কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ প্ৰকল্পৰ অধীনত একাউণ্টৰ কাৰ্যকলাপ মন্থৰ হৈ পৰিছে। এক প্ৰতিবেদনত প্ৰকাশ পাইছে যে এই আঁচনিৰ অধীনত ৰাজহুৱা খণ্ডৰ বেংক (পিএছবি)ত বিগত এবছৰৰ ভিতৰত পূৰ্বতে খোলা নিষ্ক্ৰিয় একাউণ্টৰ সংখ্যা বৃদ্ধি পাইছে।
ৰাষ্ট্ৰীয় সংবাদপত্ৰ বিজনেছ ষ্টেণ্ডাৰ্ডে এজন চৰকাৰী জ্যেষ্ঠ বিষয়াৰ উদ্ধৃতি দি কয় যে যোৱা বছৰৰ ২১%ৰ পৰা ছেপ্টেম্বৰৰ শেষলৈকে মুঠ এনে নিষ্ক্ৰিয় একাউণ্টৰ সংখ্যা ২৬%লৈ বৃদ্ধি পাইছে।
বিষয়াগৰাকীৰ মতে, ‘ৰাজহুৱা খণ্ডৰ বেংকসমূহৰ মুঠ ৫৫৪.৫ মিলিয়ন প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ একাউণ্টৰ ভিতৰত ২০২৫ চনৰ ছেপ্টেম্বৰ মাহলৈকে প্ৰায় ১৪২.৮ মিলিয়ন একাউণ্ট নিষ্ক্ৰিয় হৈ আছিল। ইফালে, ২০২৫-২৬ বৰ্ষৰ বাবে ৰাজহুৱা খণ্ডৰ বেংকসমূহত নতুন প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ একাউণ্ট খোলাৰ লক্ষ্য হৈছে ৩.৮ কোটি, ইয়াৰে ১৩.২ মিলিয়ন একাউণ্ট ছেপ্টেম্বৰৰ ভিতৰত খোলা হৈছে।’
বিষয়াজনে এই অভিলাষী চৰকাৰী বিত্তীয় সমন্বয় পৰিকল্পনাৰ অধীনত সক্ৰিয় একাউণ্টৰ সংখ্যা আৰু হ্ৰাস পাব পাৰে বুলি সন্দেহ ব্যক্ত কৰিছে।
প্ৰতিবেদন অনুসৰি বেংক অৱ ইণ্ডিয়া (৩২%) আৰু ইউনিয়ন বেংক অৱ ইণ্ডিয়া (৩৩%)কে ধৰি প্ৰধান বেংকসমূহে এনে নিষ্ক্ৰিয় একাউণ্টৰ সৰ্বাধিক অংশ লাভ কৰাৰ বিপৰীতে পঞ্জাব এণ্ড সিন্ধ বেংক (৮%)তেই এই হাৰ সৰ্বনিম্ন।
বেংক অৱ ইণ্ডিয়াৰ নিষ্ক্ৰিয় একাউণ্টৰ অনুপাত ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত ১৯%ৰ পৰা ২০২৫ চনৰ ছেপ্টেম্বৰ মাহত ২৫%লৈ বৃদ্ধি পাইছে।
ইয়াৰ পাছত ভাৰতীয় ষ্টেট বেংকতো নিষ্ক্ৰিয় একাউণ্ট বৃদ্ধি পোৱা দেখা গৈছে। আনহাতে এই একাউণ্টসমূহৰ সংখ্যা ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত ১৯%ৰ পৰা ২০২৫ চনৰ ছেপ্টেম্বৰ মাহত ২৫%লৈ বৃদ্ধি পাইছে।
উল্লেখযোগ্য যে, ভাৰতীয় ৰিজাৰ্ভ বেংক (আৰ বি আই)ৰ নীতি-নিৰ্দেশনা অনুসৰি সঞ্চয় একাউণ্টত দুবছৰতকৈ অধিক সময় লেনদেন নহ’লে নিষ্ক্ৰিয় একাউণ্ট বুলি গণ্য কৰা হয়।
উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনৰ আগষ্ট মাহত প্ৰধানমন্ত্ৰী জন ধন যোজনা আৰম্ভ কৰিছিল। ইয়াৰ উদ্দেশ্য আছিল বেংকিং/ছেভিংছ আৰু ডিপ’জিট একাউণ্ট, ৰেমিটেন্স, ঋণ, বীমা, পেঞ্চন আদি বিত্তীয় সেৱাৰ সুলভ সুবিধা নিশ্চিত কৰা।




