• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশ্বৰ ৰাজনৈতিক ক্ষমতা ক্ৰমান্বয়ে ধনী লোকৰ হাতত; অক্সফামৰ প্ৰতিবেদন, ভাৰতৰ অৱস্থা কি?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 20, 2026 10:24 am
14
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ বিশ্বৰ ৰাজনৈতিক পৰিৱেশত পৰিৱৰ্তনৰ বতাহ বলিছে। ধনী আৰু প্ৰভাৱশালী লোকসকল দ্ৰুতগতিত ক্ষমতাৰ শীৰ্ষলৈ উঠিছে। ৰাজনৈতিক পদবী লাভৰ সম্ভাৱনাৰ পৰা আৰম্ভ কৰি ধন-সম্পত্তি বৃদ্ধিলৈকে – ধনীসকল সকলো দিশতে সাধাৰণ জনতাৰ তুলনাত বহু আগবাঢ়ি আছে।

ছুইজাৰলেণ্ডৰ ডাভোছত অনুষ্ঠিত হোৱা ৫৬ সংখ্যক বিশ্ব অৰ্থনৈতিক মঞ্চৰ (ৱৰ্ল্ড ইকোনমিক ফ’ৰাম) বাৰ্ষিক সন্মিলনৰ পূৰ্বে অক্সফাম ইণ্টাৰনেশ্যনেলে এনে এক ভয়ংকৰ বৈষম্যৰ ওপৰত আলোকপাত কৰিছে।

Apply Now

এই ক্ষেত্ৰত ভাৰতক উল্লেখযোগ্য ব্যতিক্ৰম বুলিও উল্লেখ কৰা হৈছে। এই দেশৰ সংৰক্ষণ ব্যৱস্থাৰ বাবে সাধাৰণ জনতাৰ ৰাজনৈতিক সৱলীকৰণৰ কথা উল্লেখ কৰিবলৈও পাহৰা নাই সংগঠনটোৱে।

প্ৰতিবেদনত কোৱা হৈছে যে এজন ধনী ব্যক্তিয়ে ৰাজনৈতিক পদবী লাভ কৰাৰ সম্ভাৱনা সাধাৰণ ব্যক্তিতকৈ ৪ হাজাৰ গুণ বেছি। যোৱা পাঁচ বছৰৰ গড় হাৰৰ তুলনাত ২০২৫ চনত বিশ্বৰ ধনী লোকৰ ধন-সম্পত্তি তিনিগুণ বেছি দ্ৰুতহাৰত বৃদ্ধি পাইছে। ই অভিলেখ সৃষ্টি কৰি ১৮.৩ ট্ৰিলিয়ন মাৰ্কিন ডলাৰ স্পৰ্শ কৰিছে। ভাৰতৰ হিচাপত যিটো প্ৰায় ১৬৬০ লাখ কোটি টকা।

কোটিপতিসকলে কেনেদৰে ৰাজনৈতিক ক্ষমতা ব্যৱহাৰ কৰি অৰ্থনীতি আৰু সামাজিক নীতি-নিয়ম নিজৰ স্বাৰ্থত পৰিবৰ্তন কৰিছে সেই কথাও প্ৰতিবেদনত উল্লেখ কৰা হৈছে।

কোৱা হৈছে যে যোৱা এবছৰত এই কোটিপতিসকলৰ মুঠ সম্পদ ২.৫ ট্ৰিলিয়ন ডলাৰ বৃদ্ধি পাইছে, যিটো বিশ্বৰ আটাইতকৈ দৰিদ্ৰ অৰ্ধেক মানুহৰ (প্ৰায় ৪.১ বিলিয়ন লোক) মুঠ সম্পত্তিৰ সমান। এই বিশাল সম্পদেৰে অন্ততঃ ২৬ বাৰ চৰম দৰিদ্ৰতাৰ অন্ত পেলোৱা সম্ভৱ আছিল।

এই সংকটৰ সময়ত অক্সফামে ভাৰতৰ সংৰক্ষণ ব্যৱস্থাক আশাৰ ৰেঙণি হিচাপে উল্লেখ কৰিছে। অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু মহিলাৰ বাবে আসন সংৰক্ষণ কৰি প্ৰান্তীয় লোকসকলক ৰাজনৈতিকভাৱে সবলীকৰণ কৰি ভাৰতে এক অনন্য নিদৰ্শন দাঙি ধৰিছে বুলি কয়। ৰাজনীতিৰ উপৰিও শিক্ষা বা চৰকাৰী চাকৰিতো আৰ্থিকভাৱে দুৰ্বল বা প্ৰান্তীয় লোকৰ বাবে সংৰক্ষণ আছে।

বিশ্বৰ কোটিপতিসকলৰ এই ক্ৰমবৰ্ধমান প্ৰভাৱ কেৱল অৰ্থনীতিতে সীমাবদ্ধ নহয়। সংবাদ মাধ্যম আৰু ছ’চিয়েল মিডিয়াতো এই প্ৰভাৱ ক্ৰমান্বয়ে বাঢ়িছে বুলি সংস্থাটোৱে জানিবলৈ দিয়ে। ইতিমধ্যে জেফ বেজোছে ‘ৱাশ্বিংটন পোষ্ট’ ক্ৰয় কৰিছে। ইলন মাস্কে ‘এক্স’ অধিগ্ৰহণ কৰিছে। একেদৰে কোটিপতিৰ এটা দলে দ্য ইকনমিষ্টৰ বৃহৎ অংশীদাৰিত্ব ক্ৰয় কৰিবলৈ সাজু হৈছে।

অক্সফামে কয় যে বিশ্বৰ আধাতকৈ অধিক প্ৰধান সংবাদ মাধ্যম এতিয়া ধনী লোকসকলৰ মালিকানাধীন। অক্সফামৰ মতে এই পৰিস্থিতি ৰোধৰ বাবে ভাৰতক অনুকৰণ কৰা উচিত।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সমাজবিজ্ঞানৰ শিক্ষয়িত্ৰী, বঞ্চিত শিশুৰ বাবে সেৱা; ‘মিছ ৱৰ্ল্ড ২০২৬’ হ’ল ডমিনিকান সুন্দৰী

সমাজবিজ্ঞানৰ শিক্ষয়িত্ৰী, বঞ্চিত শিশুৰ বাবে সেৱা; ‘মিছ ৱৰ্ল্ড ২০২৬’ হ’ল ডমিনিকান সুন্দৰী

September 6, 2026 7:51 am
এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

September 5, 2026 10:01 pm
১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

September 5, 2026 8:48 pm
৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

September 5, 2026 8:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সমাজবিজ্ঞানৰ শিক্ষয়িত্ৰী, বঞ্চিত শিশুৰ বাবে সেৱা; ‘মিছ ৱৰ্ল্ড ২০২৬’ হ’ল ডমিনিকান সুন্দৰী

সমাজবিজ্ঞানৰ শিক্ষয়িত্ৰী, বঞ্চিত শিশুৰ বাবে সেৱা; ‘মিছ ৱৰ্ল্ড ২০২৬’ হ’ল ডমিনিকান সুন্দৰী

September 6, 2026 7:51 am
এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

September 5, 2026 10:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd