মহিলা ক্ৰিকেট বিশ্বকাপত ভাৰতৰ বিৰুদ্ধে ডাঙৰ ব্যৱধানত পৰাজয়বৰণ কৰাৰ পিছত এইবাৰ পাকিস্তান দলৰ ওপৰত শাস্তিৰ কোব পৰিছে। ইংলেণ্ডৰ বাৰ্মিংহামত অনুষ্ঠিত হোৱা মহিলা টি-টুৱেন্টি বিশ্বকাপৰ খেলখনত ভাৰতীয় দলৰ সন্মুখত পাকিস্তান দলটোৱে তবধ মানিবলগীয়া হয়। ইয়াৰ পিছতে পাকিস্তান দলৰ ওপৰত জৰিমনা বিহা হৈছে। নিৰ্ধাৰিত সময়ৰ ভিতৰত অভাৰ শেষ কৰিব নোৱাৰাৰ অপৰাধত তেওঁলোকক এই শাস্তি দিয়া হৈছে।
খেলখনত পাকিস্তানে নিৰ্ধাৰিত সময়তকৈ এক অভাৰ কম বল কৰিছিল। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ আচৰণ বিধিৰ নিয়ম অনুসায়ী যদি কোনো দলে নিৰ্ধাৰিত সময়ৰ ভিতৰত নিজৰ ইনিংছ শেষ কৰিব নোৱাৰে, তেন্তে প্ৰতিটো অভাৰৰ বাবে খেলৰ মাছুলৰ পাঁচ শতাংশ জৰিমনা কৰা হয়। সেই কাৰণেই পাকিস্তান দলৰ খেলৰ মাছুলৰ পাঁচ শতাংশ কাটি লোৱা হৈছে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ মেচ ৰেফায়ী ট্ৰুডী এণ্ডাৰছনে এই শাস্তি ঘোষণা কৰিছে। পাকিস্তানৰ অধিনায়ক ফতিমা ছানাই নিজৰ ভুল স্বীকাৰ কৰি এই শাস্তি মানি লোৱাৰ বাবে কোনো আনুষ্ঠানিক শুনানিৰ প্ৰয়োজন নহ’ল।
উল্লেখনীয় যে বাৰ্মিংহামত ভাৰতীয় মহিলা দলে বিজয়ৰ লক্ষ্যৰে বিশ্বকাপৰ অভিযান আৰম্ভ কৰিছে। খেলখনত টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈছিল ভাৰতৰ অধিনায়ক হৰমনপ্ৰীত কৌৰে। প্ৰথম অৱস্থাত দলটোৰ প্ৰদৰ্শন কিছু লেহেমীয়া আছিল যদিও শেষলৈ ভাৰতে ১৭০ ৰান সংগ্ৰহ কৰে। ইয়াৰ প্ৰত্যুত্তৰত ১৭০ ৰানৰ লক্ষ্য খেদিবলৈ নামি পাকিস্তান দলটোৱে সম্পূৰ্ণ ২০ অভাৰো খেলিব নোৱাৰিলে। ১৭ অভাৰত মাত্ৰ ১০৬ ৰানতে পাকিস্তানৰ আটাইকেইটা উইকেট হেৰুৱাই দলটোৱে পৰাজয় বৰণ কৰে। ভাৰতৰ এই ঐতিহাসিক বিজয়ৰ নেপথ্যত আছিল দীপ্তি শৰ্মাৰ চমকপ্ৰদ বলিং। তেওঁ চাৰি অভাৰত মাত্ৰ ১০ ৰান দি পাঁচটা উইকেট বুটলি লয়, যাৰ ভিতৰত ১৭ নম্বৰ অভাৰতে তেওঁ তিনিটা উইকেট দখল কৰিছিল। ইয়াৰ ফলত ভাৰতে পাকিস্তানক ৬৪ ৰানৰ বৃহৎ ব্যৱধানত পৰাজিত কৰি বিশ্বকাপত শুভ আৰম্ভণি কৰে।





