DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নিৰ্বাচনকেন্দ্ৰিক বাজেট! কি প্ৰতিক্ৰিয়া বিৰোধী আৰু অন্যান্য দল-সংগঠনৰ?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 6, 2019 5:17 pm
51505794_10156345895383983_5470748948723400704_o

বাজেট ভাষণ দিয়াৰ প্ৰাক্ মুহূৰ্তত বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

727
VIEWS
Share on FacebookShare on Twitter

‘’বাজেটৰ জৰিয়তে মানুহক নিস্কৰ্মা কৰিব বিচাৰিছে। অসমৰ যুৱকসকলৰ আত্ম-মনোবল আৰু দৃঢ়তা ধ্বংস কৰিব।‘‘ বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ২০১৯-২০ বৰ্ষৰ বাজেট দাখিল কৰাৰ পাছতেই নৰ্থ ইষ্ট নাওৰ আগত এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই।

উল্লেখ্য যে, বাজেটৰ জৰিয়তে ‘সুলভ পুষ্টি আৰু প্ৰাপ্তি যোজনা আঁচনি’ৰ অধীনত ৰাজ্যৰ ৫৭ লাখ পৰিয়ালক ৩ টকাৰ মূল্যৰ চাউল ১ টকা মূল্যত দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰখনে। অহা ১ মাৰ্চৰ পৰা এই ঘোষণা কাৰ্য্যকৰী হ’ব। এই আঁচনিৰ অধীনত অহা বছৰ ৩৭৭ কোটি টকা খৰচ কৰিব আৰু এইবৰ্ষত ৫৭ কোটি টকা খৰচ কৰিব।

চৰকাৰৰ এই আঁচনিখনৰ লগতে অন্যান্য আঁচনিসমূহৰ সমালোচনা কৰি দেবব্ৰত শইকীয়াই ইয়াক ‘ব্ৰিটিছৰ এক কৌশল’ৰ সৈতে তুলনা কৰে।

‘’ব্ৰিটিছে এটা সময়ত অসমীয়াক কানি খুৱাইছিল, যাৰ ফলত অসমৰ লোকসকল ধোদ হৈ পৰিছিল। ঠিক সেইদৰে বৰ্তমানো  বিনামূলীয়াকৈ খাই থাকিব পালে এলেহুৱা হৈ পৰিব। কাম নকৰাকৈ খাবলৈ পাম বুলি এতিয়া ভাবিব। এয়া বিজেপি চৰকাৰৰ জাতিটোক ধ্বংস কৰাৰ বুদ্ধি।‘’ এইদৰে কয় শইকীয়াই।

ইপিনে, হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰা বাজেটখন ‘সম্পূৰ্ণ নিৰ্বাচন কেন্দ্ৰিক বাজেট‘ বুলিও উল্লেখ কৰে শইকীয়াই।

শইকীয়াই কয়, ‘’উন্নয়নৰ স্বাৰ্থৰ পৰিৱৰ্তে ব্যক্তিগত ভোট ক্ৰয়ৰ বাবে এনেধৰণে টোপ দিয়াটো উচিত নহয়।‘’

তেওঁ লগতে কয় যে কাম নকৰাকৈ সকলোকে বিনামূলীয়া চাউল খুওৱাৰ নিচিনা আঁচনিয়ে দেশৰ উন্নয়ন নকৰে। ‘বৰঞ্চ মানুহ এলেহুৱা হ’ব।‘ শইকীয়াই লগতে কয়।

আনহাতে, বাজেটখন উত্থাপন হোৱাৰ পাছতেই সৰব হৈ পৰে বিভিন্ন জাতীয় দল-সংগঠনৰ নেতৃবৃন্দ।

২০১৯-২০ বৰ্ষৰ বাজেটখনক সমালোচনা কৰি অসম জাতীয়তাবী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে কয়, ‘’নিৰ্বাচনৰ দৃষ্টিভংগী এটা আগত ৰাখি বাজেটখন প্ৰস্তুত কৰা হৈছে।‘’

চাংমাইয়ে লগতে ‘সুলভ পুষ্টি আৰু প্ৰাপ্তি যোজনা আঁচনি’খনৰ সমালোচনা কৰি কয়, ‘‘তিনিটকীয়া চাউল এটকীয়া কৰিলে। কংগ্ৰেছ চৰকাৰৰ দিনত দুখীয়া ৰাইজে লাভ কৰি থকা তিনিটকীয়া চাউল বিজেপি চৰকাৰে বন্ধ কৰিছিল। কিন্তু তেওঁলোকেই এতিয়া এটকীয়া চাউল দিবলৈ গৈ আছে।‘’

