বিশ্বনাথ চাৰিআলিত পুনৰ অভিযুক্তলৈ আৰক্ষীৰ গুলী৷ আৰক্ষীৰ গুলীত জাকিৰ হুছেইন ওৰফে জাগিৰ নামৰ কুখ্যাত গঁড় চিকাৰীটো গুলীবিদ্ধ হৈছে।
নাগঁৱৰ জুৰীয়াৰ পৰা দুদিন আগতে বিশ্বনাথ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল জাকিৰ হুছেইনক৷
ইতিমধ্যে নিহত কুখ্যাত গঁড় চিকাৰী নালকুৰ সহযোগী আছিল জাকিৰ৷
নিশা লুকুৱাই থোৱা অস্ত্ৰ দেখুৱালৈ নিয়াৰ সময়ত আৰক্ষীৰ জিম্মাৰ পৰা পলায়ণৰ চেষ্টা কৰিছিল জাকিৰে৷ তেতিয়াই আৰক্ষীয়ে গুলী কৰাত জাকিৰৰ ভৰিত গুলী লাগে৷
লগতে পঢ়ক: বটদ্ৰৱা থানা আক্ৰমণৰ ঘটনাৰ অন্যতম অভিযুক্ত আশ্বিকুল ইছলাম আৰক্ষীৰ গাড়ীৰ খুন্দাত নিহত!
পুৱতি নিশা ২ বজাত সংঘটিত হয় এই ঘটনা ৷ আহত জাকিৰক তেজপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয়৷
এই সন্দৰ্ভত আৰক্ষীয়ে এই পৰ্যন্ত কোনো তথ্য প্ৰকাশ কৰা নাই৷