দেশত আজিৰ পৰা তৃতীয় পৰ্য্যায়ৰ ল’কডাউন আৰম্ভ হোৱাৰ সময়ত শিৱসাগৰৰ বকতাত দিচাং নদীত গা ধুবলৈ গৈ এজন যুৱকৰ মৃত্যু হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।
জানিব পৰা মতে, শিৱসাগৰ জিলাৰ বকতাৰ খামুন বেজৰটোপৰ বাসিন্দা ব্ৰজেন চেতিয়াৰ পুত্ৰ দীনেশ চেতিয়াই আজি দুপৰীয়া দিচাং নদীত গা ধুবলৈ গৈছিল আৰু গা ধুবলৈ যোৱাৰ সময়তে নদীৰ কোবাল সোঁতে যুৱকজনক উটুৱাই লৈ যায়।
এই দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ পাছতে স্থানীয় ৰাইজে এচ ডি আৰ এফক খবৰ দিয়ে আৰু এছ ডি আৰ এফৰ লোক আহি দিচাং নদীত অভিযান চলায় আৰু বোকাবিল গাঁৱত যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰে।
দীনেশ চেতিয়া শিৱসাগৰৰ নগৰৰ মহাদেৱী ফাৰ্মাচীৰ এগৰাকী কৰ্মচাৰী। কৰ্মসূত্ৰে শিৱসাগৰল বাসিন্দা দীনেশ চেতিয়াই ল’কডাউনৰ বাবে আজি বকতালৈ আহিছিল।
২৭ বছৰীয়া দীনেশ চেতিয়াৰ মৃতদেহ এছ ডি আৰ এফৰ উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
আহাতে, যুৱকজনৰ মৃত্যুত পৰিয়ালৰ লোকসকল শোকত ভাগি পৰিছে।