• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰাক্তন কংগ্ৰেছী বিধায়িকা ৰুমী নাথৰ আঘাতযুক্ত মুখৰ ফটোক “মুছলমান স্বামী”ৰ প্ৰহাৰৰ চিন বুলি অপপ্ৰচাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 9, 2019 7:03 am
Rumi Nath

হিন্দুত্ব বাহিনীয়ে অপপ্ৰচাৰ কৰিবলৈ ব্যৱহাৰ কৰা পোষ্টটোৰ দুটা স্ক্ৰীন শ্বট।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

 

কাছাৰৰ বৰখলা বিধানসভা সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছী বিধায়িকা ৰুমী নাথৰ আঘাতযুক্ত মুখৰ এখন ফটোক লৈ অপপ্ৰচাৰত লিপ্ত হৈছে হিন্দুত্ব বাহিনী।

Apply Now

২০১২ চনত এটা গণপ্ৰহাৰৰ ঘটনাত আঘাতপ্ৰাপ্ত ৰুমী নাথৰ পুৰণি ফটোখন দি ছ’চিয়েল মিডিয়া টুইটাৰত হিষ্টৰি অব ইণ্ডিয়া (History Of India (@RealHistoriPix)) নামৰ এটা একাউণ্টৰ পৰা সাম্প্ৰদায়িক ৰহন সানি প্ৰচাৰ কৰা হৈছে আৰু টুইটটো প্ৰায় ৫০০ বাৰ ৰিটুইট কৰা হৈছে।

টুইটটোত কোৱা হৈছে, অসমত এগৰাকী হিন্দু মহিলাই জাকিৰ হুছেইন নামৰ এজনক বিয়া কৰাবৰ বাবে নিজৰ স্বামী আৰু সন্তানক ৰুবিয়া হ’ল আৰু বিয়াৰ পিছত জাকিৰ হুছেইনে তেওঁৰ কি কৰিলে চাওক।

টুইটটোৰ সৈতে দুখন ফটো সন্নিৱিষ্ট কৰি দিয়া হৈছে। এখনত এজন পুৰুষৰ সৈতে ৰুমী নাথক দেখা গৈছে। আনখন মুখত কেইবাটাও আঘাতৰ ক’লা দাগৰ সৈতে ৰুমীৰ অকলশৰীয়া ফটো।

টুইটটো Congress Mukt Bharat (@sagenaradamuni) –এও শ্বেয়াৰ কৰিছে আৰু টেগলাইন দিছে এই বুলি যে মুছলমান পুৰুষক বিয়া কৰোৱা এগৰাকী হিন্দু মহিলা ঘৰুৱা হিংসাৰ বলি হৈছে।

লগতে পঢ়ক এক দশকৰ পিছত লক্ষ্মী ওৰাঙক আকৌ এবাৰ নগ্ন কৰিলে বিজেপিৰ সমৰ্থকে

বহুতে এই মূল পোষ্টটোৰ ফটো আৰু বাৰ্তাক ফেইচবুকতো শ্বেয়াৰ কৰিছে আৰু হাজাৰ হাজাৰ লোকে লাইক কৰিছে। ইয়াৰ ভিতৰত ‘Rss Uttarpara Nagar’.ও আছে।

প্ৰকৃত ঘটনাটোলৈ ঘূৰি চালে দেখা যায় এইটো আছিল ২০১২ চনৰ এটা ঘটনা, যি সময়ত ৰুমী নাথ বৰখলা সমষ্টিৰ বিধায়িকা হৈ আছিল।

তেওঁ আৰু তেওঁৰ দ্বিতীয় স্বামী জেকী জাকিৰ (এই বিতৰ্কিত টুইটটোত কোৱাৰ দৰে জাকিৰ হুছেইন নহয়) দক্ষিণ কৰিমগঞ্জ নগৰত একাংশ উত্তেজিত লোকে প্ৰহাৰ কৰিছিল, যিটো ঘটনাত ৰুমী নাথৰ এজাহাৰৰ পিছত পাঁচজনকৈ লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। ঘটনাটোৰ কিছুদিন পূৰ্বে ৰুমী নাথে নিজৰ স্বামীক এৰি জেকীৰ সৈতে বিয়া হৈছিল।

বিজেপিৰ সৈতে জড়িত বিভিন্নটা হিন্দুত্ববাদী সংগঠনে বিভিন্ন সময়ত এনে ঘটনাবোৰৰ অপব্যাখ্যা আৰু সাম্প্ৰদায়িক ৰহন সানি প্ৰচাৰ কৰি আহিছে।

২০০৭ চনত গুৱাহাটী মহানগৰীৰ ৰাজপথত সভ্য নাগৰিকেৰে গঠিত এটা উন্মত্ত দলৰ হাতত বিবস্ত্ৰা হোৱা লক্ষ্মী ওৰাঙৰ নগ্ন ফটোখনো ৰাজনৈতিক মুনাফাত ব্যৱহাৰ কৰি বিজেপিৰ সমৰ্থকে ইয়াক পশ্চিম বংগত হিন্দু মহিলাক কংগ্ৰেছ কাৰ্য্যকৰ্তাই ৰাজপথত পিটাৰ দৃশ্য বুলি যোৱা বছৰ অপপ্ৰচাৰ চলাইছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd