আমেৰিকা আৰু ইৰাণৰ মাজত চলি থকা যুদ্ধৰ ফলত হৰমুজ প্ৰণালী বন্ধ হৈ পৰিছে। ইয়াৰ পোণপটীয়া প্ৰভাৱ ভাৰতৰ খাৰুৱা তেলৰ ভাণ্ডাৰৰ ওপৰত পৰিছে। এক প্ৰতিবেদন অনুসৰি, যোৱা ২৮ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা এই যুদ্ধৰ বাবে ভাৰতৰ তেলৰ ভাণ্ডাৰ ১৫ শতাংশলৈ হ্ৰাস পাইছে।
কেপলাৰ নামৰ এটা সমীক্ষা সংস্থাই জনোৱা মতে, বিদেশৰ পৰা তেল আমদানি কমি গৈছে যদিও ভাৰতৰ তেল শোধনাগাৰসমূহে নিজৰ কাম-কাজ স্বাভাৱিকভাৱে চলাই আছে, যাৰ বাবে জমা থকা তেলৰ পৰিমাণ দ্ৰুতগতিত কমিবলৈ ধৰিছে।
কেপলাৰৰ ৰিফাইনিং বিভাগৰ মুৰব্বী নিখিল ডুবেই জানিবলৈ দিয়ে যে যুদ্ধৰ আগতে ভাৰতলৈ দৈনিক গড়ে ৫ মিলিয়ন বেৰেল খাৰুৱা তেল আহিছিল। কিন্তু যুদ্ধ আৰম্ভ হোৱাৰ পাছত যোৱা আঢ়ৈ মাহত সেয়া কমি গৈ ৪.৫ মিলিয়ন বেৰেল হৈছেগৈ। বাহিৰৰ পৰা তেল অহা কমি যোৱাৰ বাবে শোধনাগাৰসমূহে জমা কৰি ৰখা তেল ব্যৱহাৰ কৰিবলৈ বাধ্য হৈছে।
আনহাতে, হৰমুজ প্ৰণালী অতি সোনকালে খোলাৰ কোনো সম্ভাৱনা দেখা পোৱা নাই। এনে পৰিস্থিতিলৈ লক্ষ্য ৰাখিয়েই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক ইন্ধন ৰাহি কৰিবলৈ আহ্বান জনাইছে বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে।
কেপলাৰৰ প্ৰতিবেদন অনুসৰি, যোৱা ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে ভাৰতত ১০৭ মিলিয়ন বেৰেল তেল মজুত আছিল। বৰ্তমান সেই পৰিমাণ ৯১ মিলিয়ন বেৰেললৈ কমি আহিছে। ইয়াৰ ভিতৰত চৰকাৰী সংৰক্ষিত ভাণ্ডাৰ, শোধনাগাৰ আৰু ব্যৱসায়িক মজুতো অন্তৰ্ভুক্ত আছে। প্ৰতিদিনে ৫ মিলিয়ন বেৰেল তেল খৰচ হোৱাৰ ফলত এতিয়া যিমান তেল জমা আছে, সেয়া মাত্ৰ ১৮ দিনৰ বাবেহে জোৰাব।
অৱশ্যে যোৱা সোমবাৰে চৰকাৰৰ ফালৰ পৰা কোৱা হৈছিল যে দেশত ৬০ দিনৰ বাবে তেল মজুত আছে। কিন্তু এই প্ৰতিবেদনত কোৱা হৈছে যে চৰকাৰৰ এই হিচাপত পাইপলাইন আৰু সাগৰীয় জাহাজত থকা তেলো ধৰা হৈছে। যোৱা এপ্ৰিল মাহত গুজৰাটৰ নায়াৰা এনাৰ্জীত মেৰামতিৰ কাম চলি নথকাহেঁতেন এই জমা তেলৰ পৰিমাণ আৰু বেছি কমিলহেঁতেন।
সময় যিমানেই পাৰ হৈছে, সমগ্ৰ দেশতে ইন্ধনৰ নাটনিক লৈ উদ্বেগ সিমানেই বৃদ্ধি পাইছে। যুদ্ধৰ বাবে উপসাগৰীয় দেশসমূহৰ তেল উৎপাদন আগতকৈ ১৪.৪ মিলিয়ন বেৰেল কমি গৈছে। এপ্ৰিল মাহত সমগ্ৰ বিশ্বতে তেলৰ যোগান আৰু ১.৮ মিলিয়ন বেৰেল হ্ৰাস পাই ৯৫.১ মিলিয়ন বেৰেল হৈছেগৈ। যোৱা ফেব্ৰুৱাৰী মাহৰ পৰা সমগ্ৰ বিশ্বৰ তেল যোগানত মুঠ ১২.৮ মিলিয়ন বেৰেলৰ ঘাটি দেখা গৈছে।





