চলিত ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ মাজতে ১ মাৰ্চত ইউক্ৰেইনৰ খাৰকিভত ৰাছিয়ান সেনাৰ গুলীবৰ্ষণত নিহত হোৱা ভাৰতীয় ছাত্ৰ নবীন শেকাৰাপ্পা জ্ঞানগৌদাৰৰ মৃতদেহ আজি স্বগৃহত উপস্থিত হয়।
নবীনৰ মৃতদেহ কঢ়িয়াই অনা বিমানখন পুৱা প্ৰায় ৩ বজাত বেংগালুৰু বিমানবন্দৰত অৱতৰণ কৰে।
ছাত্ৰ গৰাকীৰ পৰিয়ালৰ সদস্য সকলৰ লগতে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসবৰাজ বোম্মাই বিমানবন্দৰত উপস্থিত থাকে।
পৰিয়ালৰ সদস্যসকলে নবীনক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছতে মুখ্যমন্ত্ৰীয়ে শৰীৰত ছাত্ৰ গৰাকীৰ নশ্বৰ দেহত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে।
বিমানবন্দৰৰ পৰা ছাত্ৰজনৰ মৃতদেহ কৰ্ণাটকৰ হাভেৰী জিলাৰ জন্মভূমি গাঁৱলৈ লৈ যোৱাৰ পিছতে লোকে লোকাৰণ্য হৈ পৰা নবীনৰ স্বগৃহত গাঁওবাসীয়ে তেওঁলৈ শেষ শ্ৰদ্ধাৰ্ঘ্য আগবঢ়ায়।
ইতিমধ্যে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসবৰাজ বোম্মায়ে নবীন শেখৰাপ্পাৰ পৰিয়ালক ২৫ লাখ টকাৰ চেক প্ৰদান কৰাৰ লগতে পৰিয়ালৰ এজন সদস্যক চৰকাৰী চাকৰিত নিযুক্তিৰ প্ৰতিশ্ৰুতি দিছে।
আনহাতে নিহত ছাত্ৰজনৰ পৰিয়ালৰ সদস্যসকলে চিকিৎসা গৱেষণাৰ বাবে তেওঁলোকৰ পুত্ৰৰ শৰীৰ দান কৰাৰ সিদ্ধান্ত লৈছে।
“মোৰ পুত্ৰই চিকিৎসা ক্ষেত্ৰত কিবা এটা প্ৰাপ্ত কৰিব বিচাৰিছিল। কিন্তু সেয়া সম্ভৱ নহ’ল। অন্ততঃ তেওঁৰ শৰীৰটো আন চিকিৎসা বিদ্যাৰ্থীসকলে অধ্যয়নৰ বাবে ব্যৱহাৰ কৰিব পাৰে। সেয়েহে, আমি চিকিৎসা গৱেষণাৰ বাবে তেওঁৰ শৰীৰ দান কৰাৰ সিদ্ধান্ত লৈছো।” নবীনৰ পিতৃয়ে কয়।
উল্লেখ্য যে খাৰকিভ চিকিৎসা বিশ্ববিদ্যালয়ৰ অন্তিম বৰ্ষৰ চিকিৎসা বিদ্যাৰ্থী নবীন শেকাৰাপ্পা জ্ঞানগৌদাৰ ১ মাৰ্চত ইউক্ৰেইনত হোৱা ৰাছিয়ান সেনাৰ গুলীবৰ্ষণ আক্ৰমণত মৃত্যু হৈছিল।
খাদ্য আৰু পানী সংগ্ৰহৰ বাবে বাংকাৰৰ পৰা ওলাই অহাৰ সময়তে নবীন নামৰ এই ছাত্ৰজন নিহত হৈছিল।