ইৰাকৰ ওচৰত এখন তেলবাহী জাহাজত সন্ত্ৰাসবাদীৰ আক্ৰমণত এজন ভাৰতীয় মেৰিন ইঞ্জিনিয়াৰৰ মৃত্যু হৈছে। মৃত দেও নন্দন প্ৰসাদ সিং (৫৬) মূলতঃ বিহাৰৰ বাসিন্দা হ’লেও দীৰ্ঘদিন ধৰি পৰিয়ালৰ সৈতে মুম্বাইৰ কান্দিভালিত বাস কৰিছিল। এই ঘটনাত জাহাজ কোম্পানী আৰু প্ৰশাসনৰ উদাসীনতাৰ অভিযোগ তুলি সৰৱ হৈ পৰিছে নিৰ্যাতিত পৰিয়ালটো।
সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, যোৱা বুধবাৰে এই ঘটনা সংঘটিত হৈছে। ইৰাকৰ বসৰা সংলগ্ন খোৰ আল জুবাইৰ বন্দৰৰ ওচৰত ‘এমটি চেফচি বিষ্ণু’ নামৰ এখন তেলবাহী টেংকাৰত হঠাতে দুষ্কৃতিকাৰীয়ে আক্ৰমণ চলায়। দেও নন্দন সেই জাহাজখনত অতিৰিক্ত মুখ্য অভিযন্তা হিচাপে কৰ্মৰত আছিল। আক্ৰমণত তেওঁ গুৰুতৰভাৱে আহত হয় আৰু পিছত তেওঁৰ মৃত্যু হয়। শুক্ৰবাৰে এই খবৰ পোৱাৰ লগে লগে শোকত ভাঙি পৰে তেওঁৰ পৰিয়াল। মৃত ইঞ্জিনিয়াৰগৰাকীৰ কন্যা কোমল সিং নাগপুৰ মেডিকেল কলেজৰ ছাত্ৰী।
কোমলে জনোৱা মতে, যোৱা ১১ মাৰ্চৰ নিশা তেওঁ দেউতাকৰ সৈতে ফোনত কথা পাতিছিল। কিন্তু নিশা প্ৰায় আঢ়ৈ বজাত দেউতাকে পুনৰ ফোন কৰি জনাইছিল যে জাহাজত জুই লাগিছে। তাৰ পিছত বাৰে বাৰে ফোন কৰিও কোনো যোগাযোগ কৰিব পৰা নগ’ল। কোমলে অভিযোগ কৰি কয় যে শ্বিপিং কোম্পানীয়ে আৰম্ভণিতে তেওঁলোকক একো সঠিককৈ জনোৱা নাছিল। পিছত কোৱা হ’ল যে তেওঁৰ দেউতাকে অত্যধিক পৰিমাণৰ সাগৰৰ লুণীয়া পানী খাই পেলোৱাৰ বাবে তেওঁক বচাব পৰা নগ’ল। অথচ এই সন্দৰ্ভত পৰিয়ালক কোনো চৰকাৰী পত্ৰ দিয়া হোৱা নাই।
জানিব পৰা মতে, ডাঙৰ পুত্ৰৰ পঢ়া-শুনাৰ খৰচ আৰু কন্যাৰ কলেজৰ বাকী থকা মাছুল আদায় দিবলৈ অতিৰিক্ত উপাৰ্জনৰ আশাত দেও নন্দনে এই শেষবাৰৰ বাবে সাগৰীয় যাত্ৰালৈ গৈছিল। কিন্তু আজি তেওঁৰ মৃতদেহৰ বাবে অপেক্ষা কৰিবলগীয়া হৈছে পৰিয়ালে। পত্নী কুমকুম সিঙৰ আক্ষেপ যে তেওঁ নিজৰ স্বামীক জীয়াই থকা অৱস্থাত পঠিয়াইছিল আৰু তেওঁক সেইদৰেই ঘূৰাই পাব বিচাৰিছিল, কিন্তু এতিয়া কোনেও তেওঁলোকক সঠিক তথ্য দিয়া নাই।
বিদেশত থকা তেওঁৰ পুত্ৰ ইতিমধ্যে মুম্বাই অভিমুখী হৈছে। প্ৰশাসনে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে যদিও নিহতৰ পৰিয়ালে আন্তৰ্জাতিক পৰ্যায়ৰ তদন্ত আৰু ক্ষতিপূৰণৰ দাবী জনাইছে। এতিয়া কেতিয়া অভিযন্তাগৰাকীৰ মৃতদেহ দেশলৈ ঘূৰাই অনা হ’ব, তাৰে অপেক্ষাত দিন কটাইছে পৰিয়ালটোৱে।





