• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মোডীৰ ভাষণে উলংঘা কৰিছে নিৰ্বাচনী আচৰণ বিধি; ৭০০ বিশিষ্ট নাগৰিকে আয়োগক দিলে অভিযোগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 11:05 am
41
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অল ইণ্ডিয়া ৰেডিঅ’ আৰু দূৰদৰ্শনত দেশবাসীক সম্বোধন কৰিছিল। পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণে নিৰ্বাচনী বিধি উলংঘা কৰা বুলি অভিযোগ তুলি প্ৰায় ৭০০ বিশিষ্ট নাগৰিকে নিৰ্বাচন আয়োগৰ কাষ চাপিছে। ইয়াৰ ভিতৰত সমাজৰ বিভিন্ন শ্ৰেণীৰ লোক অন্তৰ্ভুক্ত। প্ৰধানমন্ত্ৰীৰ ভাষণৰ বিশদ তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁলোকে নিৰ্বাচন আয়োগক অনুৰোধ জনাইছে।

উল্লেখ্য যে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন আৰু কেইবাজনো বিৰোধী নেতাই প্ৰধানমন্ত্ৰীৰ ভাষণ সন্দৰ্ভত নিয়ম উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰিছিল। কিন্তু নিৰ্বাচন আয়োগে এই সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে।

Apply Now

কিন্তু চৰকাৰৰ এটা অংশই দাবী কৰিছে যে প্ৰধানমন্ত্ৰীয়ে জাতিটোক দিয়া ভাষণৰ বিষয়ে নিৰ্বাচন আয়োগক আগতীয়াকৈ অৱগত কৰা হৈছিল। আয়োগে সকলো পৰীক্ষা কৰি সেউজ সংকেত দিয়ে। আয়োগৰ মতে চৰকাৰী সংবাদ মাধ্যমৰ জৰিয়তে প্ৰধানমন্ত্ৰীয়ে যিকোনো সময়তে ৰাষ্ট্ৰীয় বিষয়ত দেশবাসীক সম্বোধন কৰিব পাৰে। অৱশ্যে প্ৰধানমন্ত্ৰীক অনুমতি দিয়াৰ কথা কেতিয়াও আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা নাই আয়োগে।

যোৱা শুকুৰবাৰে প্ৰধানমন্ত্ৰীয়ে সংসদত মহিলা বিধেয়ক গৃহীত কৰিব নোৱাৰা সন্দৰ্ভত দেশবাসীৰ আগত চৰকাৰৰ মতামত দাঙি ধৰে। ভাষণত তেওঁ কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি সংসদ আৰু বিধানসভা তথা বিধান পৰিষদত মহিলাৰ বাবে আসন সংৰক্ষণৰ প্ৰৱৰ্তনৰ ক্ষেত্ৰত চৰকাৰ আগ্ৰহী বুলি কয়। কিন্তু বিৰোধীয়ে সেই প্ৰচেষ্টা বিফল কৰিছে। প্ৰধানমন্ত্ৰীয়ে বিধেয়কখন গৃহীত কৰিব নোৱাৰাৰ বাবে বিৰোধীসকলৰ বিৰুদ্ধে ‘ভ্ৰুণ হত্যা’ৰ অভিযোগ উত্থাপন কৰিছে।

বিশিষ্ট ব্যক্তিসকলে অভিযোগ কৰিছে যে প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমক এনেদৰে ব্যৱহাৰ কৰিব নোৱাৰে। অসম, পশ্চিম বংগ, তামিলনাডু, কেৰালা আৰু পুডুচেৰীত বৰ্তমান আদৰ্শ নিৰ্বাচনী আচৰণ বিধি বলবৎ হৈ আছে। এই সময়ত চৰকাৰ তথা কোনো ৰাজনৈতিক দলে প্ৰচাৰত অতিৰিক্ত সুবিধা লাভ কৰিব নোৱাৰে।

বিশিষ্ট ব্যক্তিসকলে আয়োগৰ পৰা উত্তৰ বিচাৰিছে, প্ৰধানমন্ত্ৰীয়ে দূৰদৰ্শন আৰু অল ইণ্ডিয়া ৰেডিঅ’ ব্যৱহাৰ কৰি কিয় দেশবাসীক সম্বোধন কৰিলে? মুখ্য নিৰ্বাচন আয়ুক্তলৈ প্ৰেৰণ কৰা এখন পত্ৰত বিশিষ্ট ব্যক্তিসকলে সংসদ টিভিৰ বিৰুদ্ধেও অভিযোগ উত্থাপন কৰিছে। সেইদিনা প্ৰধানমন্ত্ৰীৰ ভাষণ সংসদ টিভিতো সম্প্ৰচাৰ কৰা হৈছিল।

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰলৈ লিখা পত্ৰখনত স্বাক্ষৰকাৰীসকলৰ ভিতৰত আছে দিল্লীৰ প্ৰাক্তন উপ-ৰাজ্যপাল নজিব জং, ৰাজনৈতিক অৰ্থনীতিবিদ পৰকলা প্ৰভাকৰ, সমাজ কৰ্মী যোগেন্দ্ৰ যাদৱ, অৰ্থনীতিবিদ জয়তী ঘোষ, সংগীতজ্ঞ তথা সাহিত্যিক টি এম কৃষ্ণ, প্ৰাক্তন কেন্দ্ৰীয় সচিব ই এ এছ শৰ্মা, সমাজ কৰ্মী হৰ্ষ মান্দাৰ, সাংবাদিক পৰাঞ্জয় গুহা ঠাকুৰতা, শিক্ষাবিদ জয়া হাছান আৰু প্ৰাক্তন ৰাষ্ট্ৰদূত মধু ভাদুৰী।

সেইদৰে, আনসকলৰ ভিতৰত স্বচ্ছতা আন্দোলনৰ কৰ্মী অঞ্জলি ভৰদ্বাজ; প্ৰাক্তন আমোলা আশীষ যোশী, অমিতাভ পাণ্ডে, অভয় শুক্লা; সাংবাদিক জন দয়াল আৰু বিদ্যা সুব্ৰমণিয়ান; চিপিআইৰ নেত্ৰী এনি ৰাজাৰ লগতে কেইবাগৰাকীও শিক্ষাবিদ, অধিবক্তা আৰু সামাজিক কৰ্মী আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd