NORTHEAST NOW (Assamese)

১৪৪ ধাৰা উলংঘা কৰি ইম্ফলৰ ৰাজপথত শ শ প্ৰতিবাদী মহিলা; বিজেপিৰ কাৰ্য্যালয়ৰ সন্মুখত উলংগ প্ৰতিবাদ

February 13, 2019 10:27 am · এন ই নাও নিউজ
Updated: February 13, 2019 10:31 am
১২ ফেব্ৰুৱাৰিত মণিপুৰৰ প্ৰতিবাদৰ কেইটামান দৃশ্য।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মণিপুৰত ক্ৰমে জংগী ৰূপ লোৱা গণ-আন্দোলনক বাধা দিবলৈ ইম্ফলত প্ৰশাসনে বলৱৎ কৰা ১৪৪ ধাৰাক স্পষ্ট অমান্যৰে ৰাজপথলৈ ওলাই আহিল শ শ প্ৰতিবাদী মহিলা। ১২ ফেব্ৰুৱাৰিত চহৰখনত প্ৰতিবাদী মহিলাসকলে বিধেয়কখন বাতিলৰ দাবীত অৱস্থান ধৰ্মঘট কৰে।

ইয়াৰ উপৰি মোদীৰ প্ৰতিকৃতি দাহ, মুখ্য মন্ত্ৰী এন বীৰেন সিঙৰ প্ৰতিকৃতি দাহ, বিজেপি বিৰোধী শ্ল’গানত উত্তাল হৈ পৰে ইম্ফল চহৰকে ধৰি মণিপুৰৰ বিভিন্ন অঞ্চল। বিভিন্ন ঠাইত মহিলাসকলক জোঁৰ সমদল বাহিৰ কৰা দেখা গ’ল।

মহিলাসকলৰ উপৰি ভালে সংখ্যক পুৰুষে বিজেপিৰ কাৰ্য্যালয়ৰ সন্মুখতে উলংগ প্ৰতিবাদ কৰে।

প্ৰতিবাদকাৰীক বাধা দিবলৈ আৰক্ষীয়ে কন্দুৱা গেছ, মক বোমা প্ৰয়োগ কৰিব লগীয়া হয়।

উল্লেখযোগ্য যে ১২ ফেব্ৰুৱাৰিত বিধেয়কখন ৰাজ্যসভাত উত্থাপন হোৱাটো নিশ্চিত হোৱাৰ লগে লগে জংগী প্ৰতিবাদৰ জুই অধিক প্ৰসাৰিত নহ’বৰ বাবে প্ৰশাসনে ৫ দিনৰ বাবে ৰাজ্যখনত ইণ্টাৰনেটসেৱা বন্ধ কৰি দিছে।

ইপিনে দিল্লীত থকা মুখ্য মন্ত্ৰী এন বীৰেন সিঙে ৰাজ্যবাসীক এইবুলি আশ্বাস দিছে যে বিধেয়কখন ৰাজ্যসভাত গৃহীত নহ’বৰ বাবে সম্ভৱপৰ সকলোখিনি কৰা হৈছে। এই আশ্বাস দি শান্তি বৰ্তাই ৰাখিবলৈ তেওঁ ৰাজ্যবাসীক আহ্বান জনায়। ১২ ফেব্ৰুৱাৰিত বীৰেনে সিঙে গৃহ ৰাজ্যিক মন্ত্ৰী কিৰেন ৰিজিজুৰ সৈতে এখন বৈঠকত মিলিত হৈছিল, য’ত অৰুণাচল প্ৰদেশৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডুও উপস্থিত আছিল।

Related News