটিএই জনাইছে যে এই স্তৰৰ ভুলৰ পিছত এঞ্চাৰ কী (Answer Key) প্ৰত্যাহ্বানৰ পিছত কেৱল নিৰ্দিষ্ট প্ৰশ্নসমূহ বাতিল কৰিয়েই ইয়াৰ সমাধান সম্ভৱ নহয়। কাৰণ ই পৰীক্ষাৰ নিৰপেক্ষতা আৰু সঠিক মানদণ্ডৰ লগত আপোচ কৰে। সেয়ে সমগ্ৰ প্ৰশ্নকাকতখন নতুনকৈ প্ৰস্তুত কৰি পুনৰ পৰীক্ষা কৰাটোৱেই একমাত্ৰ উপায়।

পুনৰ পৰীক্ষাৰ নতুন সময়সূচী

ইংৰাজী – ৯ ছেপ্টেম্বৰ, ২০২৬ প্ৰথম শ্বিফট – পুৱা ৯:০০ বজাৰ পৰা দুপৰীয়া ১২:০০ বজালৈ

বাণিজ্য – ৯ ছেপ্টেম্বৰ, ২০২৬ দ্বিতীয় শ্বিফট – বিয়লি ৩:০০ বজাৰ পৰা ৬:০০ বজালৈ

সমাজবিজ্ঞান – ১০ ছেপ্টেম্বৰ, ২০২৬ – প্ৰথম শ্বিফট – পুৱা ৯:০০ বজাৰ পৰা দুপৰীয়া ১২:০০ বজালৈ

পৰীক্ষাৰ্থীৰ বাবে গুৰুত্বপূৰ্ণ তথ্য

এই তিনিটা বিষয়ৰ পৰীক্ষাৰ্থীয়ে পুনৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে কোনো অধিক বা অতিৰিক্ত মাচুল দিব নালাগে। পৰীক্ষাৰ চহৰ, নিৰ্দিষ্ট কেন্দ্ৰ আৰু এডমিট কাৰ্ড সম্পৰ্কীয় সকলো সবিশেষ শীঘ্ৰে এনটিএৰ অফিচিয়েল ৱেবছাইটত জাননীৰ জৰিয়তে অৱগত কৰা হ’ব।

বাকী ৮৪টা বিষয়ৰ ফলাফলত কি প্ৰভাৱ পৰিব?

এই তিনিটা বিষয়ৰ পুনৰ পৰীক্ষাৰ ফলত বাকী ৮৪টা বিষয়ৰ ফলাফল ঘোষণাত কোনো ধৰণৰ প্ৰভাৱ নপৰে বা পলম নহ’ব বুলি এন টি এয়ে আশ্বাস দিছে। যিবোৰ ৮৪টা বিষয়ৰ বাবে উত্তৰবহীৰ প্ৰত্যাহ্বান প্ৰক্ৰিয়া পূৰ্বতে সম্পূৰ্ণ হৈছে, সেইবোৰৰ ফলাফল সূচী অনুসৰি ঘোষণা কৰা হ’ব। জুনিয়ৰ ৰিচাৰ্চ ফেল’শ্বিপ (জে আৰ এফ), সহকাৰী অধ্যাপকৰ অৰ্হতা আৰু পি এইচ ডি নামভৰ্তিৰ বাবে ই-চাৰ্টিফিকেট প্ৰদানৰ কাম সময়মতে অব্যাহত থাকিব।

প্ৰাৰ্থীসকলক এডমিট কাৰ্ড সম্পৰ্কীয় আপডেট আৰু খবৰৰ বাবে নিয়মীয়াকৈ অফিচিয়েল ৱেবছাইটত চকু ৰাখিবলৈ পৰামৰ্শ দিয়া হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৩ টা বিষয়ৰ ইউজিচি NET পৰীক্ষা বাতিল! প্ৰশ্নকাকতত এসোপা ভুল, পুনৰ কেতিয়া হ’ব পৰীক্ষা?

৩ টা বিষয়ৰ ইউজিচি NET পৰীক্ষা বাতিল! প্ৰশ্নকাকতত এসোপা ভুল, পুনৰ কেতিয়া হ’ব পৰীক্ষা?

August 17, 2026 7:45 am
শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

August 16, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৩ টা বিষয়ৰ ইউজিচি NET পৰীক্ষা বাতিল! প্ৰশ্নকাকতত এসোপা ভুল, পুনৰ কেতিয়া হ’ব পৰীক্ষা?

৩ টা বিষয়ৰ ইউজিচি NET পৰীক্ষা বাতিল! প্ৰশ্নকাকতত এসোপা ভুল, পুনৰ কেতিয়া হ’ব পৰীক্ষা?

August 17, 2026 7:45 am
শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd