• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিৰ্বাচনকেন্দ্ৰিক বাজেট! কি প্ৰতিক্ৰিয়া বিৰোধী আৰু অন্যান্য দল-সংগঠনৰ?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 6, 2019 5:17 pm
51505794_10156345895383983_5470748948723400704_o

বাজেট ভাষণ দিয়াৰ প্ৰাক্ মুহূৰ্তত বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘’বাজেটৰ জৰিয়তে মানুহক নিস্কৰ্মা কৰিব বিচাৰিছে। অসমৰ যুৱকসকলৰ আত্ম-মনোবল আৰু দৃঢ়তা ধ্বংস কৰিব।‘‘ বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ২০১৯-২০ বৰ্ষৰ বাজেট দাখিল কৰাৰ পাছতেই নৰ্থ ইষ্ট নাওৰ আগত এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই।

উল্লেখ্য যে, বাজেটৰ জৰিয়তে ‘সুলভ পুষ্টি আৰু প্ৰাপ্তি যোজনা আঁচনি’ৰ অধীনত ৰাজ্যৰ ৫৭ লাখ পৰিয়ালক ৩ টকাৰ মূল্যৰ চাউল ১ টকা মূল্যত দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰখনে। অহা ১ মাৰ্চৰ পৰা এই ঘোষণা কাৰ্য্যকৰী হ’ব। এই আঁচনিৰ অধীনত অহা বছৰ ৩৭৭ কোটি টকা খৰচ কৰিব আৰু এইবৰ্ষত ৫৭ কোটি টকা খৰচ কৰিব।

Apply Now

চৰকাৰৰ এই আঁচনিখনৰ লগতে অন্যান্য আঁচনিসমূহৰ সমালোচনা কৰি দেবব্ৰত শইকীয়াই ইয়াক ‘ব্ৰিটিছৰ এক কৌশল’ৰ সৈতে তুলনা কৰে।

‘’ব্ৰিটিছে এটা সময়ত অসমীয়াক কানি খুৱাইছিল, যাৰ ফলত অসমৰ লোকসকল ধোদ হৈ পৰিছিল। ঠিক সেইদৰে বৰ্তমানো  বিনামূলীয়াকৈ খাই থাকিব পালে এলেহুৱা হৈ পৰিব। কাম নকৰাকৈ খাবলৈ পাম বুলি এতিয়া ভাবিব। এয়া বিজেপি চৰকাৰৰ জাতিটোক ধ্বংস কৰাৰ বুদ্ধি।‘’ এইদৰে কয় শইকীয়াই।

ইপিনে, হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰা বাজেটখন ‘সম্পূৰ্ণ নিৰ্বাচন কেন্দ্ৰিক বাজেট‘ বুলিও উল্লেখ কৰে শইকীয়াই।

শইকীয়াই কয়, ‘’উন্নয়নৰ স্বাৰ্থৰ পৰিৱৰ্তে ব্যক্তিগত ভোট ক্ৰয়ৰ বাবে এনেধৰণে টোপ দিয়াটো উচিত নহয়।‘’

তেওঁ লগতে কয় যে কাম নকৰাকৈ সকলোকে বিনামূলীয়া চাউল খুওৱাৰ নিচিনা আঁচনিয়ে দেশৰ উন্নয়ন নকৰে। ‘বৰঞ্চ মানুহ এলেহুৱা হ’ব।‘ শইকীয়াই লগতে কয়।

আনহাতে, বাজেটখন উত্থাপন হোৱাৰ পাছতেই সৰব হৈ পৰে বিভিন্ন জাতীয় দল-সংগঠনৰ নেতৃবৃন্দ।

২০১৯-২০ বৰ্ষৰ বাজেটখনক সমালোচনা কৰি অসম জাতীয়তাবী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে কয়, ‘’নিৰ্বাচনৰ দৃষ্টিভংগী এটা আগত ৰাখি বাজেটখন প্ৰস্তুত কৰা হৈছে।‘’

চাংমাইয়ে লগতে ‘সুলভ পুষ্টি আৰু প্ৰাপ্তি যোজনা আঁচনি’খনৰ সমালোচনা কৰি কয়, ‘‘তিনিটকীয়া চাউল এটকীয়া কৰিলে। কংগ্ৰেছ চৰকাৰৰ দিনত দুখীয়া ৰাইজে লাভ কৰি থকা তিনিটকীয়া চাউল বিজেপি চৰকাৰে বন্ধ কৰিছিল। কিন্তু তেওঁলোকেই এতিয়া এটকীয়া চাউল দিবলৈ গৈ আছে।‘’

তদুপৰি এনেধৰণৰ ‘জনসাধাৰণক নিস্কৰ্মা কৰাৰ আঁচনি’ পূৰ্বেও কংগ্ৰেছ চৰকাৰৰ দিনত লৈছিল বুলি সদৰী কৰি চাংমাইয়ে কয় যে বিজেপি চৰকাৰৰ দিনত ইয়াৰ কোনো পাৰ্থক্য দেখা নগ’ল।

ইয়াৰোপৰি, পূৰ্বৰ বাজেটত দিয়া প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতিয়েই হৈ ৰ’ল বুলিও তেওঁ মন্তব্য কৰে। ‘’বাজেটৰ কিতাপখনতে বাজেটৰ ঘোষণাবোৰ সীমাবদ্ধ থাকিলে, বাস্তৱ ৰূপ নাপালে। এইবাৰৰ বাজেটৰ প্ৰায়সংখ্যক আঁচনিয়েই জনসাধাৰণৰ ওচৰলৈ গৈ নাপাব,’‘-চাংমাইয়ে এইদৰে কয়।

আনহাতে, অসম নাগৰিক সমাজৰ সম্পাদক ৰ পৰেশ মালাকাৰেও ৰাজ্য চৰকাৰৰ এই বৰ্ষৰ বাজেটক সমালোচনা কৰি কয় যে ৭০ বছৰৰ পৰম্পৰা ভংগ কৰি এইখন এখন নিৰ্বাচনী টোপ দিয়া বাজেট।

‘’লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ তিনিমাহ থাকোঁতে এনে আঁচনিযুক্ত বাজেট কিয় দিবলগীয়া হ’ল?’’ ৰাজ্য চৰকাৰৰ প্ৰতি এই প্ৰশ্ন মালাকাৰৰ।

আনহাতে, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বিত্ত সম্পাদক হিৰণ্য পাথৰিয়ে বাজেটখনক এখন ৰংচঙীয়া বাজেট আখ্যা দিয়ে।

‘’এখন ৰংচঙীয়া বাজেটৰ জৰিয়তে জনতাৰ মাজত প্ৰলোভনৰ জাল মেলি ভোট ল’বৰ বাবে চেষ্টা কৰিছে। পূৰ্বেও এনে ৰঙীন বাজেট উত্থাপন কৰিছিল যদিও এতিয়ালৈকে জনসাধাৰণৰ মৌলিক সমস্যাসমূহ সমাধান হোৱা নাই।‘’ পাথৰিয়ে আমাৰ আগত কয়।

তেওঁ লগতে ৰাজ্য চৰকাৰৰ প্ৰতি আহ্বান জনাই কয় যে ৰাজ্যৰ ৬ লাখ কৃষকক ৫ হাজাৰ টকাকৈ সাহায্য দিয়াৰ কথা ঘোষণা কৰাতকৈ উৎপাদিত শস্যৰ মূল্য নিৰ্ধাৰণ কৰক।

তদুপৰি, ৰাজ্যৰ ২৬ লাখ নিবনুৱা যুৱকৰ সংস্থাপনৰ বাবে বাজেটত কোনোধৰণৰ স্পষ্টকৈ উল্লেখ নকৰিলে বুলিও তেওঁ কয়।

মন কৰিবলগীয়া কথা যে, ১৮ খন নতুন আঁচনিৰে ভৰপুৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বাজেটক ‘অষ্টাদশ মুকুতাৰ মালা’ৰ সৈতে তুলনা কৰিলেও প্ৰকৃতাৰ্থত এই আঁচনিসমূহ বাজেটৰ মাজতে সীমাবদ্ধ থাকিব নে বিৰোধী দল-সংগঠনে কোৱাৰ দৰে নিৰ্বাচনকেন্দ্ৰিক হৈ ৰ’ব সেয়া সময়ত লক্ষণীয় হ’ব।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

August 15, 2026 11:56 am
স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

August 15, 2026 10:56 am
ডাঙৰ সপোন দেখক, ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

ডাঙৰ সপোন দেখক, ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

August 15, 2026 10:24 am
এখন সশস্ত্ৰ সংগ্ৰাম, অপূৰ্ণ স্বপ্ন, বঞ্চনা আৰু স্বাধীনতাৰ ৮০ বছৰত অসমৰ উপলব্ধি

এখন সশস্ত্ৰ সংগ্ৰাম, অপূৰ্ণ স্বপ্ন, বঞ্চনা আৰু স্বাধীনতাৰ ৮০ বছৰত অসমৰ উপলব্ধি

August 15, 2026 9:36 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

August 15, 2026 11:56 am
স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

August 15, 2026 10:56 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd