• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অন্ধ্ৰৰ নিৰ্বাচনত মাজনিশা ৬ ছেকেণ্ডৰ ব্যৱধানত ১৭ লাখ ভোটদান; বিস্ফোৰক অভিযোগ পৰকলা প্ৰভাকৰৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
May 21, 2026 11:38 am
76
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

একেজন ব্যক্তি। কিন্তু বিভিন্ন এপিক নম্বৰত নাম আছে বংগ আৰু বিহাৰৰ ভোটাৰ তালিকাত। তৃণমূল কংগ্ৰেছে ২৪ ঘন্টা পূৰ্বে এনে কেইবাজনো ‘সন্দেহজনক ভোটাৰ’ক লৈ অভিযোগ উত্থাপন কৰিছিল। ইয়াৰ পূৰ্বে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বিজেপি আৰু নিৰ্বাচন আয়োগৰ বিৰুদ্ধে এনে ‘ভোট চুৰি’ৰ বিৰুদ্ধে সৰৱ হৈছিল। এইবাৰ পাঁচখন ৰাজ্যৰ নিৰ্বাচনৰ ঠিক পূৰ্বে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ স্বামী অৰ্থনীতিবিদ পৰকলা প্ৰভাকৰে উত্থাপন কৰিছে বিস্ফোৰক অভিযোগ।

দুদিন পূৰ্বে দিল্লীত এখন সংবাদমেলত তেওঁ অভিযোগ কৰিছে যে ২০২৪ চনৰ অন্ধ্ৰপ্ৰদেশ বিধানসভা নিৰ্বাচনত মাজনিশাৰ পিছত প্ৰায় ১৭ লাখ ভোট ৰকেট গতিৰে নথিভুক্ত হৈছিল। প্ৰতিটো ভোটৰ বাবে মাত্ৰ ৬ ছেকেণ্ড সময় লাগিছিল! কি ‘যাদু’ৰ দ্বাৰা সেয়া সম্ভৱ হৈছিল?

Apply Now

প্ৰসংগক্ৰমে দুবছৰ পূৰ্বে অন্ধ্ৰপ্ৰদেশৰ বিধানসভা নিৰ্বাচনত চন্দ্ৰবাবু নাইডুৰ টিডিপি নেতৃত্বাধীন এনডিএ শিবিৰে বৃহৎ জয়লাভ কৰিছিল। ১৭৫খন বিধানসভাৰ আসনৰ ভিতৰত ১৬৪খন আসনত জয়লাভ কৰে। কেন্দ্ৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বৰ্তমানৰ চৰকাৰখন বৰ্তি থকা দুটা ‘স্তম্ভ’ৰ ভিতৰত এটা চন্দ্ৰবাবু।

কিন্তু চন্দ্ৰবাবুৰ ৰাজ্যত বিধানসভা নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত নিৰ্মলা সীতাৰমনৰ স্বামীয়ে উত্থাপন কৰা অভিযোগক গুৰুত্বসহকাৰে ল’বলৈ অনিচ্ছুক নিৰ্বাচন আয়োগ। কিন্তু স্বচ্ছতাৰ সন্দৰ্ভত প্ৰশ্ন উত্থাপন হোৱাত সমগ্ৰ দেশতে নিৰ্বাচনৰ ফলাফলৰ ‘অডিট’ৰ দাবী জনাইছে প্ৰাক্তন মুখ্য নিৰ্বাচন আয়ুক্ত এছ ৱাই কুৰেশ্বীয়ে। জ্যেষ্ঠ অধিবক্তা প্ৰশান্ত ভূষনে বুথসমূহত ভোটদানৰ অভিলেখ থকা ১৭চি প্ৰ-পত্ৰ ৰাজহুৱা কৰাৰ লগতে স্বচ্ছতা নিশ্চিত কৰাৰ বাবে ভিভিপিএট স্লিপ গণনা বাধ্যতামূলক কৰিবলৈ দাবী জনাইছে।

অন্ধ্ৰ নিৰ্বাচন সন্দৰ্ভত প্ৰভাকৰৰ অভিযোগ হ’ল ৰাজ্যৰ ৩৫০০ বুথত বিয়লি ৫ বজালৈ নহয়, নিশা ২ বজালৈকে ভোটদান চলিছিল। নিশা ১১:৪৫ বজাৰ পৰা নিশা ২ বজালৈ মুঠ ভোটৰ প্ৰায় ৪.১৬ শতাংশ ভোটদান হৈছিল। নিশা ৮ বজাৰ পৰা নিশা ২ বজালৈ ৫২ লাখ ভোটৰ ৰেকৰ্ড হৈছে। ইয়াৰে মাজনিশাৰ পিছত ১৭ লাখৰো অধিক ভোট।

আটাইতকৈ আমোদজনক কথাটো হ’ল মাজনিশাৰ পিছত দুটা ভোটৰ মাজত ব্যৱধান আছিল ২০ ছেকেণ্ডৰ। কিন্তু ভোটিং মেচিনটো ৰিষ্টাৰ্ট হ’বলৈকেই ১৪ ছেকেণ্ড সময় লাগে। অৰ্থাৎ প্ৰতিটো ভোটদানত সময় লাগিছে মাত্ৰ ৬ ছেকেণ্ড। ভোটদাতাই মাত্ৰ ৬ ছেকেণ্ডতে ভোটকেন্দ্ৰত প্ৰৱেশ কৰি ভোটদান কৰি ওলাই অহা সম্ভৱনে? নিশা ৮ বজাৰ পিছত নিশ্চিতভাৱে ‘অস্বাভাৱিক’ কিবা এটা ঘটিছিল।

২০২৪ চনৰ ১৩ মে’ত সন্ধিয়া ৫ বজাত ভোটদান সমাপ্ত হোৱাৰ পিছত অন্ধ্ৰ প্ৰদেশৰ মুখ্য নিৰ্বাচনী বিষয়াই ভোটদানৰ হাৰ ৬৮.০৪ শতাংশ বুলি কৈছিল। নিশা ৮ বজাত ইয়াক ৬৮.১২ শতাংশলৈ আপডেট কৰা হয়। নিশা ১১:৪৫ বজাত আয়োগে ৭৬.৫০ শতাংশ ভোটদান হোৱা বুলি জানিবলৈ দিয়ে। চাৰিদিন পিছত পুনৰ কয় যে চূড়ান্ত ভোটাৰৰ হাৰ ৮১.৭৯ শতাংশ।

অৱশ্যে এই ‘অসামঞ্জস্য’ৰ সন্দৰ্ভত আয়োগৰ সূত্ৰই কয় যে অন্ধ্ৰৰ কোনো প্ৰাৰ্থীয়ে কোনো অভিযোগ উত্থাপন কৰা নাই। আদালতলৈ যোৱাৰ পথো মুকলি আছিল। কিন্তু ফলাফল ঘোষণা হোৱাৰ দুবছৰৰ পাছত এনে অভিযোগ উত্থাপন কৰাটো ‘অসাংবিধানিক’।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অৰ্কিড পাৰ্কৰ নামত কৰ ফাকি: শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে তদন্তৰ অনুমতি বিচাৰিলে চৰকাৰে

July 16, 2026 9:00 am
ইংলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনা; 

ইংলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনা; 

July 16, 2026 7:53 am
দিনটোত ২-৩ লিটাৰ পানী খাইছে নেকি? পানী খোৱাৰ সঠিক সময় আৰু নিয়ম নাজানিলে হ’ব পাৰে বিপদ!

দিনটোত ২-৩ লিটাৰ পানী খাইছে নেকি? পানী খোৱাৰ সঠিক সময় আৰু নিয়ম নাজানিলে হ’ব পাৰে বিপদ!

July 16, 2026 6:50 am
‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

July 15, 2026 9:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰ্কিড পাৰ্কৰ নামত কৰ ফাকি: শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে তদন্তৰ অনুমতি বিচাৰিলে চৰকাৰে

July 16, 2026 9:00 am
ইংলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনা; 

ইংলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনা; 

July 16, 2026 7:53 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd