• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধৰিত্ৰী দিৱসৰ দিনা গুৱাহাটীৰ কৃত্ৰিম বানপানী আৰু পৰিৱেশ সংৰক্ষণৰ আহ্বানত গৌৰৱ গগৈ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 11:02 am
33
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি সমগ্ৰ বিশ্বৰ লগতে অসমতো ধৰিত্ৰী দিৱস পালন কৰা হৈছে। এই বিশেষ দিনটোৰ সৈতে সংগতি ৰাখি অসমৰ কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ সমস্যাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰাৰ লগতে এক বহনক্ষম জীৱনশৈলী গ্ৰহণ কৰিবলৈ সকলোকে আহ্বান জনাইছে।

তেওঁ সামাজিক মাধ্যমৰ জৰিয়তে পৰিৱেশ সুৰক্ষা আৰু প্ৰকৃতিৰ সংৰক্ষণৰ বাবে এক নতুন সংকল্প ল‘বলৈ ৰাইজক অনুৰোধ কৰে। গগৈয়ে তেওঁৰ বাৰ্তাত পৰিৱেশ অনুকূল অভ্যাস গ্ৰহণ কৰা আৰু আমাৰ পৃথিৱীখনক সুৰক্ষিত কৰাৰ বাবে সামূহিক দায়িত্ব লোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

Apply Now

নেতাগৰাকীয়ে কয় যে আমি আমাৰ গ্ৰহটো ৰক্ষা কৰিবলৈ আৰু প্ৰাকৃতিক সম্পদসমূহ সংৰক্ষণ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হোৱা উচিত যাতে আগন্তুক প্ৰজন্মই এটা সুস্থ আৰু সেউজ ভৱিষ্যত লাভ কৰিব পাৰে।

উল্লেখ্য যে বৰ্তমান গুৱাহাটী চহৰৰ বিভিন্ন স্থানত কৃত্ৰিম বানপানীয়ে এক ভয়াবহ ৰূপ ধাৰণ কৰিছে। অপৰিকল্পিত নগৰীকৰণ, নলা-নৰ্দমাৰ বিসংগতি আৰু অনিয়ন্ত্ৰিত নিৰ্মাণ কাৰ্যৰ বাবেই এই সমস্যাৰ সৃষ্টি হোৱা বুলি বিভিন্ন মহলে অভিযোগ কৰি আহিছে। এনে সময়তে গৌৰৱ গগৈৰ এই মন্তব্যই বিশেষ তাৎপৰ্য বহন কৰিছে।

গোলকীয় পৰিৱেশৰ প্ৰত্যাহ্বানসমূহৰ কথা উল্লেখ কৰি তেওঁ কয় যে জলবায়ু পৰিৱৰ্তন, বন ধ্বংস আৰু জৈৱ বৈচিত্ৰ্যৰ বিলুপ্তিৰ দৰে সমস্যাবোৰ যদিও বিশ্বজুৰি বিয়পি আছে, তথাপিও ইয়াৰ বিৰুদ্ধে স্থানীয়ভাৱে পদক্ষেপ লোৱাটো অত্যন্ত প্ৰয়োজনীয়। তেওঁ জাৱৰ-জোঁথৰ কমোৱা, পানী সংৰক্ষণ কৰা আৰু ব্যক্তিগত তথা সামাজিক স্তৰত বহনক্ষম পদ্ধতি অৱলম্বন কৰাৰ কথা দোহাৰে। তেওঁ বিশ্বাস কৰে যে সকলোৰে সন্মিলিত প্ৰচেষ্টাৰ জৰিয়তেহে সমাজত এক অৰ্থপূৰ্ণ পৰিৱৰ্তন অনাটো সম্ভৱ হ‘ব।