তদুপৰি এনেধৰণৰ ‘জনসাধাৰণক নিস্কৰ্মা কৰাৰ আঁচনি’ পূৰ্বেও কংগ্ৰেছ চৰকাৰৰ দিনত লৈছিল বুলি সদৰী কৰি চাংমাইয়ে কয় যে বিজেপি চৰকাৰৰ দিনত ইয়াৰ কোনো পাৰ্থক্য দেখা নগ’ল।

ইয়াৰোপৰি, পূৰ্বৰ বাজেটত দিয়া প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতিয়েই হৈ ৰ’ল বুলিও তেওঁ মন্তব্য কৰে। ‘’বাজেটৰ কিতাপখনতে বাজেটৰ ঘোষণাবোৰ সীমাবদ্ধ থাকিলে, বাস্তৱ ৰূপ নাপালে। এইবাৰৰ বাজেটৰ প্ৰায়সংখ্যক আঁচনিয়েই জনসাধাৰণৰ ওচৰলৈ গৈ নাপাব,’‘-চাংমাইয়ে এইদৰে কয়।

আনহাতে, অসম নাগৰিক সমাজৰ সম্পাদক ৰ পৰেশ মালাকাৰেও ৰাজ্য চৰকাৰৰ এই বৰ্ষৰ বাজেটক সমালোচনা কৰি কয় যে ৭০ বছৰৰ পৰম্পৰা ভংগ কৰি এইখন এখন নিৰ্বাচনী টোপ দিয়া বাজেট।

‘’লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ তিনিমাহ থাকোঁতে এনে আঁচনিযুক্ত বাজেট কিয় দিবলগীয়া হ’ল?’’ ৰাজ্য চৰকাৰৰ প্ৰতি এই প্ৰশ্ন মালাকাৰৰ।

আনহাতে, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বিত্ত সম্পাদক হিৰণ্য পাথৰিয়ে বাজেটখনক এখন ৰংচঙীয়া বাজেট আখ্যা দিয়ে।

‘’এখন ৰংচঙীয়া বাজেটৰ জৰিয়তে জনতাৰ মাজত প্ৰলোভনৰ জাল মেলি ভোট ল’বৰ বাবে চেষ্টা কৰিছে। পূৰ্বেও এনে ৰঙীন বাজেট উত্থাপন কৰিছিল যদিও এতিয়ালৈকে জনসাধাৰণৰ মৌলিক সমস্যাসমূহ সমাধান হোৱা নাই।‘’ পাথৰিয়ে আমাৰ আগত কয়।

তেওঁ লগতে ৰাজ্য চৰকাৰৰ প্ৰতি আহ্বান জনাই কয় যে ৰাজ্যৰ ৬ লাখ কৃষকক ৫ হাজাৰ টকাকৈ সাহায্য দিয়াৰ কথা ঘোষণা কৰাতকৈ উৎপাদিত শস্যৰ মূল্য নিৰ্ধাৰণ কৰক।

তদুপৰি, ৰাজ্যৰ ২৬ লাখ নিবনুৱা যুৱকৰ সংস্থাপনৰ বাবে বাজেটত কোনোধৰণৰ স্পষ্টকৈ উল্লেখ নকৰিলে বুলিও তেওঁ কয়।

মন কৰিবলগীয়া কথা যে, ১৮ খন নতুন আঁচনিৰে ভৰপুৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বাজেটক ‘অষ্টাদশ মুকুতাৰ মালা’ৰ সৈতে তুলনা কৰিলেও প্ৰকৃতাৰ্থত এই আঁচনিসমূহ বাজেটৰ মাজতে সীমাবদ্ধ থাকিব নে বিৰোধী দল-সংগঠনে কোৱাৰ দৰে নিৰ্বাচনকেন্দ্ৰিক হৈ ৰ’ব সেয়া সময়ত লক্ষণীয় হ’ব।

Recent News

17 fetuses found in garbaged dump

আৱৰ্জনাৰ মাজত ওলাল ১৭ টা ভ্ৰুণ: সন্দেহৰ আঙুলি ব্যক্তিগত খণ্ডৰ নাৰ্চিং হোমলৈ

Terrorist attack in Jammu-Kashmir

অশান্ত জম্মু-কাশ্মীৰ! পুনৰ নিৰাপত্তাৰক্ষীলৈ গ্ৰেনেড নিক্ষেপ সন্ত্ৰাসবাদীৰ

Dispur police station

নতুন স্থানলৈ স্থানান্তৰিত হ’ব দিচপুৰ আৰক্ষী থানা: জনালে গুৱাহাটীৰ আৰক্ষী আয়ুক্তই

benefits of fenugreek

মেথিশাকৰ উপকাৰিতাৰ বিষয়ে জানেনে? যদি নাজানে জানো আহক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd