স্বাস্থ্য বিভাগৰ কেতবোৰ গাফিলতিৰ বিষয়ে উল্লেখ কৰি স্বাস্থ্য বিভাগৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিৰোধী দলপতি দেবব্ৰত শইকীয়া।
নৰ্থ ইষ্ট নাওলৈ প্ৰেৰণ কৰা এটা ভিডিঅ’ত তেওঁ কয়, ‘অসমত বৃদ্ধি পোৱা দৈনিক ক’ৰ’ণা আক্ৰান্ত ৰোগী আৰু মোৰ গৃহ জিলা শিৱসাগৰকে ধৰি ৰাজ্যৰ বিভিন্ন জিলাত এই ৰোগত আক্ৰান্ত হোৱা বুলি চিনাক্ত হোৱাৰ ২৪ ঘন্টাৰ পিছতো কিন্তু ৰোগীসকলৰ বাবে প্ৰশাসনে চিকিৎসালয়ত বিচনাৰ ব্যৱস্থা কৰিব নোৱাৰাটো অতি দুৰ্ভাগ্যজনক।‘
ইপিনে, স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাইজক সঘনাই আশ্বস্ত কৰি অহাৰ কথা উনুকিয়াই দি শইকীয়াই কয়, ‘তেওঁ ৰোগীসকলৰ বাবে যুদ্ধকালীন প্ৰচেষ্টা আগবঢ়াই আছে। ইয়াৰ লগতে ইতিমধ্যে অন্যান্য ৰোগত আক্ৰান্ত ৰোগীসকল তথা দুৰ্ঘটনাত পতিত হোৱা ব্যক্তিসকলে যাৱতীয় চিকিৎসাৰ অভাৱত মৃত্যু হোৱাৰ বাতৰি দৈনন্দিন প্ৰকাশিত হৈ আহিছে।‘
তেওঁ লগতে কয় ‘সেয়েহে এই ক্ষেত্ৰত চৰকাৰ তথা স্বাস্থ্য বিভাগে ৰাইজক সঠিক তথ্য সহকাৰে আশ্বস্ত কৰাৰ প্ৰয়োজন আছে।‘
ঠিক সেইদৰে স্বাস্থ্য মন্ত্ৰীৰ আন এক আশ্বাস উনুকিয়াই দি শইকীয়াই কয় ‘ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় তথা শিৱসাগৰ জিলাত ১০০ খন বিচনাযুক্ত জাপানীজ এনকেফেলাইটিছ ৰোগীৰ চিকিৎসাৰ বাবে হস্পিটেল নিৰ্মাণৰ কথা আজিৰ পৰা প্ৰায় ৪ বছৰ আগতেই স্বাস্থ্য মন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছিল। কিন্তু এই সকলোবোৰ আজি ফুটুকাৰ ফেনলৈ পৰিণত হৈছে।‘
তেওঁ লগতে কয় ‘বিশেষকৈ শিৱসাগৰ জিলাত যিহেতু এই ৰোগ বিধৰ প্ৰাদুৰ্ভাৱ অধিক গতিকে, ইয়াত এই চিকিৎসালয় এখনৰ প্ৰয়োজনীয়তা অতিকৈ বেছি। লগতে ২০১২-১৩ চনতে অসমৰ বিভিন্ন জিলাত জাপানীজ এনকেফেলাইটিছৰ বাবে একোখনকৈ ICU নিৰ্মাণৰ নামত কেন্দ্ৰৰৰ পুঁজি ও আৱন্টন হৈছিল, গতিকে সেইসমূহৰ বৰ্তমান স্থিতি স্বাস্থ্য মন্ত্ৰী ডাঙৰীয়াই ৰাইজক জনাব লাগে।‘
তেওঁ এই প্ৰসংগটো উত্থাপন কৰিবলগীয়া হোৱাৰ কাৰণ বাখ্যা কৰি কয়, ‘কিয়নো বৰ্তমানৰ তথা দীৰ্ঘদিন ধৰি ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰীৰ দায়িত্বত থকা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যোগেদি ২০০৭ চনতে নাজিৰা মহকুমাৰ চিকিৎসালয়খন আংশিক ভাবে মুকলি কৰা হৈছিল, যদিও আজিলৈ মই চৰকাৰৰ অনুমোদন নোপোৱাৰ ফলত এই চিকিৎসালয়খনক পুৰ্ণাংগ ৰূপ দিব পৰা নাই। অত্যন্ত সংগ্ৰামৰ অন্ততঃ কিন্তু আজি কিছুদিন আগত মই ইয়াৰ বাবে ১৬ কোটি টকা আৱন্তন পাইছোঁ।‘
আনহাতে, আৱন্টিত চিকিৎসালয়খন ক’ভিড চিকিৎসালয় হিচাপে ঘোষণা কৰা কাৰ্যক বিৰোধিতা কৰা বুলি উল্লেখ কৰি লগতে কয় ‘কাৰণ এই অঞ্চলত অন্য ৰোগৰ চিকিৎসাৰ বাবে হস্পিটেল বা ব্যক্তিগত চিকিৎসালয় নাই।‘
ইয়াৰোপৰি, চৰকাৰ তথা স্বাস্থ্য বিভাগক ক’ৰ’ণাৰ সমান্তৰালকৈ জাপানীজ এনকেফেলাইটিছ ৰোগৰ ওপৰতো গুৰুত্ব দিবলৈ আহ্বান জনায় কিয়নো অসমত এই ৰোগৰ প্ৰাদুৰ্ভাৱ ও যথেষ্ট বেছি।