NORTHEAST NOW (Assamese)

বোকাখাতত অতুল বৰাৰ দৰ্পচূৰ্ণ কৰিলে বিজেপিয়ে; কিমান ভোট পালে গঁড় চিকাৰীয়ে?

December 13, 2018 11:11 am · উত্তম শইকীয়া

ৰাজ্যৰ প্ৰধান আঞ্চলিক দল অসম গণ পৰিষদক শোচনীয়ভাৱে পৰাস্ত কৰি খোদ দলটোৰ সভাপতি অতুল বৰাৰ গৃহ সমষ্টি বোকাখাতত পঞ্চায়ত নিৰ্বাচনত বিজেপিয়ে অভূতপূৰ্ব সফলতা লাভ কৰিবলৈ সক্ষম হৈছে।

উল্লেখযোগ্য যে মহকুমাটোৰ ৪খন জিলা পৰিষদৰ আটাইকেইখন আসনেই বিজেপিৰ দখললৈ গৈছে ৷ অগপৰ সভাপতি অতুল বৰাৰ দৰ্পচূৰ্ণ কৰি বিজেপিয়ে মহকুমাটোৰ ২০খন গাওঁ পঞ্চায়তৰ ১২খন সভাপতিৰ আসন, ১৬খন আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ আসন আৰু ১০০খন ৱাৰ্ড সদস্য পদৰ আসন দখল কৰে।

ইয়াৰ বিপৰীতে অগপই ৭খন সভাপতিৰ আসন, ৩খন আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ আসন আৰু ৭০খন ৱাৰ্ড সদস্য পদৰ আসন দখল কৰিবলৈ সক্ষম হয়। আনহাতে মহকুমাটোত কংগ্ৰেছে শোচনীয়ভাৱে মাত্ৰ ১খন পঞ্চায়তৰ সভাপতিৰ আসন, ১খন আঞ্চলিক সদস্যৰ আসন আৰু ২৮ খন ৱাৰ্ড সদস্যৰ পদ লাভ কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত অগপই প্ৰাৰ্থীত্ব প্ৰদান কৰা মৰিধনশিৰি গাওঁ পঞ্চায়তৰ সভাপতি পদৰ প্ৰাৰ্থী কাজিৰঙাৰ গঁড় হত্যাত একাধিকবাৰ অভিযুক্ত গনেশ দলে বিজেপিৰ প্ৰাৰ্থী ভাইটি দলেৰ হাতত তিনি শতাধিক ভোটৰ ব্যৱধানত পৰাস্ত হয়।

১২ ডিচেম্বৰৰ পুৱাৰ পৰা আৰম্ভ হোৱা এই ভোট গণনা শান্তিপূৰ্ণভাৱে চলি আজি পুৱা ৭ বজাত সামৰণি পৰে।

Related News