পৰিৱেশবিদসকলৰ মতে অসমৰ জৈৱ বৈচিত্ৰ্য অতি চহকী যদিও জলবায়ুৰ পৰিৱৰ্তন আৰু পৰিৱেশৰ অৱনতিৰ বাবে এই অঞ্চলটো এতিয়া যথেষ্ট সংকটত আছে। তেওঁলোকে দীৰ্ঘদিন ধৰি চৰকাৰী নীতি কঠোৰ কৰিবলৈ আৰু জনসাধাৰণক সজাগ হ‘বলৈ আহ্বান জনাই আহিছে। আজিৰ এই ধৰিত্ৰী দিৱসত গৌৰৱ গগৈৰ এই আহ্বানে নাগৰিক আৰু নীতি নিৰ্ধাৰক উভয়কে ভৱিষ্যত প্ৰজন্মৰ স্বাৰ্থত পৰিৱেশ সুৰক্ষাৰ বাবে দৃঢ় পদক্ষেপ ল‘বলৈ পুনৰবাৰ সোঁৱৰাই দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নুশুনিলে নেতাৰ কাতৰ অনুৰোধ; বিজেপি ত্যাগ কৰাৰ সিদ্ধান্তত অটল দলৰ ‘মোডী ভক্ত’ মুখপাত্ৰ পুনাৱাল্লা

নুশুনিলে নেতাৰ কাতৰ অনুৰোধ; বিজেপি ত্যাগ কৰাৰ সিদ্ধান্তত অটল দলৰ ‘মোডী ভক্ত’ মুখপাত্ৰ পুনাৱাল্লা

August 17, 2026 12:44 pm
লখিচৰাইৰ অশোকধাম মন্দিৰত ভয়াবহ দুৰ্ঘটনা; পদপিষ্ট হৈ কমেও ৭ জন লোকৰ মৃত্যু, আহত একাধিক

লখিচৰাইৰ অশোকধাম মন্দিৰত ভয়াবহ দুৰ্ঘটনা; পদপিষ্ট হৈ কমেও ৭ জন লোকৰ মৃত্যু, আহত একাধিক

August 17, 2026 11:41 am
ছিণ্ডিকেটৰ বিৰুদ্ধে ৰাজ্যজুৰি অভিযান আৰম্ভ কৰিব অসম কংগ্ৰেছে; কাজিৰঙাৰ ইক’ জ’ন কৰ্তন আৰু ভূমি অধিগ্ৰহণৰ বিৰোধিতা

ছিণ্ডিকেটৰ বিৰুদ্ধে ৰাজ্যজুৰি অভিযান আৰম্ভ কৰিব অসম কংগ্ৰেছে; কাজিৰঙাৰ ইক’ জ’ন কৰ্তন আৰু ভূমি অধিগ্ৰহণৰ বিৰোধিতা

August 17, 2026 10:52 am
প্ৰসিদ্ধ তাৰাপীঠৰ হোটেলত পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড; কমেও ৭ জন তীৰ্থযাত্ৰীৰ মৃত্যু, একাধিক আহত

প্ৰসিদ্ধ তাৰাপীঠৰ হোটেলত পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড; কমেও ৭ জন তীৰ্থযাত্ৰীৰ মৃত্যু, একাধিক আহত

August 17, 2026 9:40 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নুশুনিলে নেতাৰ কাতৰ অনুৰোধ; বিজেপি ত্যাগ কৰাৰ সিদ্ধান্তত অটল দলৰ ‘মোডী ভক্ত’ মুখপাত্ৰ পুনাৱাল্লা

নুশুনিলে নেতাৰ কাতৰ অনুৰোধ; বিজেপি ত্যাগ কৰাৰ সিদ্ধান্তত অটল দলৰ ‘মোডী ভক্ত’ মুখপাত্ৰ পুনাৱাল্লা

August 17, 2026 12:44 pm
লখিচৰাইৰ অশোকধাম মন্দিৰত ভয়াবহ দুৰ্ঘটনা; পদপিষ্ট হৈ কমেও ৭ জন লোকৰ মৃত্যু, আহত একাধিক

লখিচৰাইৰ অশোকধাম মন্দিৰত ভয়াবহ দুৰ্ঘটনা; পদপিষ্ট হৈ কমেও ৭ জন লোকৰ মৃত্যু, আহত একাধিক

August 17, 2026 11:41 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd