পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে আজি সেনাৰ মুখ্য কাৰ্যালয় পৰিদৰ্শন কৰিছে। পদত্যাগ কৰাৰ পূৰ্বে বিদায়ী ভ্ৰমণ হিচাপে সেনা মুখ্য কাৰ্যালয় পৰিদৰ্শন কৰা বুলি অনুমান কৰা হৈছে।
পাকিস্তানৰ শাসকীয় দলে কৰা পৰিকল্পনা অনুসৰি বুধবাৰে পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে পদত্যাগ কৰিব পাৰে। তেনে ক্ষেত্ৰত কাৰ্যকাল শেষ হোৱাৰ আগতেই পাকিস্তানৰ সংসদ ভংগ কৰা হ’ব। সূত্ৰ অনুসৰি আজিৰ দিনটোতে ৰাষ্ট্ৰপতি আৰিফ আলভিলৈ শ্বৰীফে এটা প্ৰস্তাৱ প্ৰেৰণ কৰিব।
১২ আগষ্টত শেষ হ’ব পাকিস্তান মুছলিম লীগ (নৱাজ) চৰকাৰৰ কাৰ্যকাল। জানিব পৰা মতে, আজি অৰ্থাৎ ৯ আগষ্টত পাকিস্তানৰ সংসদ ভংগ হ’ব পাৰে।
দৰাচলতে পাকিস্তানৰ আইন অনুসৰি চৰকাৰৰ ম্যাদ উকলি যোৱাৰ পিছত ৬০ দিনৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে, আৰু যদি কাৰ্যকাল শেষ হোৱাৰ আগতেই চৰকাৰ ভংগ হয়, তেন্তে নিৰ্বাচনৰ বাবে ৯০ দিন উপলব্ধ থাকে। গতিকে আজি চৰকাৰ ভংগ হ’লে ভোটদানৰ বাবে অধিক সময় উপলব্ধ হ’ব।
সূত্ৰ অনুসৰি আজি প্ৰধানমন্ত্ৰীয়ে এই প্ৰস্তাৱ ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰিব। যদি ৰাষ্ট্ৰপতিয়ে কোনো সিদ্ধান্ত ল’ব নোৱাৰে তেন্তে প্ৰধানমন্ত্ৰীয়ে চৰকাৰ ভংগ কৰিব।
ৰাষ্ট্ৰপতিক সিদ্ধান্ত ল’বলৈ তিনিদিনৰ সময় দিয়া হৈছে। ১২ আগষ্টৰ ম্যাদ উকলি যোৱাৰ এদিন আগতেও যদি চৰকাৰ ভংগ হয় তেন্তে নিৰ্বাচনৰ বাবে ৯০ দিনৰ সময় লাভ কৰিব।
উল্লেখ্য যে, ২০১৮ চনত পাকিস্তানত পাকিস্তান তেহৰিক-ই ইনছাফ ক্ষমতালৈ আহিছিল। প্ৰাক্তন ক্ৰিকেটাৰ ইমৰাণ খান প্ৰধানমন্ত্ৰী হৈছিল। পৰৱৰ্তী সময়ত ২০২২ চনত পাকিস্তানৰ সংসদত তেওঁৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ দাখিল কৰা হয়। যেতিয়া ইমৰাণৰ দল নিৰ্বাচনত পৰাস্ত হয় তেতিয়া তেওঁক উৎখাত কৰা হয়। তাৰ পিছত তেতিয়াৰ সৰ্ববৃহৎ বিৰোধী দল পিএমএলএন ক্ষমতালৈ আহে আৰু দলৰ অধ্যক্ষ শ্বেহবাজ শ্বৰীফ প্ৰধানমন্ত্ৰী হয়।