• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দৰিদ্ৰতাক নেওচি আইপিএলৰ মঞ্চত সৌমেন: ৰাজস্থান ৰয়েলছৰ নেট বলাৰ হিচাপে নিৰ্বাচিত হৈ উজলিছে এইজন ডেকা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 4, 2026 5:04 pm
32
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হাৰ নামানিবা বন্ধু— এইটোৱেই যেন পূৰ্ব বর্ধমানৰ ৰাইনাৰ এটা অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান সৌমেন চেটাৰ্জীৰ জীৱনৰ মূলমন্ত্ৰ। কোনো সহায় সাৰথি নোহোৱাকৈয়ে নিজৰ লক্ষ্যত উপনীত হ’বলৈ তেওঁ নিৰন্তৰ যুঁজ দি গৈছে। চৰম দৰিদ্ৰতাৰ মাজতো তেওঁ ক্ৰিকেট খেলাৰ চখ এৰি দিয়া নাই। ২০ বছৰীয়া এইগৰাকী বঙালী পেচাৰে আই পি এলৰ আগশাৰীৰ দল ৰাজস্থান ৰয়েলছত নেট বলাৰ হোৱাৰ এক বিৰল সুযোগ লাভ কৰিছে। অৱশ্যে এয়াই শেষ নহয়, মূল দলত স্থান পাবলৈ সৌমেনে আগলৈ অধিক কঠোৰ যুঁজ দি যাবলৈ সাজু হৈছে।

ৰাইনাৰ ৰামবাটি গাঁৱৰ এটা অতি সাধাৰণ পৰিয়ালত সৌমেন ডাঙৰ-দীঘল হৈছিল। তেওঁৰ পিতৃ সঞ্জয় চেটাৰ্জী এজন দৈনিক মজুৰি কৰা শ্ৰমিক। সৰুৰে পৰাই সৌমেনে ক্ৰিকেটক প্ৰাণতকৈ বেছি ভাল পাইছিল। শকনাৰা হাইস্কুলৰ পৰা মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত ক্ৰীড়াৰ প্ৰতি তেওঁৰ ধাউতি অধিক বৃদ্ধি পায়। কিন্তু তেওঁৰ সপোনৰ বাটত বাধা হৈ থিয় দিছিল ঘৰৰ চৰম আৰ্থিক অনাটনে। ইমান অভাৱৰ মাজতো সৌমেনে ক্ৰিকেটাৰ হোৱাৰ সপোনটো মৰহি যাবলৈ দিয়া নাছিল। পুত্ৰৰ সপোন পূৰণ কৰিবলৈ তেওঁৰ পৰিয়ালটোৱে সকলো ধৰণৰ ত্যাগ স্বীকাৰ কৰিছে। আনকি মাতৃ শ্ৰবাণী চেটাৰ্জীয়ে বিভিন্ন ঠাইৰ পৰা ধাৰ-ঋণ কৰি হ’লেও পুত্ৰৰ অনুশীলনৰ খৰচ যোগাৰ কৰি দিছিল।

Apply Now

প্ৰথম অৱস্থাত জামালপুৰৰ নেতাজী ক্লাবত নিয়মীয়াকৈ অনুশীলন কৰিছিল সৌমেনে। কিন্তু তেওঁৰ সপোন আছিল আকাশলংঘী। সেয়েহে উন্নত প্ৰশিক্ষণৰ আশাত তেওঁ কলকাতালৈ গুচি যায়। তাত বিভিন্ন ক্লাবত অনুশীলন কৰাৰ লগতে কালিঘাটৰ এটা ক্লাবত যোগদান কৰে। চহৰত থকা আৰু খেলাৰ খৰচ পূৰাবলৈ তেওঁ চৰম কষ্ট কৰিবলগীয়া হৈছিল। ইয়াৰ পাছত তেওঁ সুযোগৰ সন্ধানত মুম্বাইলৈ যায় আৰু তাৰ পৰা দিল্লী হৈ পুনৰ কলকাতালৈ উভতি আহে। এই সমগ্ৰ যাত্ৰাত তেওঁক কেৱল কঠোৰ পৰিশ্ৰম আৰু আত্মবিশ্বাসে জীয়াই ৰাখিছিল।

অৱশেষত সৌমেনৰ সেই দীৰ্ঘদিনীয়া কষ্টৰ ফল লাভ কৰিলে। এইবাৰ তেওঁক ৰাজস্থান ৰয়েলছ দলৰ নেট বলাৰ হিচাপে নিৰ্বাচিত কৰা হৈছে। সোঁহতীয়া পেচাৰ সৌমেনে এতিয়া নেটত বৈভৱ সূৰ্য্যবংশী, ৰবীন্দ্ৰ জাডেজা আৰু যশস্বী জয়ছৱালৰ দৰে তাৰকা ক্ৰিকেটাৰক বলিং কৰাৰ সুযোগ লাভ কৰিব। ইতিমধ্যে তেওঁক দলৰ অফিচিয়েল পৰিচয় পত্ৰও প্ৰদান কৰা হৈছে। এটা অতি দৰিদ্ৰ পৰিয়ালৰ ল’ৰাই ইমান ডাঙৰ মঞ্চত স্থান পোৱাত সমগ্ৰ অঞ্চলটোতে আনন্দৰ লহৰ উঠিছে। পুত্ৰৰ সফলতাত সুখী পিতৃ সঞ্জয় চেটাৰ্জীয়ে কয় যে সকলো কষ্টৰ মাজতো তেওঁৰ ল’ৰাই কেতিয়াও ক্ৰিকেট এৰি দিয়া নাছিল। পূৰ্বে বহু নেট বলাৰে মূল দলত স্থান পোৱাৰ উদাহৰণ আছে, সেয়েহে সৌমেনৰ লক্ষ্যও এতিয়া একেই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

September 17, 2026 8:39 pm
‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

September 17, 2026 7:52 pm
হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

September 17, 2026 7:02 pm
ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

September 17, 2026 6:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

September 17, 2026 8:39 pm
‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

September 17, 2026 7:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd