• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

উদিত সূৰুয সংঘৰ উদ্যোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে পানাৰা আঞ্চলিক ৰঙালী বিহুৰ সোণালী জয়ন্তী উদযাপন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 11:10 am
80
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কামৰূপ জিলাৰ কমলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত পানাৰাত উদিত সূৰুয সংঘৰ উদ্যোগত যোৱা ১৪ আৰু ১৫ এপ্ৰিলত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পানাৰা আঞ্চলিক ৰঙালী বিহুৰ সোণালী জয়ন্তী উদযাপন কৰা হয়। ১৯৭০ চনৰে পৰাই প্ৰথম অৱস্থাত পানাৰা শিল্পী সংঘ আৰু বৰ্তমান উদিত সূৰুয সংঘৰ উদ্যোগত অনুষ্ঠিত এই বিহুৱে অঞ্চলটোত সাহিত্য, সংস্কৃতি আৰু সমাজ গঠনত উল্লেখনীয় অৱদান আগবঢ়াই আহিছে। ঐতিহ্যমণ্ডিত এই বিহুখনৰ পঞ্চাশ বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে অঞ্চলটোৰ ৰাইজৰ অংশগ্ৰহণেৰে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়।

প্ৰথম দিনৰ কাৰ্যসূচীৰ শুভাৰম্ভণি সংঘৰ পতাকা উত্তোলনেৰে কৰা হয় আৰু সোণালী জয়ন্তীৰ লগত সংগতি ৰাখি বিভিন্ন বিশিষ্ট ব্যক্তিৰ উপস্থিতিত পঞ্চাশখন বিহু পতাকা উত্তোলন কৰা হয়। এই অনুষ্ঠানৰ অন্যতম বিশেষ আকৰ্ষণ হিচাপে জ্যেষ্ঠ চিকিৎসক তথা নেমকেয়াৰ হাস্পতালৰ পৰিচালন সঞ্চালক ডাঃ হিতেশ বৰুৱাক শিক্ষক তথা সমাজসেৱক ‘অক্ষয় চৰণ দত্ত সোঁৱৰণী আজীৱন সমাজসেৱক বঁটা’ৰে সন্মানিত কৰা হয়। অশোক কুমাৰ দত্তৰ পৰিচালনাৰে নিৰ্মিত সোণালী জয়ন্তী উদযাপনৰ মূল সংগীতটো মুকলি কৰাৰ লগতে বঁটা গ্ৰহণ কৰি ডাঃ হিতেশ বৰুৱাই এক ধন্যবাদমূলক বাৰ্তা প্ৰদান কৰে। তেওঁ উল্লেখ কৰে যে পানাৰাৰ দৰে সংস্কৃতি সমৃদ্ধ স্থানত সোণালী জয়ন্তী উদযাপনত অংশগ্ৰহণ কৰি তেওঁ অতিশয় আপ্লুত। এনে উদ্যোগে সমাজত পৰম্পৰা, সংস্কৃতি আৰু সমাজসেৱাৰ মানসিকতা আগবঢ়াই নিয়াত গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰে বুলি মন্তব্য কৰি তেওঁ এই সন্মানৰ বাবে আয়োজকসকললৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে।

Apply Now

অনুষ্ঠানৰ অংশ হিচাপে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই আয়োজন কৰা সদৌ অসম ভিত্তিক ‘জুবিন গাৰ্গৰ সংগীত প্ৰতিযোগিতা’ত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অৰ্ধ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। আনহাতে, দ্বিতীয় দিনা অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতিক প্ৰতিফলিত কৰা এক বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়, য’ত প্ৰায় দুশতাধিক লোকে অংশগ্ৰহণ কৰে। এই দুদিনীয়া কাৰ্যসূচীত বিশিষ্ট অভিনেতা প্ৰণৱ দত্তকে প্ৰমুখ্য কৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

সোণালী জয়ন্তী উদযাপনৰ লগত সংগতি ৰাখি বিশিষ্ট চলচ্চিত্ৰ পৰিচালক প্ৰণৱ ভৰালীয়ে ‘প্ৰভাতী পানাৰা’ শীৰ্ষক এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰে। সন্ধিয়াৰ ভাগলৈ বিশিষ্ট অভিনেতা হিৰণ্য ডেকাই সাংস্কৃতিক মঞ্চ উদ্বোধন কৰাৰ পিছতে অসমৰ লোক সংস্কৃতিৰ বিভিন্ন দিশ সাঙুৰি ‘একতাৰ সুৰ’ নামৰ অৰ্কেষ্ট্ৰা দলে এক সুন্দৰ অনুষ্ঠান পৰিৱেশন কৰে। সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণৰূপে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নেকিবৰ উপস্থিতিয়ে দৰ্শকক মন্ত্ৰমুগ্ধ কৰে। অনুষ্ঠানৰ অন্তত সোণালী জয়ন্তী উদযাপন সমিতিৰ সম্পাদক অপূৰ্ব দত্ত আৰু ৰাহুল দত্তই কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাকে ধৰি বিহু উদযাপনত সহায়-সহযোগিতা আগবঢ়োৱা সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মাত্ৰ ২২৫০ টকাৰ বাবে লক্ষ্ণৌত নিৰ্মম হত্যাকাণ্ড; সুৰাসক্ত বন্ধুক বিদ্যুৎস্পৃষ্ট কৰি হত্যা যুৱকৰ

মাত্ৰ ২২৫০ টকাৰ বাবে লক্ষ্ণৌত নিৰ্মম হত্যাকাণ্ড; সুৰাসক্ত বন্ধুক বিদ্যুৎস্পৃষ্ট কৰি হত্যা যুৱকৰ

October 4, 2026 9:30 pm
নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

October 4, 2026 8:18 pm
মহানগৰীত এতিয়াৰে পৰা নাথাকিব পঢ়াৰ স্থানৰ অভাৱ! প্ৰতিটো ৱাৰ্ডতে হ’ব একোটাকৈ নতুন লাইব্ৰেৰী

মহানগৰীত এতিয়াৰে পৰা নাথাকিব পঢ়াৰ স্থানৰ অভাৱ! প্ৰতিটো ৱাৰ্ডতে হ’ব একোটাকৈ নতুন লাইব্ৰেৰী

October 4, 2026 7:04 pm
ভৱিষ্যতে মাতৃ হোৱাৰ কথা ভাবিছে নেকি? ‘ডিম্বাণু সংৰক্ষণ’ৰ ক্ষেত্ৰত এতিয়া সঠিক তথ্য দিব কৃত্ৰিম বুদ্ধিমত্তাই

ভৱিষ্যতে মাতৃ হোৱাৰ কথা ভাবিছে নেকি? ‘ডিম্বাণু সংৰক্ষণ’ৰ ক্ষেত্ৰত এতিয়া সঠিক তথ্য দিব কৃত্ৰিম বুদ্ধিমত্তাই

October 4, 2026 6:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মাত্ৰ ২২৫০ টকাৰ বাবে লক্ষ্ণৌত নিৰ্মম হত্যাকাণ্ড; সুৰাসক্ত বন্ধুক বিদ্যুৎস্পৃষ্ট কৰি হত্যা যুৱকৰ

মাত্ৰ ২২৫০ টকাৰ বাবে লক্ষ্ণৌত নিৰ্মম হত্যাকাণ্ড; সুৰাসক্ত বন্ধুক বিদ্যুৎস্পৃষ্ট কৰি হত্যা যুৱকৰ

October 4, 2026 9:30 pm
নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

October 4, 2026 8:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd