তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে দেশৰ সংবাদপত্ৰ আৰু পত্ৰিকাৰ ক্ষেত্ৰত এক ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে। শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি, এই পৰ্যন্ত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা মুঠ ৮৮,৩১৫ খন প্ৰকাশন চৰকাৰে বাতিল কৰিছে। ইয়াৰ সমান্তৰালকৈ নিয়ম উলংঘা কৰা বিভিন্ন পত্ৰিকাক ৫.৬৩ কোটি টকাতকৈ অধিক জৰিমনা বিহা হৈছে। চৰকাৰৰ এই কঠোৰ ব্যৱস্থাই সংবাদ প্ৰকাশৰ ক্ষেত্ৰত নিয়ম মানি চলাৰ বাবে এক স্পষ্ট বাৰ্তা দিছে।
বুধবাৰে লোকসভাত এক লিখিত উত্তৰৰ জৰিয়তে এই তথ্য সদৰী কৰে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী এল মুৰুগানে। সাংসদ দামোদৰ আগৰৱালাৰ এক প্ৰশ্নৰ উত্তৰ দি মন্ত্ৰীগৰাকীয়ে জনায় যে বৰ্তমান সংবাদপত্ৰ পঞ্জীয়নৰ সকলো কাম প্ৰেছ সেৱা পৰ্টেলৰ জৰিয়তে ডিজিটেলভাৱে কৰা হয়। পুৰণি নিয়মসমূহ সালসলনি কৰি এতিয়া সকলো প্ৰক্ৰিয়া অনলাইন কৰা হৈছে।
মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে আগৰ পুৰণি আইনৰ অধীনত পঞ্জীয়ন কৰা প্ৰায় ১.৫ লাখতকৈ অধিক বাতৰি কাকতৰ ভৌতিক নথিপত্ৰ ডিজিটেলাইজ কৰি এই নতুন পৰ্টেলত অন্তৰ্ভুক্ত কৰা হৈছে। এই ব্যৱস্থাটোক কাৰ্যকৰী কৰিবলৈ সমগ্ৰ দেশৰ ৭৮০ খন জিলাৰ কৰ্তৃপক্ষক এই পৰ্টেলৰ সৈতে সংযোগ কৰা হৈছে। চৰকাৰৰ এই ডিজিটেল প্ৰক্ৰিয়াৰ জৰিয়তে কেৱল ২০২৪ চনৰ ১ মাৰ্চৰ পৰা এতিয়ালৈকে ১১,০৮১ খন আবেদন সফলতাৰে প্ৰক্ৰিয়াকৰণ কৰা হৈছে আৰু উপযুক্ত প্ৰমাণপত্ৰও প্ৰদান কৰা হৈছে।





