মাৰ্ঘেৰিটা মহকুমাৰ লেখাপানীত চাঞ্চল্যকৰ ঘটনা। মোমায়েকে বনৰীয়া হাতী খেদিবলৈ সজা বিজুলী ফাণ্ডত পৰি ভাগিনিয়েকৰ শোকাৱহ মৃত্যুৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
প্ৰাপ্ত খবৰ অনুসৰি দীৰ্ঘদিন ধৰি লেখাপানী থানাৰ অন্তৰ্গত পাশা গাঁৱত হাতীয়ে চলাই আহিছে সন্ত্ৰাস আৰু হাতীৰ আক্ৰমণ ৰুধিবলৈ মোমায়েক গুপ্ত মাঝিয়ে নিজৰ পথাৰত বিজুলীৰ ফান্দ সাজি থৈছিল৷
বুধবাৰে নিশা হাতী খেদিবলৈ গৈ ভাগিন চন্দ্ৰ বাহাদুৰ মাঝি বিজুলীৰ তাঁৰত লাগি থিতাতে নিহত হয়৷ সমগ্ৰ ঘটনাক গাপ দিয়াৰ চেষ্টা চলাইছিল মোমায়েক গুপ্ত মাঝিয়ে৷
মৃতদেহৰ গাত থকা স্পষ্ট দাগ অনুমান কৰি স্থানীয় ৰাইজে কয় যে মাঝিৰ কাৰেণ্টত লাগিয়েই মৃত্যু হৈছে৷ সাংবাদিকৰ তৎপৰতাত এই ঘটনা পোহৰলৈ আহে যদিও পৰিয়ালৰ লোকে মুখ খোলা নাই৷
লেখাপানী আৰক্ষী ঘটনা স্থলীত উপস্থিত হৈ এই ঘটনাৰ সত্যতা নিৰূপণ কৰিবৰ বাবে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰিছে৷
উল্লেখ্য যে পৰিয়ালৰ লোকে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে অমান্তি হৈছিল৷ আৰক্ষীৰ তদন্ত আৰু মৰণোত্তৰ পৰীক্ষাৰ অন্তত পোহৰলৈ আহিব সমগ্ৰ ঘটনাৰ সত্য সত্যতা৷