• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৃষ্ণাইত বিজেপিৰ দিশে ধাৱমান হৈছে সংখ্যালঘু ভোটাৰ, শংকিত বিৰোধী শিৱিৰ

নীলমণি শৰ্মা by নীলমণি শৰ্মা
November 27, 2018 7:30 am
IMG_20181126_104445

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ আন আন অঞ্চল সমূহৰ দৰে গোৱালপাৰাতো ক্ৰমাত বৃদ্ধি পাইছে ৰাজনৈতিক দলসমূহৰ মাজত ব্যস্ততা। পঞ্চায়ত সমূহ নিজৰ দখলত আনিবৰ বাবে জিলাখনৰ কৃষ্ণাইত একাংশ নিৰ্দলীয় প্ৰাৰ্থীৰ লগতে অন্যান্য প্ৰধান ৰাজনৈতিক দলসমূহে এতিয়া চলাইছে ঘৰে ঘৰে প্ৰচাৰ।

নিৰ্বাচনী প্ৰচাৰে গোৱালপাৰা জিলাৰ দুধনৈ বিধান সভা সমষ্টিৰ কৃষ্ণাই গাঁও পঞ্চায়তৰ বতাহ গৰম কৰি তুলিছে। কৃষ্ণাই গাঁও পঞ্চায়তৰ সভাপতি পদৰ বাবে এই বেলি শাসকীয় বিজেপি দলৰ উপৰি তিনি গৰাকীকৈ নিৰ্দলীয় প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। ছাহাবুল হক (বিজেপি), শ্বাহ আলম (কংগ্ৰেছ), শ্যামল মিত্ৰ (নিৰ্দলীয়), ৰামিছ ৰাজা (নিৰ্দলীয়) আৰু আউৱাল পাৰমানিক (নিৰ্দলীয়) হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

Apply Now

প্ৰত্যেক গৰাকী প্ৰাৰ্থীয়ে নিজৰ নিজৰ সমৰ্থনত প্ৰচাৰ চলোৱাত ব্যস্ত যদিও কৃষ্ণাই গাঁও পঞ্চায়তত সঘনাই নিৰ্বাচনী পেক্ষাপট সলনি হ’বলৈ ধৰিছে। টিকট কেন্দ্ৰিক সংঘাতে জুৰুলা কৰা কংগ্ৰেছ দলৰ দুগৰাকীকৈ প্ৰাৰ্থীয়ে নিৰ্দলীয় হিচাবে মনোনয়নপত্ৰ দাখিল কৰাত দলটো এই বেলি কৃষ্ণাই গাওঁ পঞ্চায়তত বিপৰ্যয়ৰ সন্মুখিন হোৱাটো স্বাভাৱিক বুলি একাংশ সচেতন লোকে মুকলিকৈ মতপোষণ কৰিছে ৷

ইফালে পঞ্চায়ত খনৰ বৃহৎ সংখ্যক সংখ্যালঘু ভোটাৰে বিজেপিৰ পক্ষত থিয় দিয়া ঘটনাই দলটোক উৎসাহিত কৰি তুলিছে। উল্লেখ্য যে প্ৰথম বাৰৰ বাবে বিজেপি দলে অঞ্চলটোত সংখ্যালঘু নেতা ছাহাবুল হকক দলীয় প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। ইতিমধ্যেই বিজেপি দলটোৰ সদস্য সকলে দলে বলে প্ৰচাৰ অভিযানত নামি পৰিছে ৷

গাঁও পঞ্চায়ত খনৰ সভাপতিৰ পদৰ আন এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী শ্যামল মিত্ৰও কংগ্ৰেছৰ বিসম্বাদৰ সুবিধা গ্ৰহণ কৰি অঞ্চলটোত প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে।

উল্লেখ্য যে কৃষ্ণাই পঞ্চায়ত নিৰ্বাচনৰ মুল যুঁজখন শাসকীয় বিজেপি দলৰ প্ৰাৰ্থী ছাহাবুল হক আৰু নিৰ্দলীয় প্ৰাৰ্থী শ্যামল মিত্ৰৰ মাজত হ’ব বুলি অঞ্চলটোৰ ৰাজনৈতিক বিশ্লেষক সকলে অনুমান কৰিছে।

ইফালে বিজেপি প্ৰাৰ্থী গৰাকীয়ে সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত বিজেপি দলত কোনো বিসম্বাদ নাই বুলি উল্লেখ কৰি হিন্দু-মুছলমান উভয়ৰে সহযোগিতাত নিৰ্বাচনী বৈতৰণী পাৰ কৰাৰ বাবে টঙালি বন্ধা বুলি উল্লেখ কৰে।

আনহাতে গোৱালপাৰা পূব বিধান সভা সমষ্টিৰ অন্তৰ্গত মাণিকপুৰ-ভেলাখামাৰ গাঁও পঞ্চায়ততো তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ। সমষ্টিটোত এই বাৰ অগপ আৰু কংগেছ দলে পঞ্চায়ত দখলৰ যুঁজত নামি পৰিছে। প্ৰথম বাৰৰ বাবে অগপ দলে আঞ্জুৱাৰা বেগম (সভানেত্ৰী), তুহিন ৰহমান (কাউন্সিলাৰ) আৰু বদাহপুৰ জিলা পৰিষদৰ সদস্য পদত মজুৰুল ইছলামক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে৷

নীলমণি শৰ্মা

নীলমণি শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd