• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিদ্ৰোহী তৃণমূল কংগ্ৰেছৰ সাংসদসকলক আমন্ত্ৰণ; সৰ্বদলীয় বৈঠকৰ পৰা ৱাকআউট বিৰোধীৰ

লোকসভাৰ তৃণমূল কংগ্ৰেছৰ বিদ্ৰোহীসকললৈ সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে এখন পত্ৰ প্ৰেৰণ কৰে। কিন্তু লোকসভাৰ অধ্যক্ষ ওম বিৰলাই বিদ্ৰোহী সাংসদৰ নতুন গোট এন চি পি আইক এতিয়াও আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়া নাই।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 19, 2026 2:22 pm
27
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোমবাৰৰ পৰা আৰম্ভ হ’ব সংসদৰ বৰ্ষাকালীন অধিৱেশন। ইয়াৰ পূৰ্বে পৰম্পৰা অনুসৰি আজি চৰকাৰে সৰ্বদলীয় বৈঠকৰ আহ্বান কৰে। তাত এনচিপিআইকো আমন্ত্ৰণ জনোৱা হৈছিল। আৰু তাতেই উত্তপ্ত নাটকৰ সাক্ষী হ’ল সংসদ।

আজি এন চি পি আইৰ অংশগ্ৰহণক লৈ প্ৰশ্ন উত্থাপন কৰি সৰ্বদলীয় বৈঠকৰ পৰা বিৰোধী নেতাসকলে ৱাক আউট কৰে। অৱশ্যে পিছত তেওঁলোকে অলপ সময়ৰ ভিতৰতে পুনৰ সভাত যোগদান কৰে।

Apply Now

জানিব পৰা মতে, কালি লোকসভাৰ তৃণমূল কংগ্ৰেছৰ বিদ্ৰোহীসকললৈ সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে এখন পত্ৰ প্ৰেৰণ কৰে। কিন্তু লোকসভাৰ অধ্যক্ষ ওম বিৰলাই বিদ্ৰোহী সাংসদৰ নতুন গোট এন চি পি আইক এতিয়াও আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়া নাই।

এই ক্ষেত্ৰত বিৰোধীৰ যুক্তি হ’ল অধ্যক্ষই বিদ্ৰোহী তৃণমূল সাংসদসকলক স্বীকৃতি দিয়া নাই, গতিকে স্বীকৃতি অবিহনে তেওঁলোকক এই সৰ্বদলীয় বৈঠকলৈ কেনেকৈ নিমন্ত্ৰণ কৰা হ’ল? বিদ্ৰোহী সাংসদসকলে দাবী জনায় যে তেওঁলোকক যাতে মূল তৃণমূল সাংসদসকলৰ সৈতে বহিবলৈ নিদিয়ে। পিছত এই দাবী মানি লৈ  তেওঁলোকৰ বাবে সুকীয়া বেঞ্চৰ ব্যৱস্থা কৰা হ’ল।

এই বৰ্ষাকালীন অধিৱেশনত চৰকাৰৰ কাৰ্যসূচীত মূলতঃ বিভিন্ন বিধেয়কৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। চৰকাৰে নতুন ফৰ্মেটত সমষ্টি সীমা নিৰ্ধাৰণ বিধেয়ক, মহিলা সংৰক্ষণ বিধেয়ক আৰু প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসকলক অপসাৰণৰ প্ৰস্তাৱিত বিধেয়ক সন্দৰ্ভত আলোচনা কৰিব বিচাৰিছে।

ইফালে বিৰোধীয়ে কেইবাটাও বিষয়ত চৰকাৰক চাপত ৰখাৰ পৰিকল্পনা কৰিছে।  বিৰোধী সাংসদসকলে সংসদত ই-২০ ইন্ধন বিতৰ্ক, মুদ্ৰাস্ফীতি, বৈদেশিক নীতি, দুৰ্নীতি আদি বিষয় উত্থাপন কৰিব পাৰে।

আজিৰ বৈঠক আৰম্ভ হোৱাৰ পূৰ্বে কিৰেণ ৰিজিজুৱে বৰ্ষাকালীন অধিৱেশন সন্দৰ্ভত বিৰোধী দলসমূহক সম্বোধন কৰি কয়, “কাইলৈৰ পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ হ’ব। চৰকাৰে আজি সকলো দলৰ নেতাৰ বৈঠক আহ্বান কৰিছে। এই বৰ্ষাকালীন অধিৱেশন সুচাৰুৰূপে পৰিচালিত হোৱাৰ বাবে সকলো ৰাজনৈতিক দলকে অৰিহণা আৰু সহযোগিতা আগবঢ়াবলৈ আমি আহ্বান জনাইছো। সংসদ সকলোৰে বাবে; আশা কৰিছো যে আইন সংক্ৰান্ত কাম আৰু চৰকাৰে অনা বিধেয়কসমূহত শাসকীয় দল আৰু বিৰোধীৰ সকলো সদস্যই অংশগ্ৰহণ কৰিব।”

ৰিজিজুৱে লগতে কয় যে সংসদে যিমানেই ভালদৰে কাম কৰিব, সিমানেই দেশৰ কল্যাণ হ’ব। “মই পুনৰবাৰ সকলো দলৰ নেতাক আহ্বান জনাইছো যে সংসদৰ  কাম-কাজ সুচাৰুৰূপে হোৱাটো নিশ্চিত কৰক আৰু এই প্ৰক্ৰিয়াত অৰিহণা যোগাওক। আমি বিৰোধীৰ কথা শুনিম আৰু আশা কৰিছো যে তেওঁলোকেও আমাৰ কথা শুনিব।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭২সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা : যদুমণি দত্তৰ ‘জুইফুল’লৈ শ্ৰেষ্ঠ ছবিৰ সন্মান

৭২সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা : যদুমণি দত্তৰ ‘জুইফুল’লৈ শ্ৰেষ্ঠ ছবিৰ সন্মান

July 19, 2026 4:01 pm
বিদ্ৰোহী তৃণমূল কংগ্ৰেছৰ সাংসদসকলক আমন্ত্ৰণ; সৰ্বদলীয় বৈঠকৰ পৰা ৱাকআউট বিৰোধীৰ

বিদ্ৰোহী তৃণমূল কংগ্ৰেছৰ সাংসদসকলক আমন্ত্ৰণ; সৰ্বদলীয় বৈঠকৰ পৰা ৱাকআউট বিৰোধীৰ

July 19, 2026 2:22 pm
বাদ পৰিল গম্ভীৰ? নতুন প্ৰশিক্ষকৰ সৈতে টি-২০ ছিৰিজ খেলিবলৈ জিম্বাবুৱেলৈ ৰাওনা টিম ইণ্ডিয়া

বাদ পৰিল গম্ভীৰ? নতুন প্ৰশিক্ষকৰ সৈতে টি-২০ ছিৰিজ খেলিবলৈ জিম্বাবুৱেলৈ ৰাওনা টিম ইণ্ডিয়া

July 19, 2026 12:35 pm
একেৰাহে ৩৭খন মেচত অপৰাজিত থকাৰ অভিলেখ; কিদৰে ১৬ বছৰৰ পাছত বিশ্বকাপৰ ফাইনেলত স্পেইন?

একেৰাহে ৩৭খন মেচত অপৰাজিত থকাৰ অভিলেখ; কিদৰে ১৬ বছৰৰ পাছত বিশ্বকাপৰ ফাইনেলত স্পেইন?

July 19, 2026 11:23 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭২সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা : যদুমণি দত্তৰ ‘জুইফুল’লৈ শ্ৰেষ্ঠ ছবিৰ সন্মান

৭২সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা : যদুমণি দত্তৰ ‘জুইফুল’লৈ শ্ৰেষ্ঠ ছবিৰ সন্মান

July 19, 2026 4:01 pm
বিদ্ৰোহী তৃণমূল কংগ্ৰেছৰ সাংসদসকলক আমন্ত্ৰণ; সৰ্বদলীয় বৈঠকৰ পৰা ৱাকআউট বিৰোধীৰ

বিদ্ৰোহী তৃণমূল কংগ্ৰেছৰ সাংসদসকলক আমন্ত্ৰণ; সৰ্বদলীয় বৈঠকৰ পৰা ৱাকআউট বিৰোধীৰ

July 19, 2026 2:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd