• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দুটা জঘন্য ঘটনা সংঘটিত হৈছে ত্ৰিপুৰাত! : এগৰাকী যুৱতীক ধৰ্ষণ আৰু স্বামীয়ে হত্যা কৰিলে পত্নীক

NE NOW NEWS এন ই নাও নিউজ
ত্ৰিপুৰা , October 13, 2020 3:05 pm

2 min read

aaaa
315
VIEWS
Share on FacebookShare on Twitter

যোৱা ২৪ ঘন্টাত দুটা জঘন্য ঘটনাই জোকাৰি গৈছে ত্ৰিপুৰা। এফালে পত্নীক নৃসংশভাৱে হত্যা কৰিছে স্বামীয়ে আৰু আনফালে এগৰাকী যুৱতী ধৰ্ষণৰ বলি হৈছে।

প্ৰথমটো ঘটনাৰ বিৱৰণীৰ মতে ৰাজ্যখনৰ ঢালাই জিলাৰ চালেমত এজন ব্যক্তিয়ে নিজৰ পত্নীক হত্যা কৰিছে। সোমবাৰে মংগলচাৰী দেৱবাৰ্মাৰ(৩৭) ৰক্তাক্ত মৃতহেদটো উদ্ধাৰ কৰা হয় নিজ গৃহৰ শোৱনি কোঠাৰ বিচনাত।

মৃতা দেৱবাৰ্মাৰ সন্তানে জনোৱা অসুনৰি তেওঁলোকৰ মাতৃৰ ৰক্তাক্ত দেহটো কাপোৰেৰে মেৰিয়াই থোৱা অৱস্থাত বিচনাতে প্ৰত্যক্ষ কৰে আৰু তেতিয়াও দেহৰ পৰা ৰক্তক্ষৰণ হৈ আছিল।

ততাতৈয়াকৈ মংগলচাৰী দেৱবাৰ্মাক ঢালাই জিলাৰ কুলাই চিকিৎসালয়লৈ চিকিৎসাৰ বাবে নিয়া হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।

গঞাই এই হত্যাকাণ্ডত মংগচাৰী দেৱবাৰ্মাৰ স্বামী বিদ্যাচৰণ দেৱবাৰ্মা জড়িত থকাৰ সন্দেহ কৰিছে।

নিশা আৰক্ষীয়ে এই হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ সন্দেহত মৃতা দেৱবাৰ্মাৰ স্বামী বিদ্যাচৰণ দেৱবাৰ্মাক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে।

গঞাৰ অভিযোগ যে স্বামীয়ে অত্যধিক মদ্যপান কৰাৰ বাবে প্ৰতি নিশাই মংগচাৰী দেৱবাৰ্মা আৰু স্বামী বিদ্যাচৰণ দেৱবাৰ্মাৰ মাজত কাজিয়াৰ সৃষ্টি হয়। গঞাই সন্দেহ কৰা মতে দেওবাৰে নিশাও কাজিয়াৰ সূত্ৰপাত হোৱাৰ পিছত স্বামী বিদ্যাচৰণ দেৱবাৰ্মাই পত্নীক চোকা অস্ত্ৰৰে আঘাত কৰি হত্যা কৰে।

ইফালে ধৰ্ষণৰ ঘটনাটো সংঘটিত হৈছে ৰাজ্যখনৰ উনাকটি জিলাৰ পাখীৰ্বাড়া গাঁৱত।

গাঁওখনৰ ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ এগৰাকী যুৱতী ধৰ্ষণৰ বলি হৈছে।

ইতিমধ্যে ধৰ্ষিতা যুৱতী গৰাকীয়ে স্থানীয় কৈলাশহৰ আৰক্ষী থানাত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে।

যুৱতী গৰাকীয়ে অভিযোগ কৰিছে যে, সোমবাৰে আবেলি পৰিচিত আব্দুল মজিদ নামৰ যুৱকজনৰ সৈতে ভুক্তভোগী যুৱতী গৰাকীয়ে আত্মীয়ৰ বিবাহৰ অনুষ্ঠানলৈ গৈ থকাৰ অৱস্থাত নিৰ্জনতাৰ সুযোগ লৈ হাবিলৈ নি ধৰ্ষণ কৰে।

ধৰ্ষণ কৰাৰ পিছত আব্দুলে গাড়ীৰ পৰা নমাই থৈ যোৱা বুলি ভুক্তভোগী যুৱতীগৰাকীয়ে অভিযোগ কৰিছে।

ইফালে ঘটনা সংঘটিত কৰিয়ে অভিযুক্ত আব্দুল মজিদ পলতক হৈ আছে। আৰক্ষীয়ে তেওঁক বিচাৰি থকা বুলি জানিব পৰা গৈছে।

Recent News

সকলো লোককে দিয়া হ’ব বিনামূলীয়া কোভিড ভেকচিন; এইখন ৰাজ্যৰ কেবিনেটত প্ৰস্তাৱ গ্ৰহণ

বহু কেইখন দেশলৈ কোভিড ভেকচিনেৰে সহায় ভাৰতৰ; আমেৰিকাৰ উচ্চ প্ৰশংসা

জাকাই ইক' কেম্প

পৰ্যটন ক্ষেত্ৰত ন-সংযোজন ৰাঙলু পাহাৰগুৰিৰ জাকাই ইক’ কেম্প; পৰ্যটকক আদৰিবলৈ সাজু

ৱেষ্ট ইণ্ডিজক হৰুৱাই এদিনীয়া শৃংখলাত বাংলাদেশৰ শ্ৰেষ্ঠত্ব

ৱেষ্ট ইণ্ডিজক হৰুৱাই এদিনীয়া শৃংখলাত বাংলাদেশৰ শ্ৰেষ্ঠত্ব

WhatsApp Image 2021-01-23 at 11.48.57 AM

ৰাহানেৰ মহানুভৱতা! কেংগাৰুৰ প্ৰতিকৃতি থকাৰ বাবেই নাকাটিলে কেক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd