প্ৰথমতে বেটছমেনৰ ধুমুহা আৰু তাৰ পিছত বলাৰৰ যাদু, টি-২০ বিশ্বকাপত পাকিস্তানক ৬১ ৰাণৰ বৃহৎ ব্যৱধানত ধূলিসাৎ কৰি ভাৰতে গৌৰৱেৰে ছুপাৰ ৮ত প্ৰৱেশ কৰিছে। কলম্বোত অনুষ্ঠিত এই হাইভল্টেজ মেচখনত ভাৰতে পাকিস্তানক সম্পূৰ্ণৰূপে একপক্ষীয়ভাৱে পৰাস্ত কৰি চলিত বিশ্বকাপত জয়ৰ হেট্ৰিক অৰ্জন কৰে। ভাৰতীয় দলৰ এই ঐতিহাসিক বিজয়ৰ মূল নায়ক আছিল ঈশান কিষাণ, যাৰ বিৰাট ইনিংছে পাকিস্তানৰ জয়ৰ আশাত চেঁচা পানী ঢালিলে। মেচৰ শেষত ঈশান কিষাণক তেওঁৰ বেটিং বিক্ৰমৰ বাবে প্লেয়াৰ অৱ দ্য মেচ সন্মানেৰে বিভূষিত কৰা হয়।
মেচখনত পাকিস্তানে টছত জয়লাভ কৰি ভাৰতক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনাইছিল। ভাৰতীয় বেটছমেনসকলে নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ১৭৫ ৰাণৰ এক প্ৰত্যাহ্বানমূলক স্ক’ৰ থিয় কৰায়। টি-২০ বিশ্বকাপৰ ইতিহাসত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ এয়া সৰ্বাধিক স্ক’ৰ হিচাপে পৰিগণিত হয়। ১৭৬ ৰাণৰ লক্ষ্য অনুসৰণ কৰিবলৈ গৈ পাকিস্তানৰ বেটিং লাইনআপ ভাৰতীয় বলাৰৰ আগত তচ্নচ্ হৈ পৰে। পাকিস্তানে ১৮ অভাৰত মাত্ৰ ১১৪ ৰাণতে সকলো উইকেট হেৰুৱাই পৰাজয় বৰণ কৰে। ৰাণৰ হিচাপত এয়া পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ আটাইতকৈ ডাঙৰ জয়। এই জয়েৰে ভাৰতে গ্ৰুপ এৰ পইণ্ট তালিকাৰ শীৰ্ষ স্থান দখল কৰিছে।
ভাৰতৰ হৈ ঈশান কিষাণে মাত্ৰ ২৭টা বলতে অৰ্ধশতক সম্পূৰ্ণ কৰাৰ লগতে মুঠ ৪০টা বলতে ৭৭ ৰাণৰ এক বিস্ফোৰক ইনিংছ খেলে। অৱশ্যে আনজন অপেনাৰ অভিষেক শৰ্মা কোনো ৰাণ নকৰাকৈ আউট হৈ হতাশ কৰে। তিলক বৰ্মাই ২৫ ৰাণ আৰু অধিনায়ক সূৰ্যকুমাৰ যাদৱে ৩২ ৰাণৰ অৱদান আগবঢ়ায় যদিও হাৰ্দিক পাণ্ডিয়া ব্যৰ্থ হয়। শিৱম ডুবে ২৭ ৰাণ কৰি ৰাণ আউট হয়। পাকিস্তানৰ হৈ বলিং কৰা ছেম আয়ুবে ৩টা উইকেট দখল কৰাৰ বিপৰীতে শ্বাহীন আফ্ৰিদী, ওছমান তাৰিক আৰু ছলমান আঘাই এটাকৈ উইকেট লাভ কৰে।
১৭৬ ৰাণৰ লক্ষ্য খেদিবলৈ আহি পাকিস্তানৰ কোনো এজন বেটছমেনে ভাৰতীয় বলাৰৰ বিৰুদ্ধে বেছি সময় তিষ্ঠিব নোৱাৰিলে। ছাহিবজাদা ফাৰহান শূন্য ৰাণত আউট হোৱাৰ বিপৰীতে অধিনায়ক ছলমান আঘাই মাত্ৰ ৪ ৰাণ কৰে। তাৰকা বেটছমেন বাবৰ আজমেও মাত্ৰ ৫ ৰাণ কৰি বিদায় লয়। ওছমান খানে ৪৪ ৰাণ কৰি অলপ যুঁজ দিছিল যদিও সেয়া পৰ্যাপ্ত নাছিল। ভাৰতীয় বলাৰসকলৰ ভিতৰত যশপ্ৰীত বুমৰাহ, হাৰ্দিক পাণ্ডিয়া, অক্ষৰ পেটেল আৰু বৰুণ চক্ৰৱৰ্তীয়ে ২টাকৈ উইকেট দখল কৰি পাকিস্তানৰ কঁকাল ভাঙি দিয়ে। তিলক বৰ্মা আৰু কুলদীপ যাদৱেও এটাকৈ উইকেট লয়। এই খেলখনৰ বাবে ভাৰতীয় দলত দুটা পৰিৱৰ্তন কৰি অভিষেক আৰু কুলদীপক স্থান দিয়া হৈছিল।





