DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

কোভিড-১৯ পজিটিভ যুৱকক লৈ সোণাৰিত আতংক; ছীল কৰি দিয়া হ’ল নাগালেণ্ড সীমান্ত

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
May 22, 2020 3:28 pm
670
VIEWS
Share on FacebookShare on Twitter

বহিঃ ৰাজ্যৰ পৰা আহি হোম কুৱাৰেণ্টাইনত থকা এজন যুৱকৰ শৰীৰত ক’ৰণা ভাইৰাছ ধৰা পৰাত আকংকময় পৰিৱেশ সৃষ্টি হৈছে চৰাইডেউ জিলাৰ সোণাৰি বাঁহবাৰী পথাৰ গাঁৱত।

ভাস্কৰ লাহন নামৰ ২৯ বছৰীয়া যুৱকজনে পৰিয়ালসহ যোৱা ১৯ মেত গুৰগাঁৱৰ পৰা অসমলৈ  আহিছি।

পত্নী আৰু এবছৰীয়া শিশুৰ সৈতে অহা যুৱকজনক এটা দিন সোণাৰি মহাবিদ্যালয় কুৱাৰেণ্টাইন শিবিৰত ৰখাৰ পিছত হোম কুৱাৰেন্টাইত থাকিবলৈ ঘৰলৈ পঠাই দিয়া হৈছিল।

আনহাতে ঘৰত থকা অৱস্থাত যুৱকজনৰ সংস্পৰ্শলৈ আহিছিল দেউতাক আৰু বৰদেউতাকৰ পুতেক।

দেউতাকে গাঁৱত বহু ব্যক্তিৰ সংস্পৰ্শলৈ অহাৰ লগতে বৰদেউতাকৰ পুতেকে সোণাৰী টাউনত ঘূৰি ফুৰা বুলি জানিব পৰা গৈছে।

বৃহস্পতিবাৰে ভাস্কৰ লাহনৰ দেহত কোভিড পজিটিভ পোৱাত এতিয়া আতংকিত হৈ পৰিছে গাঁৱৰ ৰাইজ।

বৰ্তমান গাওঁখন কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰিছে প্ৰশাসনে। গাঁওখনত মুঠ ৮ঘৰ মানুহ আছে।

আনহাতে চৰাইদেউ জিলা প্ৰশাসনে বহিঃ ৰাজ্যৰ পৰা অহা যুৱকক কিয় কুৱাৰেণ্টাইন শিৱিৰত নাৰাখি  ঘৰত হোম কুৱাৰেণ্টাইৰ বাবে পঠাই দিয়ে তাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সোণাৰিত।

বৰ্তমান ভাস্কৰ লাহনক ডিব্ৰুগড় কুৱাৰেণ্টাইন চেন্টাৰলৈ প্ৰেৰণ কৰা হৈছে।

জানিব পৰা মতে গুৰগাঁৱৰ পৰা ভাস্কৰ লাহন আৰু মাইবেলাৰ আন এটা পৰিয়াল বাছ যোগে প্ৰথমে তেজপুৰলৈ আহিছিল, তেজপুৰৰ পৰা দুখন বেলেগ বাহনত দুয়োটা পৰিয়াল সেণাৰিলৈ আহে।

ইপিনে সোণাৰিত কভিড-১৯ পজিটিভ ওলোৱাৰ পিছতে নাগালেণ্ডৰ মন জিলা প্ৰশাসনে সোণাৰি-নাগালেণ্ড সীমান্ত সম্পূৰ্ণ ৰূপে ছীল কৰি দিছে।

Recent News

হাতত মিঠাতেলৰ বটল, সন্মুখত গেছ চিলিণ্ডাৰ লৈ অভিনৱ প্ৰতিবাদ অসম প্ৰদেশ কংগ্ৰেছৰ

হাতত মিঠাতেলৰ বটল, সন্মুখত গেছ চিলিণ্ডাৰ লৈ অভিনৱ প্ৰতিবাদ অসম প্ৰদেশ কংগ্ৰেছৰ

MS Dhoni Birhday

শুভ জন্মদিন কেপ্তেইন কুল

bhagwant mann marriage

জীৱনৰ আন এক ইনিংছ আৰম্ভ কৰিলে ভগৱন্ত মানে: বিয়াত বহিল পঞ্জাৱৰ মুখ্যমন্ত্ৰী

Boris Johnson Resigns

কেলেংকাৰীৰ অভিযোগে কাঢ়িলে চকী: ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ পদত্যাগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd